নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষমতালৈ আহিলে বিটিচিপ্রধান হ’ব সাংসদ নৱ কুমাৰ শৰণীয়া

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ বিটিচি নির্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টী আৰু ইয়াৰ সহযোগী সংগঠনসমূহে৷ গণ সুৰক্ষা পার্টীৰ বৃহস্পতিবাৰে প্রথমখন প্রার্থী তালিকা ঘোষণা কৰে৷ দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত গণ সুৰক্ষা পার্টীৰ নেতা তথা সাংসদ শৰণীয়াই মুঠ ১৮টা সমষ্টিৰ বাবে প্রার্থী তালিকা ঘোষণা কৰে৷ আনহাতে দ্বিতীয়খন প্রার্থী তালিকা অহা ১৫ মার্চত ঘোষণা কৰিব বুলি উল্লেখ কৰি তেওঁ কয়– বিটিচিৰ ৪০টা সমষ্টিতে আমি প্রার্থিত্ব দিম৷ এক ইঞ্চি মাটিও যুঁজ নিদিয়াকৈ এৰি নিদিওঁ৷ ইপিনে বিজেপিয়ে বিটিচি নির্বাচনত অকলে অৱতীর্ণ হোৱা প্রসংগত শৰণীয়াই কয় যে বিজেপিয়ে বিটিচি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিলেও সকলোৰে পৰা সমান দূৰত্ব বজাই ৰাখিব৷ বিজেপিয়ে গণ সুৰক্ষা পার্টীৰ প্রার্থীৰ জয়ী হোৱা সমষ্টিত প্রার্থী দিছে৷ কিন্তু বিজেপিয়ে অকলে প্রতিদ্বন্দ্বিতা কৰে নে বিপিএফৰ লগত খেলে তাক লৈ গণ সুৰক্ষা পার্টী শংকিত নহয়৷ ইপিনে সংবাদ মেলত সন্মিলিত জনগোষ্ঠীয় সংগ্রাম সমিতিৰ সভাপতি ব্রজেন মহন্তই কয় যে বিটিচিত গণ সুৰক্ষা পার্টীৰ চৰকাৰ হ’লে নৱ কুমাৰ শৰণীয়া বিটিচিপ্রধান হ’ব৷ একেদৰে বিটিচিৰ ৰাইজ পৰিৱর্তনৰ বাবে সাজু হৈছে বুলি উল্লেখ কৰি মহন্তই কয়– বিটিচি নির্বাচনত এইবাৰ আমাৰ জয় হ’ব৷ ইউ পি পি এলৰ সৈতে আমাৰ মূল যুঁজ হ’ব৷ ঘোষিত প্রার্থীসকলঃ অপ্রতীম বৰা (খালিংদুৱাৰ), ডিম্বেশ্বৰ ৰাভা (ধনশিৰি), বাপন ৰাভা (হৰিশিঙা), মুনীন্দ্র ডেকা (শুক্লাই ছেৰফাং), বনমালী ৰাভা (দৰঙাজুলি), তৃষ্ণা মেধি (বাগানপাৰা), খনীন ডেকা (মুছলপুৰ), মৃদুল/সঞ্জয় (কোকলাবাৰী/শুক্লাই), চক্রধৰ দাস (শালবাৰী), সৰস্বতী দাস (মানস ছেৰফাং), বিদ্যুৎ শৰণীয়া (চিৰাং), ৰমেন্দ্র কোচ (কচুগাঁও), পংকজ দাস (যমদুৱাৰ), থানেশ্বৰ ৰাভা (বৌখুংৰি), অর্পণা দাস (কাজলগাঁও), বিজু শংকৰ ৰাভা (ৰৌতা) আৰু নৱ শৰণীয়া (গুৱেবাৰী)৷

You might also like