নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিংগ গ্লোবেল চিনেমা মহোৎসৱত উৎপল দত্তৰ বহুবৃত্ত

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ অহা ১৮ জানুৱাৰীৰ পৰা ওড়িশাৰ কিটছ বিশ্ববিদ্যালয় চৌহদত হ’ব লগা চতুর্থ কলিংগ গ্লোবেল ফিল্ম ফেষ্টিভেলত প্রদর্শনৰবাবে নির্বাচিত হৈছে চলচ্চিত্র সমালোচক আৰু চুটি ছবি নির্মাতা উৎপল দত্তৰ শেহতীয়া ব্যয়বহুল চুটি ছবি ‘বহুবৃত্ত’৷ অসম চৰকাৰৰ উচ্চপদস্থ প্রশাসনীয় বিষয়া আৰু লেখক স্বপ্ণা দত্ত ডেকাৰ এটি কবিতা ‘বহুবৃত্ত’ৰ ভেটিত নির্মাণ কৰা হৈছে এই চুটি ছবিখন৷ একোগৰাকী শিক্ষিতা নাৰীয়ে যে পৰম্পৰা লোকবিশ্বাস, পুৰুষ আধিপত্য, সীমাবদ্ধ বাস্তৱ আদিৰ বিভিন্ন বৃত্তৰ মাজত ঘূৰি থাকিও নিজৰ মনৰ ভিতৰৰ ছন্দোময় জীৱনৰ আনন্দ উপভোগ কৰিব পাৰে, মুক্তিৰ আনন্দ উপভোগ কৰিব পাৰে, সেই কথাকে কবিতাটিৰ মাজেৰে কোৱা হৈছে আৰু এই বক্তব্যৰ ভেটিতেই ছবিখন গঢ় লৈ উঠিছে৷ এই চুটি ছবিখন ‘পয়েড্রী ফিল্ম’ শৈলীত নির্মিত আৰু এই শৈলীত চিনেমা নির্মাণৰ প্রয়াস তেনেই সীমিত৷ উল্লেখ্য যে ইয়াৰ আগতে দত্তৰ ‘বাইলেন টু’ নামৰ ছবিখনো ইণ্ডিয়ান পেন’ৰামাত প্রদর্শিত হৈছিল৷ ‘বহুবৃত্ত’ ইতিমধ্যে ভাৰতৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেন’ৰামা, কৌটিক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্রদর্শিত হৈছে আৰু সমালোচকৰ প্রশংসা অর্জন কৰিছে৷ ষষ্ঠ ৰাজস্থান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলতো ছবিখনে অফিচিয়েল ছিলেকচন হিচাপে প্রদর্শিত হ’ব৷ উল্লেখ্য যে মুম্বাইত প্রতিষ্ঠিত অসমৰ প্রসিদ্ধ শব্দযন্ত্রী অমৃত প্রীতমে এই ছবিৰ যোগেৰেই সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰিছে আৰু প্রথম ছবিৰ যোগেৰেই তেওঁ সংগীত ৰচনাত পাৰদর্শিতা প্রদর্শন কৰিছে বুলি সমালোচকে মন্তব্য কৰিছে৷ তেওঁ এই ছবিখনৰ ছাউণ্ড ডিজাইনিঙৰ কামো কৰিছে৷ ছবিখনৰ শব্দ সংযোজন কৰা হৈছে ৫.১ পদ্ধতিত, যিয়ে ছবিখনৰ দৃশ্য ৰূপটোক অধিক তীব্র আৰু সংবেদনক্ষম কৰি তুলিছে৷ মুম্বাইৰ প্রসিদ্ধ চলচ্চিত্র সম্পাদক অসীম সিন্হাই এই ছবিখন সম্পাদনা কৰিছে৷ শ্যাম বেনেগালৰ ‘মাম্মো’, ‘জুবেইদা’, ‘ৱেলকাম টু চজ্জনপুৰ’ আদি ছবিৰ সম্পাদক অসীম সিন্হাৰ এইখন প্রথম অসমীয়া ছবি৷ ছবিখনৰ দৃশ্যগ্রহণৰ কাম কৰিছে অসমৰ তৰুণ প্রজন্মৰ চিত্রগ্রহণকাৰী নগেন বৈশ্যই৷ বৈশ্যৰ শেহতীয়া উল্লেখযোগ্য কাম হ’ল জুবিন গার্গৰ ‘কাঞ্চনজংঘা’ৰ আংশিক চিত্রগ্রহণ৷ ছবিখনৰ শিৰোনাম অংকন কৰিছে কলকাতাৰ প্রসিদ্ধ চিত্রশিল্পী সৌৰিশ মিত্রই৷ পোষ্টাৰ ডিজাইন কৰিছে ড০ সঞ্জীব বৰাই৷ ছবিখনৰ দুটি চৰিত্রত অভিনয় কৰিছে উদয়ন দুৱৰা আৰু প্রণামী বৰাই৷ ছবিখনৰ নির্মাণৰ বিভিন্ন দিশত সহযোগ কৰিছে ৰমেন বৰা আৰু অনুপম হাজৰিকাই আৰু পৰিচালনাৰ দিশত সহায় কৰিছে সীমান্ত বার্মাই।

You might also like