নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএল ক্ষমতালৈ আহিলে জে’ললৈ যাব লাগিব হাগ্রামা

নিয়মীয়া বাৰ্তা, ৮ নবেম্বৰঃ ইউপিপিএলৰ সভাপতি প্রমোদ বডোই সংখ্যালঘু অধ্যুষিত ভোটগাঁও খেলপথাৰত ইউপিপিএলৰ ফকিৰাগ্রাম সমষ্টিৰ প্রার্থী মতিউৰ ৰহমানৰ সমর্থনত নির্বাচনী প্রচাৰ সভা অনুষ্ঠিত কৰে৷ সভাত উপস্থিত হোৱা কেইবাসহস্র লোকৰ লগতে দলীয় নেতা–কর্মীক উদ্দেশ্যি দিয়া ভাষণত ইউপিপিএলৰ সভাপতি প্রমোদ বডোৱে কয় যে বিটিআৰ চুক্তিক টার্গেট কৰি বিভিন্ন পক্ষই নানাধৰণৰ অপপ্রচাৰ চলাইছে যদিও জনসাধাৰণ শংকিত আৰু আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ বিটিআৰ চুক্তি কেৱল বডোসকলৰ বাবে নহয় বৰং পৰিষদীয় অঞ্চলটোত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীৰ সম উন্নয়ন আৰু বিকাশৰ স্বার্থত সম্পন্ন হোৱা শান্তি–সমন্বয়ৰ এখন চুক্তিহে৷

তেওঁ কয় যে বিগত পঞ্চাশ বছৰৰ ভিতৰত উত্তৰ–পূর্বাঞ্চলত স্বাক্ষৰিত হোৱা চুক্তিসমূহৰ ভিতৰত বিটিআৰ চুক্তিখনেই শান্তি, প্রগতি, ঐক্য আৰু উন্নয়নৰ প্রকৃত চুক্তি বুলি ইতিমধ্যে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিছে৷ এনেবোৰ যোগাত্মক দিশসমূহ প্রত্যক্ষ কৰি বিটিচিত ১৫ বছৰকাল শাসন চলোৱা বিপিএফ দলৰ থৰকাছুটি হেৰাইছে৷ অকল ইমানেই নহয় ধর্মীয় সংখ্যালঘু, হিন্দু বঙালীসকলক এন আৰ চি, ডি ভোটাৰ আদিৰ নামত হাৰাশাস্তি কৰা বুলি অভিযোগ অনাই নহয় ইউপিপিএল দলে চৰকাৰ গঠন কৰিলে অজনজাতি সকলক বিটিএডিৰ পৰা উচ্ছেদ কৰিব বুলি ভুৱা প্রচাৰেৰে ভীতিগ্রস্ত কৰি তুলিছে বিপিএফ দলে৷ এইক্ষেত্রত বিপিএফ দলক প্রত্যাহ্বান জনাই প্রমোদ বডোই কয় যে ১৭ বছৰে ধর্মীয় সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে একোৱেই নকৰিলে তাৰ পৰিৱর্তে দুর্নীতিৰ সদাগৰহে হৈ পৰিল হাগ্রামা মহিলাৰী৷ বিশ্বৰ ভিতৰত এক নম্বৰ সুবিধাবাদী বুলি হাগ্রামা মহিলাৰীক অভিহিত কৰি জনতাৰ উন্নয়নক পিঠি দি অকল নিজৰ উন্নয়ন কৰা হাগ্রামা মহিলাৰীয়ে ইউপিপিএল চৰকাৰ আহিলেই ৰঙাঘৰত যাব লাগিব বুলি সকীয়নি দিয়ে প্রমোদ বডোই৷ সভাত বিভিন্ন দল–সংগঠনৰ সহস্রাধিক লোকে ইউপিপিএলত যোগদান কৰে৷ণ দিয়ে৷

You might also like