নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীনগৰৰ চিকিৎসালয়ৰ পৰা পলায়ন ২৬ সন্দেহজনক ক’ৰোনা আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ কাশ্মীৰৰ শ্ৰীনগৰৰ জৱাহৰলাল নেহৰু মেমৰিয়েল চিকিৎসালয়ত দেওবাৰে তাণ্ডৱ চলাই একাংশ ৰোগীৰ আত্মীয়ই । এই তাণ্ডৱৰ পাচতেই ৰণক্ষেত্ৰত পৰিণত হয় চিকিৎসালয়খন । ঘটনাৰ সুযোগ বুজি চিকিৎসালয়ৰ আইছুলেচন ৱাৰ্ডৰ পৰা পলায়ন কৰে ২৬ জনকৈ সন্দেহজনক ক’ৰোনা আক্ৰান্ত । ২৬ জনৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতিৰ আশংকা কৰিয়ে চিকিৎসকে বিগত কিছুদিন ধৰি আইছুলেচন ৱাৰ্ডত ৰাখিছিল ।

এই ২৬ জন ৰোগীয়ে পলায়ন কৰাৰ পাচতেই এতিয়া সমগ্ৰ কাশ্মীৰত ক’ৰোনা ভাইৰাছ বিয়পি পৰাৰ আশংকা কৰিছে প্ৰশাসনে । ২৬ জনৰ ১ জন অথবা ২ জনৰ শৰীৰত ক’ৰোনা পজিটিভ পালেও সমগ্ৰ কাশ্মীৰৰ বাবে নামি আহিব বিপদ ।

বিগত কিছুদিন ধৰি জৱাহৰলাল নেহৰু মেমৰিয়েল চিকিৎসালয়খনত ৰোগীৰ ভিৰ বাঢ়িছিল । ৰোগীৰ আত্মীয়ৰ অভিযোগ যে চৰম অৱস্থাৰ মাজেৰে চলিছে চিকিৎসালয়খন, যাৰ ফল ভোগ কৰিব লগা হৈছে ৰোগীয়ে । ফলত দেওবাৰে ৰোগীৰ আত্মীয়ই এই কাৰ্যৰ বিক্ষোভ কৰাৰ পাচতেই ৰণক্ষেত্ৰলৈ পৰিণত হয় চিকিৎসালয়খন ।

উল্লেখ্য যে, বৰ্তমানলৈকে জম্মু কাশ্মীৰত ৩৩ জন লোক আক্ৰান্ত হৈছে ক’ৰোনাত । ৬৭ বছৰীয়া এগৰাকী বৃদ্ধাই মৃত্যুক সাৱটি ল’বলগীয়াৰ দৰে ঘটনাও সংঘটিত হৈছে ৰাজ্যখনত । ইয়াৰ পাচতেই এতিয়া চিকিৎসালয়ৰ পৰা পলাই যোৱা এই ২৬ গৰাকী ৰোগীক লৈ চিন্তিত হৈ পৰিছে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে সাধাৰণজন ।

You might also like