নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ তীৰৰ ৰমৰমীয়া ব্যৱসায়ঃ দুই তীৰ ব্যৱসায়ী আটক

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰী : শোণিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ, লোক্ৰা অঞ্চলত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে জুৱা খেল আৰু অবৈধ তীৰ খেলৰ ব্যৱসায় । অঞ্চলটোৰ একাংশ দোকানীয়ে নিজৰ পাণ দোকান, গেলামাল দোকানত কমিচনৰ অংকত তীৰৰ মালিকপক্ষৰ হৈ তীৰৰ ব্যৱসায় চলাই অহাৰ অভিযোগ বিভিন্ন সময়ত সচেতন ৰাইজ, একাংশ দল-সংগঠনে কৰি আহিছে । অঞ্চলটোৰ বিভিন্ন স্থানত এনেদৰে তীৰ খেল চলি থকাৰ সময়তে আজি শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীয়ে বালিপৰাৰপৰা দুজনকৈ তীৰৰ ব্যৱসায়ীক ৰাইজৰ অভিযোগৰ ভিত্তিত আটক কৰিছে । আটকাধীন তীৰ ব্যৱসায়ী দুজন ক্ৰমে নিতাই ধৰ আৰু নাচিৰুদ্দিন আনচাৰী । লোক দুজনে নিজৰ দোকানতে মুকলিভাৱে তীৰ খেলৰ টিকট বিক্ৰী কৰি আহিছিল । লোক দুজনৰপৰা আৰক্ষীয়ে তীৰ খেলৰ টিকট আৰু খেলৰ তথ্য থকা দুটাকৈ মোবাইল আৰু নথিও জব্দ কৰিছে । উল্লেখ্য যে বালিপৰাত এতিয়াও একাংশ দোকানীয়ে বিশেষ মেনেজ কৰি নিজৰ দোকানত তীৰ খেলৰ টিকট বিক্ৰী কৰি আহিছে । সেইসকল লোককো আটক কৰিবলৈ লগতে তীৰ ব্যৱসায়ীসকলৰপৰা কমিচন লৈ অহা বুলি অভিযোগ থকা লোকসকলকো আটক কৰিবলৈ ৰাইজে দাবী জনাইছে ।

You might also like