নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত দক্ষিণ আফ্রিকা: তিৰুৱনন্তপুৰমত আজি প্রথম টি–২০ মেচ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ:  ঘৰুৱা দল ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে অষ্ট্রেলিয়াৰ বিপক্ষে খেলা সদস্যসমাপ্ত ঘৰুৱা টি–২০ শৃংখলাটোৰ খিতাপ দখল কৰি আত্মবিশ্বাস তুংগত থকা ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্রটিয়াজ বাহিনীৰে খেলিবলগীয়া শৃংখলাটোতো আশানুৰূপ প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আত্মবিশ্বাসী৷

মন কৰিবলগীয়া যে অষ্ট্রেলিয়াত আৰম্ভ হ’বলগীয়া টি–২০ বিশ্বকাপৰ পূর্বে টীম ইণ্ডিয়াৰ এইটোৱেই হ’ব অন্তিমটো শৃংখলা৷ গতিকে এই শৃংখলাটোতে ভাৰতীয় দলটোৱে গুৰুত্বপূর্ণ স্থানসমূহত সংশোধন কৰাৰ প্রচেষ্টা চলাব৷ ডেথ বলিঙক লৈ ভাৰতীয় দলটো বিশেষভাৱে চিন্তিত হৈ পৰিছে৷ অষ্ট্রেলিয়াৰে খেলা সদ্যসমাপ্ত তিনিখনীয়া মেচৰ টি–২০ শৃংখলাটোতো ডেথ অ’ভাৰৰ বলিঙত ভাৰতীয় বলাৰসকলে উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছিল৷ সেয়েহে দক্ষিণ আফ্রিকাৰে খেলিবলগীয়া শৃংখলাটোত ডেথ অ’ভাৰত বিশেষ গুৰুত্ব দিব ৰোহিত বাহিনীয়ে৷

ইপিনে, আজিৰ পৰা আৰম্ভ হ’বলগীয়া এই শৃংখলাটোত তাৰকা খেলুৱৈ হার্দিক পাণ্ডিয়া আৰু ভুবনেশ্বৰ কুমাৰ অবিহনে ভাৰতীয় দলটোৱে ভাগ ল’ব৷ টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি এই দুয়োগৰাকী খেলুৱৈক বিশ্রাম দিয়া হৈছে৷  এক সংবাদ মেল সম্বোধন কৰি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে আগন্তুক বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি আমি কেইটামান গুৰুত্বপূর্ণ স্থানত সংশোধন কৰাৰ প্রয়োজন আছে৷ গতিকে এই শৃংখলাটোতে আমি আমাৰ দুর্বলতাখিনি আঁতৰাই বিশ্বকাপৰ বাবে সম্পূর্ণৰূপে সাজু হোৱাৰ প্রস্তুতি চলাম৷ বলিং বিভাগে কিছু চিন্তাত ৰাখিছে যদিও দক্ষিণ আফ্রিকাৰে খেলি বলাৰসকলে নিজৰ ছন্দ ওভতাই আনিব পাৰিব বুলি আশা ব্যক্ত কৰে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে৷

ইপিন, শৃংখলাটোত শ্রেয়াছ আয়াৰে মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে বুলি ইংগিত দি অধিনায়ক ৰোহিত শর্মাই কয় যে আঘাতৰ বাবে দীপক হুদা শৃংখলাটোৰ পৰা বাহিৰ হয় আৰু তেওঁৰ স্থানত শ্রেয়াছক দলটোত অন্তর্ভুক্ত কৰা হৈছে৷ কাইলৈৰ প্রথমখন টি–২০ৰ মূল একাদশত শ্রেয়াছে স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি ৰোহিতে কয়৷ খেলৰ সময়ঃ সন্ধিয়া ৭ বজা৷

You might also like