নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এহাজাৰ পুৰোহিততকৈ এজন ভাল শিক্ষকৰ মূল্য বেছিঃ মৃণালিনী দেৱী

নিৰ্ধাৰিত লক্ষ্যৰে শিক্ষাৰ্থীক অধ্যয়নত ব্ৰতী হোৱাৰ আহ্বান নৰেশ কলিতাৰ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ ‘মাতৃৰ হূদয়খন শিশুসকলৰ বাবে শ্রেণীকোঠা৷ মাতৃসকল নিজৰ সন্তানৰ হ’ব লাগিব প্রাথমিক পর্যায়ৰ শিক্ষয়িত্রী৷ মাতৃসকলে নিজৰ ঘৰখনতে ল’ৰা–ছোৱালীক সাধাৰণ শিক্ষা দিয়াৰ উপৰি ব্যৱহাৰিক শিক্ষা দিব লাগিব৷ যি শিক্ষাই অনাগত দিনত তেওঁলোকক মানুহ হোৱাৰ পথ প্রশস্ত কৰে৷ শিশুসকলে নিজৰ ঘৰখনৰ পৰাই বহুত কথা আৰু আচাৰ–ব্যৱহাৰ শিকে৷’ –এই মন্তব্য অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীৰ৷ দেওবাৰে কামৰূপ জিলাৰ আলিকাষত থকা মডার্ন পাব্লিক একাডেমীৰ প্রথম প্রতিষ্ঠা দিৱসত বিজ্ঞান আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিকৰ শাখা মুকলি কৰি তেওঁ যুগৰ পৰিৱর্তনৰ লগত সংগতি ৰাখি আধুনিক শিক্ষা ব্যৱস্থাত প্রাচীন শিক্ষা ব্যৱস্থাকো সাঙুৰি ল’লেহে শিক্ষার্থীসকল যথেষ্ট উপকৃত হ’ব বুলি দোহাৰে৷ আনৰ শিক্ষাৰে শিক্ষিত হোৱাতকৈ মূর্খ হোৱাই ভাল বুলি উল্লেখ কৰি তেওঁ আনৰ শিক্ষাৰে শিক্ষিত হ’লে কেৱল ধন ঘটাৰ মেচিন হ’ব, কিন্তু প্রকৃত জ্ঞানৰ পৰা বঞ্চিত হ’ব বুলি মন্তব্য কৰে৷ ছাত্র–ছাত্রীসকলে অধ্যয়নকে ধৰি প্রতিটো কাম সততা আৰ নিষ্ঠাৰে কৰিলে উপযুক্ত ফল পোৱাটো তেওঁ নিশ্চিত বুলি উল্লেখ কৰে৷ ভাষণত তেওঁ এহাজাৰ পুৰোহিততকৈ এজন ভাল শিক্ষকৰ মূল্য বহুত বেছি বুলি উল্লেখ কৰি শিক্ষকসকলে মৰম–চেনেহ কৰি ছাত্র–ছাত্রীক শিক্ষা প্রদান কৰিলে তেনে ছাত্র–ছাত্রী উপযুক্ত শিক্ষাৰে শিক্ষিত হ’ব বুলি মন্তব্য কৰে৷ শিক্ষকসকলে শিক্ষার্থীক দ্রোণাচার্যৰ দৰে শিক্ষা দিব লাগিব বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ মাতৃভাষাৰ জ্ঞান থকা শিশুৱে ভৱিষ্যৎ জীৱনত উচ্চ স্থান পোৱাৰ সুযোগ থাকে বুলিও মন্তব্য কৰে৷অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই আজিৰ প্রতিযোগিতাৰ দিনত উচ্চ শিক্ষাৰে শিক্ষিত হ’ব লাগিলে ছাত্র–ছাত্রীসকলে অধিক শ্রম কৰিব লাগিব বুলি উল্লেখ কৰি এক নির্ধাৰিত লক্ষ্য লৈ ছাত্র–ছাত্রীসকলে অধ্যয়নত ব্রতী হ’ব লাগিব বুলি মন্তব্য কৰে৷ ভাষণত