নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–সভাপতি ৰূপে নির্বাচিত হোৱাৰ পাছত কি ক’লে বিশিষ্ট লেখিকা মৃণালিনী দেৱীয়ে…

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ বাবে উপ–সভাপতি ৰূপে নির্বাচিত হোৱা বিশিষ্ট লেখিকা তথা সমাজকর্মী মৃণালিনী দেৱীৰ স্পষ্ট মন্তব্য– অচিৰেই অসম সাহিত্য সভাৰ ভাবমূর্তি উন্নত কৰাৰ কামত নিয়োজিত হ’ম৷

উল্লেখ্য যে সামাজিক জীৱনৰ লগতে সাহিত্য সৃষ্টিৰ ক্ষেত্রত এক বিশেষ পৰিচয় বহন কৰি অহা মৃণালিনী দেৱীৰ জন্ম নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগ অঞ্চলৰ লৰমা গাঁৱত৷ ১৯৩৯ চনৰ ৬ নৱেম্বৰত জন্মগ্রহণ কৰা বিশিষ্ট লেখিকাগৰাকীৰ পিতৃ আছিল সাহিত্যিক, শিক্ষাবিদ, পাশ্চাত্যবিদ শৰৎ চন্দ্র শর্মা৷ প্রাথমিক স্তৰতে বৃত্তিপ্রাপ্ত মৃণালিনী দেৱী বৰভাগ অঞ্চলৰ পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীর্ণ হোৱা সেই অঞ্চলৰ প্রথমগৰাকী মহিলা প্রৱেশিকা পৰীক্ষার্থী৷ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে পাঁচটাকৈ পুত্র সন্তানৰ মাতৃ সাহিত্যিকগৰাকীয়ে সুগৃহিণীৰ দায়িত্ব–কর্তব্য নিষ্ঠাৰে পালন কৰাৰ সমান্তৰালভাৱে নীৰৱে আত্মনিয়োগ কৰিছিল সাহিত্য চর্চাত৷ বৃহত্তৰ কাহিলিপাৰা শাখা সাহিত্য সভাৰ প্রতিষ্ঠাপক সভানেত্রী মৃণালিনী দেৱী অসম সাহিত্য সভাৰ এগৰাকী আজীৱন সদস্য৷ দক্ষিণ গুৱাহাটী লেখিকা সন্থাৰ প্রাক্তন সভানেত্রী ৰূপে দায়িত্ব চম্ভালা বিশিষ্ট লেখিকাগৰাকীয়ে বৃহত্তৰ কাহিলিপাৰা–গণেশগুৰ্ শাখা লেখিকা সন্থাৰ প্রতিষ্ঠাপক সভানেত্রীৰ দায়িত্বতো আছে৷

তদুপৰি অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম শাখাৰ কেন্দ্রীয় উপ–সভানেত্রীৰ দায়িত্বত থকা মৃণালিনী দেৱী অন্য একাধিক সামাজিক–সাংস্কৃতিক সাহিত্য সন্থাৰ সৈতেও সক্রিয়ভাৱে জড়িত৷ এসময়ত অসম সাহিত্য সভাৰ ৰাজ্যভাষা আৰু মাতৃভাষা প্রয়োগ উপ–সমিতিৰ উপ–সভানেত্রীৰ দায়িত্বও নিষ্ঠাৰে পালন কৰিছে৷ সামাজিক জীৱনৰ সমান্তৰালকৈ একাধিক সৃষ্টিৰে বিশেষ বৰঙণি যোগাই গৈছে ৰাজ্যৰ সাহিত্যৰ ক্ষেত্রখনত৷

তেওঁৰ মৌলিক গ্রন্থসমূহ হ’ল– নাম–গীতৰ পুথি ‘ভক্তি অঞ্জলি’ (১৯৯২), নাম–গীতৰ পুথি ‘অমৃতাঞ্জলি’ (২০০৪), প্রবন্ধ সংকলন ‘আদ্যাশক্তি মহামায়া’ (২০১২) ইত্যাদি৷ প্রবন্ধ সংকলন ‘বিষয় আৰু ব্যক্তিত্ব’ (২০১৮)৷

আনহাতে, সম্পাদনা গ্রন্থ হ’ল– নির্বাচিত অসমীয়া লেখিকাৰ শতাধিক শ্রেষ্ঠ কবিতাৰ বাংলা অনুবাদ ‘জীৱন থেকে কুৰিয়ে আনা গান’, ‘মিট্টি কা খুচবু’৷ ইয়াৰ উপৰি সাময়িক আলোচনী, পত্রিকা, দৈনিক বাতৰিকাকত, স্মৃতিগ্রন্থ, স্মৰণিকা আদিত মৃণালিনী দেৱীৰ স্বৰচিত শতাধিক প্রবন্ধ–কবিতা প্রকাশ পাইছে৷

২০১৫ বর্ষত মৰমলেণ্ড শীর্ষক বার্তালোচনীয়ে সমাজ সংস্কাৰৰ ক্ষেত্রত বিশেষ অৱদানৰ বাবে মৃণালিনী দেৱীলৈ আগবঢ়ায় ‘ৱমেন ছ’চিয়েল ৱর্কাৰ বঁটা’৷ আনহাতে, ২০১৫ বর্ষতে ‘শশীপ্রভা কলিতা আদর্শ জননী বঁটা’ প্রদান কৰা হয় বিশিষ্ট সাহিত্যিকগৰাকীক৷ ২০১৬ বর্ষত অসম লেখিকা সন্থাই প্রদান কৰে ‘লাৱণ্য হাজৰিকা আদর্শ মাতৃ বঁটা’৷ তদুপৰি লেখিকাগৰাকীক ইউনিভার্ছিটী অৱ ছায়েন্স এণ্ড টেকন’লজী, মেঘালয়ৰ ডিপার্টমেণ্ট অৱ ছ’চিয়েল ৱর্কে প্রদান কৰে ‘ছ’চিয়েল ৱর্ক এক্সিলেন্স এৱার্ড ২০১৭’ বঁটা৷

উপ–সভাপতি হিচাপে নির্বাচিত হোৱাৰ পাছত প্রতিক্রিয়া প্রকাশ কৰি কয়–

‘সাহিত্য সভাৰ জৰিয়তে মই সাহিত্য সমাজখনত কৰিবলগীয়া বহু কাম আছে৷ এই সুযোগ পোৱাৰ বাবে মই সকলোকে অশেষ ধন্যবাদ জনাইছোঁ৷ কৰিব লগা কামসমূহ আগবঢ়াই নিব পাৰিলে মই যথেষ্ট আনন্দিত হ’ম৷’

You might also like