নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি আলি আঃয়ে লৃগাং

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ চঞ্চলা ফাগুণ আহিলেই পলাশ, মদাৰ আৰু শিমলু ফুলে আকাশ ৰাঙলী কৰাৰ সমান্তৰালকৈ উৎফুল্ল হৈ পৰে মিচিং জনগোষ্ঠীৰ লোকসকল । কিয়নো মিচিংসকলে  ফাগুণতে উদযাপন কৰে কৃষিভিত্তিক উৎসৱ হেঁপাহৰ আলি আঃয়ে লৃগাং । আজি ফাগুনৰ প্রথম বুধবাৰ ৷ ফাগুন মাহৰ প্রথমটো বুধবাৰে মিচিংসকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে ‘আলি আঃয়ে লৃগাং’৷ অসমৰ ২,৭৫১খন মিচিং গাঁৱত উলহ মালহেৰে উদ্যাপন কৰা হ’ব ‘আলি আঃয়ে লৃগাং’৷ উদযাপন সমিতিসমূহে ‘আলি আঃয়ে লৃগাং’ৰ মাহজোৰা প্রস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে ৷ মিচিং কনেং–য়ামেং (জীয়ৰী–বোৱাৰী)সকলৰ ৰিঃবিগাচেং, কেবৰেগ, এগে–গাচৰ আৰু য়ামে (ডেকা)সকলৰ মিবুগালুক, গনৰ উগন, দুমেৰ আদি মিচিং পৰম্পৰাগত সাজ–পোছাক তৈয়াৰ কৰি লৃগাঙত গুমৰাগ নৃত্যৰ বাবে সাজু হৈছে সকলো ৷

লৃগাঙত প্রয়োজনীয় পঃৰ আপং (ছাই মদ), পুৰাং আপিন (তৰাপাতত দিয়া ভাত), পিঃৰ (খাগৰি), আলু, কচু, আহু ধানৰ কঠীয়া আদি সংগ্রহ কৰা কার্যও ইতিমধ্যে সমাপন কৰিছে ৷ আজি লৃগাঙৰ দিনা পুৱা নির্বাচিত মিগম (মূল ব্যক্তি) আৰু মিগমৰ পত্নীক ঘৰৰ পৰা ঢ়োলে–ডগৰে লৃগাং উদ্যাপন স্থানলৈ আদৰি আনি মিগম আৰু মিগমনীৰ দ্বাৰা গুমৰাগ নৃত্য–গীতৰ মাজেৰে লৃগাঙৰ মূল কার্য ‘লৃগগদ’ (গুটি সিঁচা কার্য) সম্পাদন কৰিব ৷ ‘লৃগগদ’ত মিচিংসকলৰ পূজ্য দেৱতা দঃঞি–পঃল (সূর্য–চন্দ্র)ক কৃষক তথা দেশ–জাতিৰ মংগল কামনা কৰি সকলোৱে প্রার্থনা জনাব৷ মূল কার্য সম্পন্ন হোৱাৰ পিছতে বিভিন্ন কলা–কৃষ্টি প্রদর্শন, গুমৰাগ নৃত্য, ঢ়োল–পেঁপা, বাঁহী, ঐনিতমৰ ছন্দত মুখৰ হৈ পৰিব মিচিং জনগোষ্ঠীয় গাঁওসমূহৰ আকাশ–বতাহ৷ উল্লেখ্য যে নগৰ–চহৰত বাস কৰা মিচিং লোকসকলেও নিজ নিজ এলেকাত পালন কৰিব ‘আলি আই লৃগাং’৷

You might also like