নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱাহনৰ নাটক ‘লভিতা’ উপভোগ সপত্নীক মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ:  ব্যস্ততাৰ মাজতে মঙলবাৰে সপত্নীক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উপভোগ কৰিলে ভ্রাম্যমাণ থিয়েটাৰৰ নাটক৷ গুৱাহাটীৰ গণেশগুৰিস্থিত গোপাল বড়ো হাইস্কুলৰ খেলপথাৰত চলি থকা আৱাহন থিয়েটাৰৰ ‘লভিতা’ নামৰ নাটখন মুখ্যমন্ত্রীগৰাকীয়ে উপভোগ কৰে৷ এই নাটকখন উপভোগ কৰাৰ সময়ত তেওঁক সংগ দিয়ে পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷

কালি নিশা প্রায় ৮ বজাত মুখ্যমন্ত্রীগৰাকী নাটখন উপভোগৰ বাবে গোপাল বড়ো হাইস্কুল খেলপথাৰত উপস্থিত হয়৷ মুখ্যমন্ত্রীগৰাকী উপস্থিত হোৱাৰ পাছতে তেওঁক আৰু পত্নী ৰিণিকি ভূঞা শর্মাক ফুলাম গামোচা আৰু ফুলৰ তোৰাৰে আদৰণি জনায় জনপ্রিয় অভিনেত্রী প্রস্তুতি পৰাশৰে৷ ইয়াৰ পাছতে তেওঁ ভ্রাম্যমাণ থিয়েটাৰৰ পেণ্ডেলত প্রৱেশ কৰি নাটখন উপভোগ কৰে৷

উল্লেখ্য যে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে জ্যোতিপ্রসাদ আগৰৱালাৰ ‘লভিতা’ নামৰ নাটকখন আৱাহনৰ মঞ্চত মঞ্চস্থ কৰা হৈছে৷ জনপ্রিয় অভিনেত্রী প্রস্তুতি পৰাশৰে নাটখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে৷ মুখ্যমন্ত্রীগৰাকীৰ উপৰি ৰাজনৈতিক উপদেষ্টা পৱিত্র মার্ঘেৰিটা, বিধায়ক দিগন্ত কলিতা আৰু অভিনেতা যতীন বৰায়ো নাটখন উপভোগ কৰে৷

You might also like