নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্তমানৰ জনজাতিৰ বিৰোধিতাত স্থবিৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ

নিয়মীয়া বার্তা, ২ জানুৱাৰী: ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত বর্তমানৰ জনজাতিসকলৰ বিৰোধিতাৰ বাবে বিষয়টো নিষ্পত্তি কৰিব পৰা হোৱা নাই৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে মৰাণ আৰু মটক জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্রত বর্তমান জনজাতিসকলৰ আপত্তি নাই৷ সেই দুই জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্রত তেওঁলোকে সন্মতি দিছে৷ চুতীয়া জনগোষ্ঠীৰ ক্ষেত্রত কিছু অগ্রগতি হৈছে৷ চাহ জনগোষ্ঠীৰ ক্ষেত্রত ৭০ শতাংশ মানি লৈছে৷ আদিবাসীসকলৰ কিছু কিছু জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা দিয়াটো মানি লৈছে৷ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাটো মানিছে৷ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাক লৈ বর্তমানৰ জনজাতিসকলে কৰি অহা আপত্তিৰ পৰিপ্রেক্ষিতত চৰকাৰে অহা ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ প্রতিনিধি আৰু জনজাতি সমন্বয়ৰক্ষী কমিটীৰ মাজত মুখামুখি আলোচনাৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত গঠিত মন্ত্রীগোটে প্রতিবেদন প্রকাশ নকৰাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই প্রতিবেদন দিয়াৰ লগে লগে ৰাজ্যত ৰক্তাক্ত সংঘাত হ’ব৷ চৰকাৰে এনে প্রতিবেদন দিব লাগিব, যি প্রতিবেদনে ছয় জনগোষ্ঠীৰ লগতে বর্তমানৰ জনগোষ্ঠীসমূহৰ মাজত কোনো সংঘাত সৃষ্টি নকৰে৷ সেয়ে চৰকাৰে ছয় জনগোষ্ঠীৰ লগত জনজাতি সমন্বয়ৰক্ষী সমিতিক মুখামুখি আলোচনাত বহুৱাই বিষয়টো নিষ্পত্তি কৰিব বিচাৰিছে৷

You might also like