নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভাগ কলেজৰ বন্যাৰ্তৰ খবৰ ললে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

বৰভাগ ড্ৰেইনেজ ডেভেলপমেণ্ট স্কীম সন্দৰ্ডত গুৰুত্ব

নিয়মীয়া বাৰ্তা, ২১ জুন : “বৰভাগ কলেজলৈ আহি মই মানুহৰ দুখ-দুৰ্দশাৰ খবৰ ল’লো । পানী মানুহৰ ডিঙিলৈলৈকে উঠিছে । এতিয়াও মানুহ ঘৰলৈ উভতি যাব পৰা অৱস্থাত নাই । যিসকলৰ ঘৰ ভাঙিছে আৰু আংশিকভাবে নষ্ট হৈছে সকলোকে আমি সহায়ৰ হাত আগবঢ়াম।”-এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মাৰ।

ইফালে বৰভাগত দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা বৰলীয়া আৰু পাগলাদিয়া নদীৰ মাজৰ দুসুঁতি মুখৰ শ্লুইচ গেট সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই সেইক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে । বৰভাগ ড্ৰেইনেজ ডেভেলপমেণ্ট স্কীম সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে খবৰ লোৱাৰ কথা প্ৰকাশ কৰে।

আজি নলবাৰী জিলাৰ বৰভাগত বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শৰ্মাই বৰভাগ কলেজত আশ্ৰয় লৈ থকা প্ৰায় দুশটা বানাক্ৰান্ত পৰিয়ালৰ খা-খবৰ লয় । বন্যাৰ্ত লোকসকলৰ লগত মতবিনিময় কৰি শৰ্মাই চৰকাৰীভাবে যিমানদূৰ সম্ভৱ সহায় কৰিব বুলি কয়। তেওঁ চৰকাৰী ভাবে প্ৰেৰণ কৰা খাদ্য-সামগ্ৰী পাইছেনে নাই সেইবিষয়েও মতামত গ্ৰহণ কৰে লোকসকলৰ পৰা । ইয়াৰ পূৰ্বে তেওঁ দেহাৰকুছিৰ দুৰ্গামন্দিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকসকলৰো বুজ লয়। মুখ্যমন্ত্ৰীৰ আজিৰ এই কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ন ডেকা, বৰ্তমানৰ বিধায়ক দিগন্ত বৰ্মন আদিয়ে সংগ দিয়ে ।

You might also like