নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’ল-বাছ-ফেৰীত নাই পৰ্যাপ্ত প্ৰতিৰোধ ব্যৱস্থা; বিপদ মাতিছে জনস্বাস্থ্যলৈ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ বিশ্বজুৰি ন’ভেল ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাৰ সময়তে ইয়াক প্রতিৰোধৰ বাবে ৰাজ্যত গ্রহণ কৰা হৈছে সতর্কতামূলক ব্যৱস্থা৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগকে ধৰি বিভিন্ন কর্তৃপক্ষই এই ৰোগ তথা ভাইৰাছবিধৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ গ্রহণ কৰা কঠোৰ ব্যৱস্থাৰ বিপৰীত ছবি পৰিলক্ষিত হৈছে ৰাজ্যৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত৷

শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ লগতে ৰাজহুৱা সমাৱেশ নিষিদ্ধ কৰাৰ নির্দেশ দিয়াৰ সময়তে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অন্তর্গত বাছ, ফেৰী আৰু ৰে’লসেৱাত পৰিলক্ষিত হোৱা নাই প্রয়োজনীয় সতর্কতামূলক ব্যৱস্থা৷

যাৰ পৰিপ্রেক্ষিতত ৰাজ্যত ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণত পৰিবহণ বিভাগৰ উদাসীনতাই বিৰূপ প্রভাৱ পেলাব বুলি আশংকা কৰা হৈছে৷ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বর্তমানেও চলাচল কৰি আছে দূৰণিবটীয়া বাছসমূহ৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ বাছসমূহত কিছু পৰিমাণে বিভাগীয়ভাৱে সতর্কতামূলক ব্যৱস্থাও গ্রহণ কৰা হৈছে৷ কিন্তু ব্যক্তিগত মালিকানাধীন দূৰণিবটীয়া বাছসমূহত এতিয়াও পৰিলক্ষিত হোৱা নাই ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে গ্রহণ কৰা বিশেষ ব্যৱস্থা৷

সমান্তৰালভাৱে পৰিবহণ নিগমৰ ফালৰ পৰা গ্রহণ কৰা সীমিত ব্যৱস্থাই এই মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ ৰোধ কৰিব পাৰিবনে বুলিও যাত্রীসকলৰ মনত প্রশ্ন উত্থাপন হৈছে৷ প্রাপ্ত তথ্য অনুসৰি বিভিন্ন বাছ আস্থানত পৰিবহণ নিগমে সজাগতা সৃষ্টিৰ বাবে লিফলেট বিতৰণ কৰাৰ লগতে হেণ্ড ছেনিটাইজাৰেৰে যাত্রীসকলক প্রতিৰোধমূলক ব্যৱস্থাৰে হাত দুখন চাফা কৰি ৰখাৰ ব্যৱস্থা কৰিছে৷ কিন্তু এয়া সুদূৰপ্রসাৰীনে?

এই প্রশ্ন সচেতন মহলৰ৷ কিয়নো দূৰণিবটীয়া বাছসমূহে এটা বাছ আস্থানৰ পৰা যাত্রা আৰম্ভ কৰি লক্ষ্যস্থানত উপনীত হোৱালৈ বহুসংখ্যক বাছ আস্থানত যাত্রী উঠা–নমা কৰে৷ প্রতিটো বাছ আস্থানত উঠা–নমা কৰা যাত্রীৰ বাবে বাছসমূহত নাই প্রতিৰোধমূলক ব্যৱস্থা৷ সেয়েহে বাছত ক’ৰোনা ভাইৰাছত আক্রান্ত কোনো ব্যক্তিয়ে অজ্ঞাতে ভ্রমণ কৰিলে তাৰ পৰা ব্যাপক হাৰত আন ব্যক্তিলৈ এই ৰোগ সংক্রমণ হোৱাৰ সম্ভাৱনাই অধিক৷

