আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত চর্চিত ‘আমিষ’ আজি ছবিগৃহলৈ
গুৱাহাটী, ২২ নৱেম্বৰঃ এটি সুন্দৰ প্রেম কাহিনীক আধাৰ হিচাপে লৈ বলীউদৰ জনপ্রিয় প্রযোজক–পৰিচালক অনুৰাগ কাশ্যপৰ দ্বাৰা নির্মিত ‘আমিষ’ ছবিখন শুকুৰবাৰে ৰাজ্যৰ কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰিব ৷ অনুৰাগ কাশ্যপৰ দ্বাৰা নির্মিত ছবিখনৰ কাহিনী চিত্রনাট্য হ’ল ‘কথা নদী’ৰ যোগেদি ২০১৬ চনত ৰাষ্ট্রীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ভাস্কৰ হাজৰিকাৰ ৷ শুকুৰবাৰে ৰাজ্যৰ লগতে ভাৰতৰ কেইবাটাও ছবিগৃহত মুক্তি পাব লগা আমিষত অভিনয় কৰিছে নৱাগতা শিল্পী লীমা দাস, অর্ঘদ্বীপ বৰুৱা, মিতালী দাস, সাগৰ সৌৰভ, মানস কুমাৰ দাস আদিয়ে ৷ ৱিছবেৰী ফিল্মছৰ বেনাৰত ছবিখনৰ প্রযোজনা হ’ল পুনং দেউল আৰু শ্যাম বৰাৰ ৷ উল্লেখ্য যে চলিত বর্ষৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্ক চহৰত অনুষ্ঠিত ত্রিবেকা চলচ্চিত্র মহোৎসৱত ছবিখনৰ ৱর্ল্ড প্রিমিয়াৰ সম্পন্ন কৰা হৈছিল ৷ সেই মহোৎসৱত ছবিখনে শ্রেষ্ঠ ছবিকে ধৰি মুঠ পাঁচটা বিষয়ত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল ৷

একেদৰেই অলপতে চিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱতো ‘আমিষ’ৰ হৈ শ্রেষ্ঠ নির্দেশক ভাস্কৰ হাজৰিকা, শ্রেষ্ঠা অভিনেত্রী হিচাপে লীমা দাসে দুটাকৈ পদক অর্জন কৰিবলৈ সক্ষম হৈছিল ৷ একেদৰেই মুম্বাই ছবি মহোৎসৱৰ লগতে মেলবর্ণ, চিকাগো আদিতো প্রদর্শিত ছবিখনে দর্শকৰ যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হয় ৷ ইতিমধ্যে নতুন অসমীয়া ছবি ‘আমিষ’ সন্দর্ভত বলীউডৰ প্রখ্যাত প্রযোজক–পৰিচালক অনুৰাগ কাশ্যপে ঘোষণা কৰিছে যে ‘আপোনালোকে ‘আমিষ’ৰ জৰিয়তে এখন অনন্য ছবি উপভোগ কৰিবলৈ সক্ষম হ’ব ৷ ছবিখনৰ জৰিয়তে উত্তৰ–পূব ভাৰতৰ এক নিটোপল কাহিনী উপস্থাপন কৰা হৈছে ৷ সেয়ে এটা সুন্দৰ প্রেমৰ কাহিনীৰ ভিত্তিত নির্মিত ছবিখন অসমৰ সর্বস্তৰৰ দর্শকক উপভোগ কৰিবলৈয়ো বলীউড প্রযোজক–পৰিচালক অনুৰাগ কাশ্যপে আহ্বান জনাইছে ৷ আনহাতে এই সন্দর্ভত মন্তব্য কৰি ভাস্কৰ হাজৰিকাই কয় –‘অনুৰাগ কাশ্যপৰ দ্বাৰা ছবিখন উপস্থাপন কৰিবলৈ পোৱাতো আমাৰ ইউনিটৰ সকলোৰে বাবে এক সৌভাগ্যৰ কথা ৷
