কোকৰাঝাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ সবিশেষ
-
- বড়ো ভাষাতে ৰাইজক সম্ভাষণ মোডীৰ।
- লগতে বড়ো বস্ত্ৰ আৰ্ণাই আৰু দখানাৰ ৰঙৰ কথাও উল্লেখ মোডীৰ।
- বিশাল জনসমাগম দেখি আপ্লুত প্ৰধান মন্ত্ৰী মোডী সুখী।
- উপেন্দ্ৰ নাথ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্মক সোঁৱৰণ।
- ইমান ডাঙৰ জনসমাগম কেতিয়াও দেখা নাছিল।
- শ্ৰীমন্ত শংকৰদেৱক অসমীয়াতে গভীৰ প্ৰণিপাত জনালে প্ৰধান মন্ত্ৰীয়ে মোডীয়ে।
- গোলাঘাটত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশন সফল হোৱাৰ কামনা।
- লগেত শংকৰদেৱৰ শ্লোক আওৰালে প্ৰধানমন্ত্ৰীয়ে।
- বড়ো চুক্তিয়ে শান্তিৰ পথ মুকলি কৰিছে।
- এই চুক্তিৰ পিছত আৰু বড়ো ভূমিত কোনো হিংসা নহয়।
- ১৯৯৩ আৰু ২০০৩ চনত যি চুক্তি হৈছিল, তাৰ পিছতো শান্তি হোৱা নাছিল, বৰ্তমান চুক্তিয়ে আনিব স্থায়ী শান্তি।
- অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী হব বুলিও উল্লেখ।
- কেন্দ্ৰীয় চৰকাৰে ক্ষীপ্ৰ গতিৰে কাম কৰিছে।
- এতিয়া পূৰ্বলৈ চোৱা সময়।
- উত্তৰ পূৰ্বত এতিয়া বিনিয়োগ বৃদ্ধি হৈছে।
- দিল্লী এতিয়া আপোনালোকৰ দুৱাৰমুখত।
- প্ৰতি ১৫ দিনৰ মূৰে মূৰে কেন্দ্ৰীয় মন্ত্ৰী উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ আহে।
- উত্তৰ পূবত বিমান বন্দৰ নিৰ্মাণ হৈছে আৰু পুৰণি সমূহ মেৰামতি কাম দ্ৰুত ভাৱে চলিছে।
- এই পৰিৱৰ্তন এদিনতে অহা নাই।
- যোৱা ৫ বছৰত আহিছে।
- উত্তৰ পূৰ্বৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে দিল্লী আৰু বাংগালুৰুত হোষ্টেল নিৰ্মাণ কৰা হৈছে।
- ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাক স্মৰণ প্ৰধানমন্ত্ৰী।
- ড০ হাজৰিকা গুজৰাটী জোৱাঁই ৰ লগতে হাজৰিকাৰ পুত্ৰই অসমীয়া আৰু গুজৰাটী জানে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।
- লগেত ড০ হাজৰিকাৰ গীত অসম আমাৰ ৰূপহীৰ গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ
ইমান ৰসাল মাতি। গুনগুনাই প্ৰধানমন্ত্ৰীয়ে। - লগতে নাগৰিকত্ব আইনৰ কথাও উল্লেখ প্ৰধান মন্ত্ৰীৰ।
- কাক লৈ শংকিত হব নালাগে আৰু কোনো বিদেশী অসমলৈ নাহে বুলিও উল্লেখ প্ৰধানমন্ত্ৰীৰ।
- হিংসাৰ পথ ত্যাগ কৰিবলৈ আহ্বান। হিংসা ত্যাগ কৰি দেশৰ বিকাশক যোগদান কৰিবলৈ অস্ত্ৰধাৰী সকলক আহ্বান প্ৰধানমন্ত্ৰী গৰাকীৰ।
- শেষত ভাৰত মাতা কী জয় আৰু মহাত্মা গান্ধী অমৰ হওঁক শ্লগানেৰে ভাষণেৰে সামৰণি মাৰে প্ৰধানমন্ত্ৰীয়ে।
Delighted to be in Kokrajhar. Watch. https://t.co/w4Q5kPPuhJ
— Narendra Modi (@narendramodi) February 7, 2020