নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰহসনঃ ১২ বছৰে অসম্পূর্ণ প্রাগজ্যোতিষ বাঁহ সংগ্রহালয়

নিয়মীয়া বার্তা, ৮ নৱেম্বৰঃ জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ খানামুখ খণ্ড বন বিষয়াৰ কার্যালয় চৌহদৰ প্রায় ৫ বিঘা ভূমিত নির্মাণ কৰা বন বিভাগৰ কোটি টকীয়া অভিলাষী আঁচনি বুমেৰাং হৈ পৰা পৰিলক্ষিত হৈছে৷ ১২ বছৰ পূর্বে ৰাজ্য চৰকাৰৰ তদানীন্তন বনমন্ত্রী ৰকিবুল হুছেইনে নির্মাণ কৰা কোটি টকীয়া আঁচনিৰ কাম আজিও অসম্পূর্ণ হৈ পৰি আছে৷ কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ ধনেৰে ২০০৯ চনত বন বিভাগে লংকেশ্বৰৰ খণ্ড বন বিষয়াৰ কার্যালয়ে নির্মাণ কৰা প্রাগজ্যোতিষ বাঁহ সংগ্রহালয়কে ধৰি কেইবাটাও চৰকাৰী আঁচনি আজি পর্যন্ত আধৰুৱা হৈ আছে৷

উল্লেখ্য যে নিবনুৱা যুৱক–যুৱতীৰ জীৱিকাৰ পথ প্রশস্ত কৰাৰ লক্ষ্য আগত ৰাখি বন বিভাগে ৰাষ্ট্রীয় বাঁহ অভিযান আঁচনিৰ অধীনত কেইবাটাও অভিলাষী আঁচনি গ্রহণ কৰিছিল৷ বিশেষকৈ বাঁহেৰে নির্মিত সামগ্রী উৎপাদন, বিক্রী, প্রদর্শনী আৰু প্রশিক্ষণ কেন্দ্র, উৎপাদিত সামগ্রী বিক্রীৰ বাবে বিপণী আৰু বিভিন্ন জাতি–জনগোষ্ঠীসমূহ পৰম্পৰা, সংস্কৃতিৰে নির্মাণ কৰা বাঁহৰ সামগ্রী সংগ্রহ কৰিবলৈ এই আঁচনিসমূহ গ্রহণ কৰা হৈছিল৷

কিন্তু আজি ১২ বছৰ সম্পূর্ণ হোৱাৰ পাছতো বন বিভাগৰ এই আঁচনি সম্পূর্ণ হোৱা দেখা নগ’ল৷ বনমন্ত্রী ৰকিবুল হুছেইনে ২০০৯ চনৰ ২০ জুলাইত আধাৰশিলা স্থাপন কৰা প্রাগজ্যোতিষ বাঁহ সংগ্রহালয়ৰ লগতে অন্যান্য আঁচনিৰ বাবে পৰৱর্তী সময়ত গ্রীন হাউছসহ ৭টাকৈ গৃহ নির্মাণ কৰা হৈছিল৷ ৰাজকোষৰ কোটি কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা প্রাগজ্যোতিষ বাঁহ সংগ্রহালয়, কেইবাটাও বিপণী আৰু বাঁহেৰে উৎপাদিত সামগ্রীসমূহৰ প্রশিক্ষণ কেন্দ্র, গ্রীন হাউছ আৰু কেইবাটাও বিষয়া–কর্মচাৰীৰ আৱাস নির্মাণ কৰা হৈছিল৷

লক্ষণীয়ভাৱে বন বিভাগ তথা ৰাজ্যিক বনৌষধি উদ্যোগ পৰিষদ অসমে আজি পর্যন্ত উক্ত স্থানত কোনো কামেই আৰম্ভ কৰা পৰিলক্ষিত হোৱা নাই৷ অৱশ্যে এই কার্যালয়লৈ মাত্র দুগৰাকী বিষয়াহে আগমন ঘটা পৰিলক্ষিত হয়৷ ইয়াৰ বাহিৰে বাঁহেৰে নির্মিত সামগ্রী সংৰক্ষণ অথবা বিক্রীৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ সেয়েহে এইক্ষেত্রত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বনমন্ত্রী পৰিমল শুক্লবৈদ্যক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় লোকে আহ্বান জনাইছে৷

You might also like