নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদৰ্শ বিসৰ্জনেৰে ৰাজ্যসভা নিৰ্বাচনত সাপ-নেউলৰ মিত্ৰতা

নিয়মীয়া বার্তা, ৩ মার্চঃ সকলো নীতি-আদৰ্শ আৰু পূৰ্বৰ মতবিৰোধ জলাঞ্জলি দি এইবাৰ একেটা ঘাটতে পানী খাবলৈ সাজু হৈছে কংগ্ৰেছ আৰুএ আই ইউ ডি এফ দল । সৌ সিদিনালৈকে বিজেপিৰ দৰে এ আই ইউ ডি এফ দলকো সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি অহা কংগ্ৰেছে এইবাৰ বদৰুদ্দিন আজমলৰ কান্ধত কান্ধ মিলাই ৰাজ্যসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে ।

প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে প্রকাশ্যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰি তৃতীয়খন আসন দখলৰ পৰিকল্পনা গ্রহণ কৰিছে৷ সেইদৰে এ আই ইউ ডি এফৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমী, বিধায়ক আমিনুল ইছলাম, ৰফিকুল ইছলাম আদিয়েও কংগ্রেছৰে মিলি ৰাজ্যসভাৰ তৃতীয়খন আসনত উমৈহতীয়া প্রার্থী থিয় কৰোৱাত গুৰুত্ব দিছে৷ দুয়োটা দলৰ সূত্রই জানিবলৈ দিয়া মতে, দুই–এদিনতে প্রদেশ কংগ্রেছৰ নেতৃত্বই এ আই ইউ ডি এফৰ সভাপতি আজমলৰ সৈতে এই সম্পর্কত বৈঠকত মিলিত হ’ব৷ নতুন দিল্লীতো কংগ্রেছ হাইকমাণ্ডে এই সম্পর্কত আজমলৰে বৈঠকত মিলিত হ’ব৷ মুঠতে দুয়োটা দলৰ মিত্রতা ইতিমধ্যে চূড়ান্ত হৈছে৷ কেৱল আনুষ্ঠানিকতাহে বাকী৷

জানিব পৰা মতে, ৰাজ্যসভাৰ তৃতীয়খন আসনৰ প্রার্থী বাছনিৰ ক্ষেত্রত কংগ্রেছ আৰু এ আই ইউ ডি এফ উভয়ে ‘কা’বিৰোধী আন্দোলনৰ সুবিধা গ্রহণ কৰিব বিচাৰিছে৷ উমৈহতীয়া প্রার্থীগৰাকীৰ ক্ষেত্রত ‘কা’বিৰোধী আন্দোলনৰ সৈতে জড়িত ব্যক্তি হোৱাটো বিচাৰিছে বিৰোধী শিবিৰে৷ সেই অনুসৰি উভয়ে তেনে প্রার্থীৰ সন্ধান অব্যাহত ৰাখিছে৷

You might also like