নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভগত সিঙৰ দৰে হ’বলৈ গৈ মৃত্যু হ’ল কিশোৰৰ…

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ মধ্য প্ৰদেশৰ মন্দছোৰত সংঘটিত হ’ল এক কৰুণ ঘটনা । এজন ১২ বছৰীয়া কিশোৰে ভগত সিঙৰ দৰে ফাঁচী কাঠত উলমাৰ নাটক কৰি থকা অৱস্থাতে ফাঁচ লাগি মৃত্যুক সাৱতি লয় ।

ঘটনা অনুসৰি, কিশোৰজনে ভগত সিং নাটকৰ এটা ভিডিঅ’ চাইছিল আৰু ঠিক তেনেদৰেই অভিনয় কৰি আছিল । অভিনয়ৰ মাজতে ফাঁচীৰ ৰচীডাল তেওঁৰ ডিঙিত লাগি ধৰি মৃত্যু ঘটে ।

এই খবৰ লাভ কৰিয়ে ফজলপুৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

You might also like