তেওঁ শিক্ষার্থীসকলক অকল ডাক্তৰ–ইঞ্জিনীয়াৰ হোৱাৰ কথা নাভাবি বর্তমানৰ অন্য বহুত ক্ষেত্রৰ কথাও ভবাৰ দৰকাৰ বুলি দোহাৰে৷ শিক্ষকসকলে ছাত্র–ছাত্রীক বাস্তৱ শিক্ষা প্রদান কৰিলে ছাত্র–ছাত্রীসকল উপকৃত হ’ব বুলি উল্লেখ কৰি তেওঁ আজিৰ দিনত ছাত্র–ছাত্রীসকলে নিজৰ পঢ়া–শুনাতকৈও ম’বাইলত ব্যস্ত হৈ পৰাত গভীৰ উদ্বেগ প্রকাশ কৰি ম’বাইলেৰে বিশ্ব জয়ো কৰিব নোৱাৰে আৰু জাতি–মাটিও ৰক্ষা কৰিব নোৱাৰে বুলি দোহাৰে৷ তেওঁ ছাত্র–ছাত্রীসকলক অধ্যয়নশীল হ’বলৈ আহ্বান জনায়৷ অধ্যয়নশীল অবিহনে এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ গৱেষণামূলক গ্রন্থই ছাত্র–ছাত্রীসকলক বহুত দূৰ আগবঢ়াই নিব বুলি আশা প্রকাশ কৰে৷ ৰাজপথত আন্দোলন কৰিলে ভাষা–সংস্কৃতি জীয়াই নাথাকে বুলি উল্লেখ কৰি আন্দোলনৰ লগত অধ্যয়নতো সর্বাধিক গুৰুত্ব দিব লাগিব বুলি মন্তব্য কৰে৷ অসমত এক অধ্যয়নৰ আন্দোলনৰ আৱশ্যক বুলি উল্লেখ কৰি নতুন প্রজন্মক অধ্যয়নশীল হ’বলৈ তেওঁ আহ্বান জনায়৷ ভাষণত তেওঁ মডার্ন পাব্লিক স্কুলে উচ্চতৰ মাধ্যমিকত বিজ্ঞান আৰু বাণিজ্য শাখা মুকলি কৰি অঞ্চলটোৰ ৰাইজৰ দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলোৱা বুলি উল্লেখ কৰে৷ তেওঁ কয় যে গ্রামাঞ্চলত বিজ্ঞান শাখাৰ সীমিত কলেজহে আছে, যাৰ বাবে ইচ্ছা থাকিলেও ছাত্র–ছাত্রীসকলে বিজ্ঞান শাখাত অধ্যয়নৰ পৰা বঞ্চিত হ’ব লগা হয়৷ অনুষ্ঠানত কামৰূপৰ উপায়ুুক্ত কমল কুমাৰ বৈশ্যই অংশগ্রহণ কৰি মডার্ন পাব্লিক স্কুলৰ শৈক্ষিক পৰিৱেশক ভূয়সী প্রশংসা কৰে৷ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত টংকেশ্বৰ দাস প্রমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ পূর্বে আদৰণী ভাষণত বিদ্যালয়খনৰ পৰিচালন সঞ্চালক পৱন আলী শইকীয়াই বিদ্যালয়খনৰ জন্মলগ্ণৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ ২০০৯ চনত প্রথমে গুৱাহাটীৰ খেৰাইকুছিত প্রথম মডার্ন পাব্লিক একাডেমী প্রতিষ্ঠা কৰা বুলি উল্লেখ কৰি পৰৱর্তী দিনত ৰামপুৰ আৰু আলিকাষত স্থাপন কৰা হয় বুলি জানিবলৈ দিয়ে৷ ভয় ভাব আঁতৰাই ছাত্র–ছাত্রীসকলক আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়৷ ভাষণত তেওঁ পদার্থ বিজ্ঞানী ড০ ষ্টিফেন হকিন্সৰো উদাহৰণ দাঙি ধৰে৷

You might also like