ক’ৰোনাৰে যুঁজলৈ ৰাইজৰ সঁহাৰিঃ অসম আৰোগ্য নিধিত ৯৯.২২ কোটি টকা জমা
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ক’ৰোনাৰে সৈতে যুঁজলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি । শনিবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, এই পৰ্যন্ত অসম আৰোগ্য নিধিত ৯৯.২২ কোটি টকা জমা হৈছে ৷
য’ত বৰঙণি আগবঢ়াইছে ৪৫ হাজাৰ ৮২৯ গৰাকী ব্যক্তিয়ে ৷ উল্লেখ্য যে অসম আৰোগ্য নিধিলৈ বৰঙণি হিচাপে আগবঢ়োৱা সকলো ধন ৮০ জি (১) অনুচ্ছেদৰ অধীনত আয়কৰৰ পৰা এশ শতাংশই ৰেহাইযোগ্য ৷
ইপিনে অসম আৰোগ্য নিধিলৈ আৰ্থিক অনুদান আগবঢ়োৱা লোকসকলক কৃতজ্ঞতা জ্ঞাপন কৰি মন্ত্ৰী ড০ শৰ্মাই কয়- কোভিড-১৯ ৰ বিৰুদ্ধে আমাৰ অভিযান অধিক সফল কৰিবলৈ আপোনালোকৰ অকুণ্ঠ সঁহাৰি আমাৰ কাম্য ৷
Gratitude Assam for this amazingly generous outpouring of your affection.
By today, our Assam Arogya Nidhi fund has reached Rs 99.22 cr. So far 45829 people have contributed. All donations are eligible for 100% deductions under 80G.
Come one, come all.#IndiaFightsCOVID19 pic.twitter.com/wnK4h8jK8l
— Himanta Biswa Sarma (@himantabiswa) April 18, 2020