নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত মন্ত্ৰী নন্দিতা গাৰ্লোছা: বানাক্ৰান্ত শিবিৰ পৰিদৰ্শন

নিয়মীয়া বার্তা, ২১ জুন:- আজি হোজাইৰ বানাক্ৰান্তৰ খবৰ লোৱাৰ বাবে উপস্থিত হয় নৱনিযুক্ত ৰাজ্যিক মন্ত্ৰী নন্দিতা গাৰলোছা । ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে আজি পুৱা হোজাইৰ অকাশীগংগাত জিলা প্ৰশাসনে আয়োজন কৰা অষ্টম আন্তৰ্জাতিক যোগ দিৱসত অংশগ্ৰহণ কৰে । হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু আৰক্ষী অধীক্ষক বৰুণ পূৰকায়স্থৰ লগতে আন আন সকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । দুপৰীয়া ভাগত মন্ত্ৰী গৰাকীয়ে হোজাই দক্ষিণ গোলাঘাতিয়া বস্তিস্থিত ডিমাছা ভৱনত বানাক্ৰান্তৰ শিবিৰ পৰিদৰ্শন কৰে ।বছৰটোৰ দ্বিতীয় বানৰ ফলত বহু বানাক্ৰান্ত লোকসকল বিভিন্ন ঠাইত শিবিৰ পাতি আশ্ৰয় লবলগীয়া হয় । হোজাই কোমোৰাকটা ডিমাছা ভৱনত বানাক্ৰান্ত লোকসকলে আশ্ৰয় লৈ থকা শিবিৰ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় অসমৰ নৱনিযুক্ত মন্ত্ৰী গৰাকী । মন্ত্ৰী গৰাকীয়ে ইয়াৰ উপৰি হোজাইৰ কেইবাটাও শিবিৰ পৰিদৰ্শন কৰে । মন্ত্ৰী গৰাকীৰ লগত সংগ দিয়ে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ।

প্ৰেৰক:- কিশলয় ডি গোস্বামী

You might also like