পৰম্পৰা ভংগ কৰা যুৱকক উত্তেজিত জনতাৰ লপাথপা
দৌল মহোৎসৱৰ সামৰণিত উত্তপ্ত বৰপেটা সত্রঃ ৰুবুল আমিনক উদ্ধাৰ কৰাত আৰক্ষীও গণৰোষৰ সন্মুখীন
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ এজন ইছলামধর্মী যুৱকে এগৰাকী হিন্দু সম্প্রদায়ৰ যুৱতীক লগত লৈ বৰপেটা সত্রত প্রৱেশ কৰা ঘটনাক কেন্দ্র কৰি যোৱানিশা প্রায় আঠ বজাত বৰপেটা সত্রত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে আৰক্ষী আৰু সচেতন লোকৰ চেষ্টাত পৰিস্থিতি অধিক জটিল তথা অন্য ৰূপ নোপোৱাকৈ নিয়ন্ত্রিত হয়৷ উল্লেখ্য যে সত্রনগৰী বৰপেটাত কালি আছিল শ্রীশ্রীকৃষ্ণৰ দৌল মহোৎসৱৰ অন্তিম দিন৷ তদুপলক্ষে সুৱেৰী উদ্যাপন কৰা হৈছিল৷ অনুষ্ঠানটোত ভাগ লোৱাৰ উদ্দেশ্যে ঐতিহ্যমণ্ডিত বৰপেটা সত্রত অজস্র লোকৰ সমাগম ঘটে৷ নিশা সত্রৰ চৌহদত সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ সময়তে এজন ইছলামধর্মী যুৱকক এগৰাকী হিন্দুু ধর্মাৱলম্বী যুৱতীৰ স’তে সত্রৰ চৌহদত একাংশ যুৱকৰ দৃষ্টিগোচৰ হয়৷ এই খবৰ লগে লগে বিয়পি পৰাত সত্র চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ একাংশ যুৱকে উত্তেজিত হৈ ইছলাম ধর্মাৱলম্বী যুৱকজনক মাৰপিট কৰে৷ লগে লগে একাংশ সচেতন লোকে সত্র চৌহদৰ বাহিৰত থকা আৰক্ষীৰ অস্থায়ী কার্যালয়ত খবৰ দিয়ে৷ খবৰ পোৱাৰ লগে লগে বৰপেটাৰ নগৰ আৰক্ষীৰ উপ–পৰিদর্শক ধনমণি ডেকাৰ নেতৃত্বত পুৰুষ আৰু মহিলা আৰক্ষীৰ দল সত্র চৌহদত প্রৱেশ কৰি সচেতন লোকৰ সহযোগত যুৱকজন আৰু যুৱতীগৰাকীক উদ্ধাৰ কৰি অস্থায়ী কার্যালয়লৈ লৈ আহে৷ আৰক্ষীয়ে দুয়োকে আটক কৰাৰ বাতৰি বিয়পি পৰাৰ পিছতে সত্রৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা, উপ–আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্য আৰু বৰপেটা সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া (প্রবেচনাৰী আই পি এছ) পংকজা যাদৱৰ নেতৃত্বত আৰক্ষী আৰু এছ এছ বি জোৱানৰ এটা দল উপস্থিত হয়৷ আনহাতে কার্যবাহী দণ্ডাধীশ তথা অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, বৰপেটাৰ ৰাজহ চক্র বিষয়া নৱজিৎ পাঠক আৰু সহকাৰী আয়ুক্ত মৌচমপ্রতিম নাথসহ জিলা প্রশাসনৰ দল এটাও ঘটনাস্থলীত উপস্থিত হয়৷ উত্তপ্ত পৰিস্থিতিৰ মাজতে সচেতন লোকৰ সহযোগত আৰক্ষীয়ে যুৱকজনক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ কিন্তু ইয়াৰ পিছতো বহু সময় ধৰি পৰিস্থিতি উত্তপ্ত হৈ থাকে৷ একাংশ উত্তেজিত লোক আৰু আৰক্ষীৰ মাজত বাক্যুদ্ধ চলে৷ ইয়াৰ মাজতে একাংশ উত্তেজিত লোকে আছাম পুলিচ গ’ বেক ধবনিও দিয়ে৷ পিছত বৰপেটা সত্রৰ কাষত বসবাস কৰা স্থানীয় সচেতন লোকৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্রণ হয়৷ উল্লেখ্য যে ইছলামধর্মী যুৱকজনৰ ঘৰ বৰপেটা চহৰৰ গান্ধীনগৰত৷ যুৱকজনৰ নাম ৰুবুল আমিন আৰু যুৱকজন বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ফিজি’থেৰাপী বিষয়ৰ পেৰামেডিকেলৰ ছাত্র৷ আনহাতে হিন্দুু ধর্মাৱলম্বী যুৱতীগৰাকীৰ ঘৰ ধেমাজিত৷ পেগু উপাধিৰ যুৱতীগৰাকী আই চি ইউৰ টেকনিচিয়ান বিষয়ৰ পেৰামেডিকেলৰ ছাত্রী৷ উল্লেখ্য যে পূর্বাপৰ পৰম্পৰা অনুসৰি বৰপেটা সত্র চৌহদত ইছলাম ধর্মাৱলম্বী লোকৰ প্রৱেশত বাৰণ আছে৷ এই পৰম্পৰাক সন্মান কৰি বৰপেটাৰ ইছলাম ধর্মাৱলম্বী লোকসকলেও বছৰ বছৰ ধৰি দাঙি ধৰি আহিছে একতাৰ নিদর্শন৷ বৰপেটাৰ ইছলাম ধর্মাৱলম্বী লোকসকলে সত্রৰ চৌহদত প্রৱেশ নকৰে৷ কিন্তু কালি দৌল মহোৎসৱৰ অন্তিম দিনটোত সত্রবাসীৰ ধর্মীয় আৱেগ–নুভূতিক আঘাত হানি স্থানীয় ইছলামধর্মী যুৱকজনে হিন্দুু যুৱতীক লগত লৈ সত্র চৌহদত প্রৱেশ কৰা ঘটনাই স্বাভাৱিকতে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