আৰক্ষী টোপধ্বনি, ৰাজ্যিক মৰ্যদাৰে ড০ সৃষ্টিধৰ দত্তৰ শেষকৃৎ সম্পন্ন; মুখ্যমন্ত্ৰীয়ে জনালে শ্ৰদ্ধাঞ্জলি
নিয়মীয়া বাৰ্তা, ২১ জুন: ৰাজ্যখনৰ এগৰাকী আগশাৰী ইতিহাসবিদ, শিক্ষাবিদ, অসম চুক্তি ৰূপায়ণৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ সদস্য,বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত ডঃ সৃষ্টিধৰ দত্ত শেষকৃৎ ৰাজ্যিক মৰ্যাদাৰে আৰক্ষী টোপধ্বনিযে পৈতৃক গৃহ হাটখোলা গাঁৱত শোকাকূল পৰিবেশত সম্পন্ন হয়। আজি পুৱা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডঃ দত্তৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ বাসগৃহত উপস্থিত হয় আৰু তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।
মুখ্যমন্ত্ৰী লগত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, ডাঃ ভাস্কৰ পাপুকন গগৈ, জিলা উপায়ুক্ত ভাস্কৰ পেগুকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে। সাহিত্য অকাডেমি অনুবাদক বঁটা প্ৰাপক দেৱী প্ৰসাদ বাগ্ৰদিয়া, জেষ্ঠ নাগৰিক সন্মিলন, ৰোহিনীকান্ত বৰুৱা আইন মহাবিদ্যালয়, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়কে ধৰি বিভিন্ন দল সংগঠন,ব্যক্তিযে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা পাছত তেখেতৰ নশ্বৰ দেহ পুষ্পসজ্জিত বাহনেৰে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়লৈ নিয়া হয়। শ্ৰীশ্ৰী অনিৰুদ্ধ সেৱা সমিতিৰ অসম, শ্ৰীশ্ৰী অনিৰুদ্ধ কণিষ্ঠ মহাবিদ্যালয়, ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী, মটক সন্মিলনৰ উপদেষ্টা চন্দ্ৰ সেনাপতি, সভাপতি চান্দ কুমাৰ গোহাঁইকে ধৰি বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জনায়।
ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ চৌকিডিঙি কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰঞ্জিত গোহাঁই,জিলা সভাপতি মুকন্দ মাধৱ গোহাঁই, ৰিদিপ গগৈ, গাঁওবুঢ়া ৰাজেন্দ্ৰ গোহাঁই,মটক স্বায়ত্ব শাসিত মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিড চেতিয়াকে ধৰি সংগঠনৰ বিষয় ববীয়া কৰ্মকতা সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ইয়াৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা মুখ্য কাৰ্যালয় শ্বহীদ ভৱনলৈ নিয়া হয় আৰু তাত ডিব্ৰুগড় জিলা সভাপতি বুলবুল দত্ত,ডিব্ৰুগড় শাখাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ,সম্পাদক গুঞ্জন মেচ,বেংগলী যুৱ ফেডাৰেচনডিব্ৰুগড় নাগৰিক মঞ্চ আৰু কৰ্মচাৰী পৰিষদৰ হৈ অনিল সিংহই শ্ৰদ্ধাঞ্জলি জনায় ৰাজহুৱা সেৱা গ্ৰহণ কৰা লগতে আছু পতাকাৰে শেষ বিদায় জনোৱা পাছত ৰাষ্ট্ৰীয় ঘাইপথেৰে পৈতৃক গৃহ হাটখোলালৈ গায়ন বায়নেৰে এক ৰেলি কৰি লৈ যোৱা হয়।
লাহোৱালত সদৌ অসম ছাত্ৰ সন্থাৰ লাহোৱাল আঞ্চলিক সমিতি,লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ দত্ত, লাহোৱাল বজাৰ কমিটিকে বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনায়।পুনৰ শৱ যাত্ৰা কৰি তেখেতে অধ্যয়ন কৰা শিক্ষানুষ্ঠান মদাৰখাত এছ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰৱেশ কৰাত এক শোকাকূল পৰিবেশৰ মাজত প্ৰাক্তন অধ্যক্ষ কেশৱ দত্ত,হিৰণ্য সেনাপতি,বৰ্তমানৰ অধ্যক্ষা অৰ্পনা বুঢ়াগোহাঁই, ছাত্র একতা সভা,শিক্ষক শিক্ষয়িত্ৰী শ্ৰদ্ধা নিবেদন কৰা পাছত তেখেতৰ বিশেষ উদ্যোগত স্থাপিত মদাৰখাত বালিকা বিদ্যালয় সন্মুখলৈ নিয়া হয়।প্ৰধান শিক্ষক অজিত গোহাঁই,প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অনু কোঁৱৰ,ছাত্ৰী একতা সভা,শিক্ষক,শিক্ষয়িত্ৰী ঘোৰামৰা প্ৰাথমিক বিদ্যালয়,বজাৰ কমিটি,ক্ৰীড়া সন্থাকে ধৰি বিভিন্ন দল সংগঠনে শ্ৰদ্ধা নিবেদন কৰে।
তেওঁক পুনৰ পৈতৃক বাসগৃহ হাটখোলালৈ অনাৰ আগেয়ে তেওঁ পঢ়া এক নম্বৰ মদাৰখাত প্ৰাথমিক বিদ্যালয়লৈ নিয়া হয় আৰু তাত বিদ্যালয় খনৰ লগতে শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীবৈষ্ণৱানন্দ চন্দ্ৰ গোস্বামী, অসম পৰ্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ভূপেন কুমাৰ গগৈ, যতীন গোহাঁই,আতছাৰ লখনিন্দ কুৰ্মী,লাহোৱাল প্ৰেছ ক্লাৱৰ সভাপতি মুক্তামনি হাজৰিকা, ধনতি শইকীয়া,ডেকা সত্ৰাধিকাৰ দিব্যজ্যোতি গোস্বামী, টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিৰণ হাজৰিকাকে ধৰি শিক্ষক শিক্ষয়িত্ৰী, জেষ্ঠ নাগৰিক সন্মিলনৰ ভূপেন কুমাৰ শইকীয়া, প্ৰমোদ দত্ত,কৃষ্ণকান্ত বৰা,মণিকান্ত চেতিয়া,চিত্ৰ বৰা,ডঃ ডম্বৰুধ নাথ,ডঃ জাহ্নৱী গগৈ নাথ,ডাঃ বিপিন কাকতিকে ধৰি অনেক দল,সংগঠন ,ব্যক্তিয়ে শ্ৰদ্ধা জনোৱাৰ পাছত আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক দিতুল চেতিয়াই শেষ বিদায় জনোৱা পাছত আৰক্ষীযে টোপধ্বনিযে অন্তিম শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।ইতিহাসবিদ ডঃ সৃষ্টিধৰ দত্তৰ ৰাজ্যিক মৰ্যাদাৰৰ লগতে মায়ামৰা ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে শোকাকূল পৰিবেশৰ মাজেৰে শেষকৃৎ সম্পন্ন কৰা হয়।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।