নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী-যোৰহাট সংযোগী দলংৰ বিসংগতি পূৰ্ণ খুঁটাৰ পৰ্যবেক্ষণ কাৰিকৰী বিশেষজ্ঞৰ দলৰ

কাৰিকৰী দিশত বিসংগতি থকা বুলি স্বীকাৰ কাৰিকৰী অভিযন্তাৰ

নিয়মীয়া বাৰ্তা, ৭ মে’: আৰম্ভণিতেই মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত লাগিছে কেনা ৷ নিৰ্মাণকাৰী সংস্থা UP State Bridge Corporation ৰ নিম্নমানৰ কামৰ বাবে দংলৰ ৮ আৰু ১১ নম্বৰ খুটাত ফাট মেলাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছিল। দলংৰ উক্ত বিসংগতি সন্দৰ্ভত নিয়মীয়া বাৰ্তাত ধাৰাবাহিক প্ৰতিবেদনত সবিষ্টাৰে প্ৰকাশ হৈছিল। মাজুলীৰ সংবাদ মাধ্যম আৰু দল সংগঠনে মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত সংঘটিত হোৱা বিসংগতি তথা আসোঁৱাহৰ তথ্য পোহৰলৈ অনাৰ পিছতে লোক নিৰ্মাণ ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ নিৰ্দেশ মৰ্মে দলঙৰ খুঁটাৰ পকী কাম সাময়িক ভাৱে বন্ধ ