নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী–উত্তৰ গুৱাহাটীলৈ নিশা ১১ বজালৈ চলিব ফেৰী

নিয়মীয়া বাৰ্তা, ৭ মে’: গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী ঘাটেৰে পাৰ হোৱা যাত্রীসকলৰ বাবে আজি এটা সুখবৰ কঢ়িয়াই আনিছে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীঘাটত জাহাজ চলাচলৰ ব্যৱস্থা কৰিছিল যদিও যাত্রীসকলৰ চাহিদা অনুপাতে ফেৰীৰ ব্যৱস্থা কৰিব পৰা নাছিল৷ বিশেষকৈ নিশাৰ যাত্রীসকলে বহু অসুবিধা ভোগ কৰিবলগীয়া হৈ আছিল৷

নিশা ১১ বজালৈ ফেৰী চলাচল কৰোৱাৰ দাবী যাত্রীসকলৰ এটা দীর্ঘদিনীয়া দাবী আছিল৷ ইয়াৰ পূর্বে উত্তৰ গুৱাহাটী মাজগাঁও ঘাটেৰে নিশা ৯.৪৫ বজালৈ চলিছিল ফেৰী সেৱা৷ কিন্তু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটী– উত্তৰ গুৱাহাটী মাজগাঁও ঘাটেৰে নিশা ১১ বজাত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী লৈ ফেৰী চলাচল কৰোৱাৰ কথা ঘোষণা কৰে৷

জল পৰিবহণ বিভাগে জনোৱা মতে ‘এম ভি সুদর্শন’ নামৰ নতুন ফেৰীখন নিশা ১১ বজাত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী মাজগাঁও ঘাটলৈ যাত্রা কৰিব আৰু নিশা ১১.১৫ বজাত গুৱাহাটীলৈ ফেৰী যাব৷ এই ফেৰীখনত ১০০জন যাত্রী আৰু ৬০খন দুচকীয়া বাহন পাৰাপাৰ কৰাৰ সুবিধা আছে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্তক ৰাইজে আদৰণি জনাইছে৷

You might also like