একেই অৱস্থা ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনস্থ ফেৰীসমূহৰো৷ দৈনিক হাজাৰ হাজাৰ যাত্রীৰ পৰিবহণৰ সম্বল ফেৰী৷ বিশেষকৈ উত্তৰ গুৱাহাটী, বিশ্বৰ সর্ববৃহৎ নদীদ্বীপ মাজুলীবাসীৰ যাতায়াতৰ অন্যতম ভৰসাই হৈছে এই ফেৰীসমূহ৷ কিন্তু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফালৰ পৰা ফেৰীসমূহত ভিৰ নিয়ন্ত্রণ তথা ক’ৰোনা ভাইৰাছৰ প্রতিৰোধমূলক ব্যৱস্থা সংস্থাপনৰ ক্ষেত্রত দেখা গৈছে সম্পূর্ণ উদাসীনতা৷ দেশবাসীক এই প্রাণনাশী ভাইৰাছবিধৰ সংক্রমণৰ পৰা বাছি থাকিবলৈ সঘনাই চাবোনেৰে হাত ধুই থাকিবলৈ পৰামর্শ প্রদান কৰিছে চিকিৎসকসকলে৷ কিন্তু ৰাজ্যৰ ফেৰীসমূহত যাত্রীৰ বাবে চাবোনেৰে হাত ধোৱাৰ কোনো ব্যৱস্থাই পৰিলক্ষিত হোৱা নাই৷ ফেৰীসমূহত নাই হেণ্ড ছেনিটাইজাৰৰ সুবিধাও৷ পৰিবহণ বিভাগৰ এই উদাসীনতাত প্রতিখন ফেৰীতে গাত গা লগাই যাত্রা কৰি আছে যাত্রীসকলে৷ বিশেষকৈ যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী, দক্ষিণপাট, অফলামুখ আৰু ফুলনিঘাটলৈ পুৱা ৭.৩০ বজাৰ পৰা প্রতি আধা ঘণ্টাৰ মূৰে মূৰে ফেৰী চলাচল কৰে৷ ইয়াৰে এখন ফেৰীত প্রায় ৩০০ যাত্রী কঢ়িয়ায়৷ শিশুৰ পৰা বৃদ্ধলৈকে ফেৰীসমূহত যাত্রা কৰে যদিও বর্তমানলৈ ভাইৰাছ প্রতিৰোধৰ কোনো ব্যৱস্থাই এই ফেৰীসমূহত কৰা হোৱা নাই৷ যাক লৈ শংকিত হৈ পৰিছে মাজুলীবাসী৷ কিয়নো সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র হিচাপে খ্যাত মাজুলীলৈ আগমন ঘটে দেশী–বিদেশী পর্যটকৰ৷ সেয়েহে এইক্ষেত্রত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কোনো ব্যৱস্থা গ্রহণ নকৰাত একপ্রকাৰ মাজুলীৰ লোকসকল আতংকিত হৈ পৰিছে৷

একে সময়তে আতংকিত হৈ পৰিছে চিটীবাছ তথা ট্রেকাৰৰ যাত্রীসকলো৷ কিয়নো মহানগৰীত চলাচল কৰা ব্যক্তিগত মালিকানাধীন নিগমৰ অধীনস্থ চিটীবাছ আৰু ট্রেকাৰসমূহত নাই প্রতিৰোধমূলক ব্যৱস্থা৷ আজি কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিভাগৰ পৰা একাংশ বিষয়ববীয়াই খানাপাৰাত চিটীবাছৰ চালক–হেণ্ডিমেন আৰু যাত্রীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হয়৷ কিন্তু কেৱল সজাগতাই যাত্রীসকলক কিমান সুৰক্ষিত কৰিব, তাক লৈ প্রশ্ন উত্থাপন হৈছে৷ কিয়নো খানাপাৰাৰ পৰা আদাবাৰীলৈ, পাঞ্জাবাৰীৰ পৰা জালুকবাৰীলৈ, খানাপাৰাৰ পৰা জালুকবাৰীলৈ চলাচল কৰা চিটীবাছসমূহত যাত্রীৰ বাবে নাই কোনো প্রতিৰোধমূলক ব্যৱস্থা৷ যাত্রাৰ আৰম্ভণিৰ পৰা গন্তব্য স্থানলৈ চিটীবাছসমূহে কেইবাটাও বাছ আস্থানত যাত্রী উঠোৱা–নমোৱা কৰে৷ তেনেস্থলত বাছযাত্রীৰ পৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ হোৱাৰো থল আছে৷ মন্দিৰ–মছজিদত প্রার্থনাৰ বাবেও ৰাইজক সমৱেত নহ’বলৈ আহ্বান জনোৱাৰ সময়ত চিটীবাছসমূহত ভিৰ নিয়ন্ত্রণ কৰিবলৈ কোনো পদক্ষেপেই লোৱা নাই সংশ্লিষ্ট বিভাগটোৱে৷ ফলত ৰাজহুৱা পৰিবহণ ব্যৱস্থাই ক’ৰোনা ভাইৰাছৰ বাহক হৈ জনস্বাস্থ্যলৈ ভাবুকি অনাৰ ইংগিত বহন কৰিছে৷ অৱশ্যে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অন্তর্গত ৰে’ল বিভাগে যথেষ্ট পদক্ষেপ গ্রহণ কৰিছে৷

ইতিমধ্যে উত্তৰ–পূব সীমান্ত ৰে’লৱেই এই মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰে’ল ষ্টেচনসমূহ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰাৰ ব্যৱস্থা কৰিছে৷ তদুপৰি দূৰণিবটীয়া আৰু পেছেঞ্জাৰ ৰে’লৰ যাত্রাও বাতিল কৰিছে৷ কিন্তু ৰে’ল যাতায়াতৰ বাবে বৃহৎসংখ্যক লোকে ব্যৱহাৰ কৰে৷ সেয়েহে যিসমূহ ৰে’ল চলাচল কৰি আছে, সেইসমূহত যাত্রা কৰা প্রতিজন যাত্রীক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা ৰে’ল বিভাগে কৰিব পাৰিবনে, তাক লৈও সৃষ্টি হৈছে আশংকা৷ ইয়াৰ পৰিপ্রেক্ষিতত ৰে’লত যাত্রা কৰাটো এতিয়া বিপজ্জনক হিচাপেই পৰিচিত হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি পঞ্জাব চৰকাৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থা নিষিদ্ধ কৰিছে৷

 

You might also like