নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন জিলাৰ পৰা অসমলৈ সৰবৰাহ হয় ড্ৰাগছঃ নগা আৰক্ষীয়ে টিজিটত ড্ৰাগছসহ আটক কৰিলে দুই নগালোকক

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: নগালেণ্ডৰ ম’ন জিলাৰ সীমান্তৱৰ্তী সোণাৰিৰ নামতোলাত অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ বাবে ড্ৰাগছৰ ৰমৰমীয়া বেহা সাময়িক ভাৱে স্তব্ধ হৈ পৰিছে যদিও সময়ে সময়ে ড্ৰাগছসহ বহুলোক অসম আৰক্ষীৰ হাতত কৰায়ত্ব হৈ অহা বিষয়টোৱে ম’ন জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা একাংশ নগালোকে অসমৰ লোকৰ হাতত বিভিন্ন স্থানলৈ ড্ৰাগছ প্ৰেৰণ কৰা ঘটনা উন্মোচিত কৰি আহিছে। এনে সময়তে সোণাৰিৰ সীমান্তৱৰ্তী নামতোলা অঞ্চলত কোনো চক্ৰৰ হাতত গতাই দিবলৈ ড্ৰাগছ লৈ অহা দুগৰাকী নগালোক যোৱা নিশা নগালেণ্ড আৰক্ষীৰ হাতত আটক হয়।

জানিব পৰা মতে, কালি নিশা প্ৰায় এঘাৰমান বজাত এখন নম্বৰপ্লেট বিহীন জিপছী বাহন সোণাৰিৰ নামতোলা দিশে তীব্ৰ বেগৰে আহি থকা অৱস্থাত মন জিলাৰ টিজিট অঞ্চলত নগা আৰক্ষীৰ তালাচী চকীত বাহনখন ৰখাই নগা আৰক্ষীয়ে তালাচী চলোৱাত বাহনখনত থকা ৪০ টা চাবোনৰ বাকচত সৰবৰাহ কৰা ৫৩৯ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পাছত নগা আৰক্ষীয়ে টিজিট আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি ড্ৰাগছখিনি সৰবৰাহ কৰা ডেনিয়েল কন্যাক (৩০) আৰু কাউকুম কুকি (৫৩) নামৰ লোক দুজনক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে। সোণাৰিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী নামতোলা অঞ্চলত ধৃত লোকদুজনে কোনো চক্ৰৰ হাতত গতাই দিবলৈ ড্ৰাগছ খিনি সৰবৰাহ কৰা বুলি নগা আৰক্ষীৰ আগত সদৰী কৰা বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া যে ভাৰত ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰে লংৱাহৈ ম’ন জিলা আৰু পৰৱৰ্তী সময়ত ম’ন জিলাৰ বিভিন্ন ঠাইৰ পৰা সোণাৰিৰ নামতোলালৈ একাংশ নগালোকে ড্ৰাগছ সৰবৰাহ কৰি অসমৰ সৰবৰাহকাৰী আৰু সীমান্তৱৰ্তী একাংশ লোকৰ হাতত বিক্ৰীৰ বাবে ড্ৰাগছ যোগান ধৰি আহিছে বুলি বিভিন্ন সময়ত চৰ্চা চলি আহিছে আৰু কালি নিশা নগা আৰক্ষীৰ তালাচীত ড্ৰাগছ সহ দুই নগালোক কৰায়ত্ব হোৱা ঘটনাই চৰ্চিত বিষয় প্ৰতীয়মান কৰিছে।

You might also like