নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাৰ ছাল শোটোৰা পৰিলেও মন-আত্মাৰ ছাল শোটোৰা পৰিবলৈ নিদিব

জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ডাইৰেক্টৰী উন্মোচনী সভাত হোমেন বৰগোহাঞি

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ জ্যেষ্ঠ নাগৰিক সন্দর্ভত থকা ৰাষ্ট্রসংঘৰ নীতি, ৰাষ্ট্রীয় নীতি, ৰাজ্যিক নীতি–২০১৬ৰ বিশদ বিৱৰণসহ ‘অসম জ্যেষ্ঠ নাগৰিক সন্মিলন’ৰ ডেৰ দশকজোৰা ইতিহাস সম্বলিত কাহিনী আৰু ৰাজ্যিক, জিলা, শাখাসমূহৰ ন–শতাধিক লোকৰ ফটো আৰু ঠিকনাযুক্ত তথ্যসমৃদ্ধ ডাইৰেক্টৰী–২০১৯ এক গাম্ভীর্যপূর্ণ পৰিৱেশত যোৱা ১১ জানুৱাৰীত গুৱাহাটীৰ বেলতলাস্থিত অমলপ্রভা ভৱন প্রেক্ষাগৃহত অসমৰ ভিন্ন প্রান্তৰ পৰা অহা দুই শতাধিক জ্যেষ্ঠ নাগৰিকৰ ডপস্থিতিত প্রথিতযশা সাহিত্যিক আৰু ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে ডন্মোচন কৰে৷ বেলতলা জ্যেষ্ঠ নাগৰিক চ’ৰাৰ শিল্পীবৃন্দৰ দ্বাৰা পৰিৱেশিত সন্মিলনৰ শীর্ষ গীতেৰে দিনৰ ১১ বজাত শুভাৰম্ভ কৰা এই ডন্মোচনী সভাৰ ডদ্বোধনী ভাষণত সন্মিলনৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক ধীৰেন্দ্র নাথ চক্রৱর্তীয়ে সন্মিলনৰ প্রতিষ্ঠাপক সভাপতি অৱসৰপ্রাপ্ত ন্যায়াধীশ প্রয়াত ডম্বৰুধৰ পাঠক প্রমুখ্যে তেওঁৰ অগ্রজ পৰলোকগত প্রতিষ্ঠাপক সদস্যসকলক শ্রদ্ধাৰে সুঁৱৰি ডাইৰেক্টৰী–২০১৯ গ্রন্থ প্রকাশেৰে ডদ্যোক্তাসকলে পূর্বৰ অগ্রজসকলৰ সপোনক বাস্তৱ ৰূপায়িত কৰিছে বুলি অভিনন্দন আৰু শলাগ জ্ঞাপন কৰে৷ তেওঁৰ স্বভাৱসুলভ অগ্ণিবর্ষা ভাষণত অসমৰ স্বাধীনচিতীয়া মনৰ জনগণৰ ঐতিহাসিক পৰম্পৰা দাঙি ধৰি ভিন্ন সময়ত অসমীয়া জাতীয় জীৱনত নেতৃত্ব দিয়া বৰেণ্য লোকসকলৰ কর্মৰ আদর্শৰে আজিৰ প্রজন্মই বাট বুলিব লাগিব বুলি উল্লেখ কৰে৷ সাম্প্রতিক ৰাজ্যখনৰ অগ্ণিগর্ভা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাম্প্রতিক অসমীয়া সমাজত বৌদ্ধিক নেতৃত্ব দিবলৈ হোমেন বৰগোহাঞি আৰু ড০ নগেন শইকীয়াৰ দৰে সর্বজন শ্রদ্ধেয় জাতীয় চিন্তাৰ নায়ক আছে বুলি মন্তব্য কৰি তেওঁ দৃঢ়তাৰে ঘোষণা কৰে যে অসমীয়া জাতি নমৰে৷ গ্রন্থ ডন্মোচনী ভাষণত হোমেন বৰগোহাঞিয়ে কয়– সভাত ডন্মোচিত হোৱা এই ডাইৰেক্টৰী–২০১৯ নিঃসন্দেহে অসমৰ সমাজ জীৱনৰ ইতিহাসত এক মাইলৰ খুঁটা৷ তেওঁ কয় যে চিকিৎসা বিজ্ঞানৰ অভূতপূর্ব ডত্থানে মানুহৰ আয়ুসকাল বৃদ্ধি কৰিব লাগিছে৷ কিন্তু সেই আয়ুস