ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয়ত আশিস ল’লে ৰিণিকি ভূঞা শৰ্মাই
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: ৰাজ্যৰ অন্যতম শক্তিপিঠ দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মা চণ্ডিকা দেৱালয়ত আজি দুপৰীয়া প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ চি এম ডি তথা ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা উপস্থিত হয় । মুখ্যমন্ত্রী আৰু তেওঁৰ পৰিয়ালৰ লগতে অসমবাসীৰ মংগল কামনা কৰি শ্ৰীশ্ৰী মা চণ্ডিকা দেৱালয়ত পূজা অৰ্চনা কৰে মুখ্যমন্ত্রীৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাই।
উল্লেখ্য যে মা চণ্ডিকা দেৱালয়ৰ কামকাজ পৰিচালনা কৰি থকা গোসানী মঠ ৰাইজ গয়ৰহৰ আজি মা চণ্ডিকা দেৱালয়ত বাৰ্ষিক হোমৰ অনুষ্ঠান আছিল । হোম চলি থকা সময়তে মুখ্যমন্ত্রীৰ সহধৰ্মিণী চণ্ডিকা দেৱালয়ত উপস্থিত হোৱাত তেওঁ গোসানী মঠ ৰাইজৰ হোমটো অংশগ্ৰহণ কৰে ।

আনহাতে, মুখ্যমন্ত্রীৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাক ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ হৈ দলীয় কৰ্মকৰ্তাসকলে পাতৰ ফুলাম গামোচা, মুগাৰ ৰিহা আৰু পিতলৰ জাপিৰে সম্বৰ্ধনা জনায়। তদুপৰি ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ উপ-সভাপতি মন্টু কলিতাইও তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।
প্ৰেৰকঃ বিশ্বজিৎ কলিতা