নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত মহিলা গোটৰ মাজত ‌‌‌‌‌‌‌‌‌‌খাদ্য সামগ্ৰী গুৰি কৰা মেচিন বিতৰণ ৰিণিকি ভূঞা শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ আজি ভোগালীৰ উৎসাহ উদ্দীপনাৰ মাজতে জালুকবাৰী সমষ্টিৰ ১০ টা মহিলা আত্মসহায়ক মণ্ডল গোটলৈ ১০ টা উন্নত মানৰ খাদ্য সামগ্ৰী গুৰি কৰিব পৰা মেচিন বিতৰণ কৰিলে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড ( Pride East entertainment private Ltd) নামৰ   প্ৰতিষ্ঠানটোৰ মূখ্য পৰিচালন সঞ্চালিকা ৰিনিকি ভূঞা শৰ্মাই   ।এই মেচিনত চাউল , হালধি ,জালুক- জিৰা , ধনীয়া ,জলকীয়াকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী কম সময় আৰু কম  খৰছত গুৰি কৰিব পৰা যাব ।অসম উদ্যান শস্য আৰু খাদ্য সংশোধন বিভাগৰ উদ্যোগত আয়োজিত এই মেচিন বিতৰণ কৰি ৰিণিকি ভূঞা শৰ্মাই কয় যে এই মেচিনৰ দ্বাৰা জালুকবাৰী সমষ্টিৰ বেজেৰা আৰু শুৱালকুছিৰ মহিলা আত্মসহায়ক  মণ্ডলৰ প্ৰায় ১৬ পৰা ২০ হাজাৰ মহিলা  উপকৃত হ’ৱ ।
বিনামূলীয়াকৈ বিতৰণ কৰা প্ৰতিটো মেচিনৰ মূল্য প্ৰায় ৫৫ হাজাৰ টকা । এই মেচিনৰ জৰিয়তে মহিলা গোটৰ মহিলা সকলে অৰ্থনৈতিক ভাবে স্বাবলম্বী  হ’ব পাৰিব বুলিও শ্ৰীমতী ভূঞা শৰ্মাই  উল্লেখ কৰে।
উক্ত মেচিন বিতৰণী অনুষ্ঠানত অসম উদ্যান শস্য আৰু খাদ্য সংশোধন বিভাগৰ সঞ্চালক ত্ৰিলিংগা ভাৰত বৰা,  কামৰূপ জিলাৰ মহকুমা কৃষি বিষয়া লক্ষী দত্ত আৰু ভাৰতীয় জনতা পাৰ্টীৰ কিষান মৰ্চাৰ  অসম ৰাজ্যিক সমিতিৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্যও উপস্থিত থাকে।

You might also like