বৃদ্ধিৰ ফলত সত্তৰ বছৰীয়া বা নব্বৈ বছৰীয়া মানুহ এজনৰ জীৱনটো যদি কর্মহীনতাৰ ফলস্বৰূপে ব্যস্ততাহীন, ৰুগীয়া কিম্বা সমাজ আৰু পৰিয়ালৰ অৱহেলিত হৈ কেৱল মৃত্যুৰ অপেক্ষাত থাকিবলগীয়া হয়, তেন্তে সেই দীর্ঘ জীৱন হৈ ডঠিব অভিশাপস্বৰূপ৷ সেয়ে এনে অভিশপ্ত জীৱনৰ বিপৰীতে দীঘলীয়া জীৱন অর্থপূর্ণ কৰি তুলিবলৈ হ’লে মানুহ জীয়াই থাকে মানে কর্মত প্রবৃত্ত হ’ব পাৰিব লাগিব, ৰোগৰ পৰা হাত সাৰি থাকিবলৈ স্বাস্থ্যৱান হৈ থাকিব লাগিব৷ ইয়াৰ বাবে মানুহৰ ডচ্চাকাংক্ষা থাকিব লাগিব বুলি সজোৰে কৈ তেওঁ বৃদ্ধ বয়সত গাৰ ছাল শোটোৰা পৰিলেও মনৰ আৰু আত্মাৰ ছাল শোটোৰা পৰিবলৈ নিদিবলৈ সকলোৰে প্রতি আহ্বান জনায়৷ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনক এতিয়া অধিক সক্রিয় সংগঠন বুলি মন্তব্য কৰি সকলো স্তৰৰ জ্যেষ্ঠ নাগৰিকসকলক কর্মব্যস্ততাত নিজকে জডিত কৰাৰ ডপায়সমূহ নির্ধাৰণ কৰিবলৈ তেওঁ পৰামর্শ আগবঢ়ায়৷ বৃদ্ধ বয়সত স্মৃতিশক্তি লোপ পোৱাৰ প্রসংগ টানি ইয়াক ৰোধ কৰিবলৈ কিতাপ পঢ়া, বাতৰিকাকতৰ প্রতিপৃষ্ঠা মনোযোগ দি পঢ়া, অভিধানৰ শব্দ মুখস্থ কৰা আৰু গভীৰ চিন্তাত নিমগ্ণ হোৱাত প্রবৃত্ত হ’বলৈ তেওঁ পৰামর্শ দিয়ে৷ বৰগোহাঞিয়ে কয় যে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ডত্থান অসমৰ সমাজ জীৱনত এক ডল্লেখযোগ্য ঘটনা৷ ডাইৰেক্টৰী–২০১৯ ৰ প্রকাশৰ আঁৰৰ কাহিনী বিস্তাৰিতভাৱে দাঙি ধৰে সম্পাদক সুৰেশ চন্দ্র শইকীয়াই৷ চাৰি বছৰজুৰি চলি থকা এই প্রক্রিয়াৰ ভিন্ন দিশমুখী যোগাত্মক আৰু ঋণাত্মক কথাবোৰ ডন্মোচিত হয়৷ এই ডন্মোচনী সভাতে ২০০৩ চনৰ ১০ এপ্রিলত স্থাপিত ৰাজ্যিক সন্মিলনখনৰ ২৯গৰাকী প্রতিষ্ঠাপক সদস্যৰ ভিতৰত ডপস্থিত থকা অধ্যাপক মহেশ চন্দ্র ভূঞা, সুসাহিত্যিক, শিল্পী এলি আহমেদ, অৱণী কুমাৰ শর্মা আৰু সন্মিলনৰ প্রতীকচিহ্ণৰ স্রষ্টা, চিত্র–ভাস্কর্য শিল্পী নীলপৱন বৰুৱালৈ আৰু সন্মিলনৰ একালৰ সভাপতি, সুলেখক তবিডল হুছেইনক সম্বর্ধনা জ্ঞাপন কৰা হয়৷ এই সভাত অংশগ্রহণকাৰী সকলোলৈ শলাগৰ শৰাই আগবঢ়ায় সহকাৰী প্রধান সম্পাদক প্রসন্ন কুমাৰ বৰঠাকুৰে৷ আদৰণী ভাষণেৰে সদৌজনকে সভাথলীলৈ সম্ভাষণ জনাই সম্পূর্ণ দুঘণ্টাজুৰি চলা গ্রন্থ ডন্মোচনী সভাৰ আঁত ধৰে সন্মিলনৰ প্রধান সম্পাদক বানেশ্বৰ খাডণ্ডে৷ সভাৰ অন্তত দুপৰীয়া আহাৰ গ্রহণৰ পাছতে ডপস্থিত থকা বিভিন্ন শাখাসমূহৰ নামত আবণ্টিত ডাইৰেক্টৰীসমূহ বিতৰণ কৰা হয়৷

You might also like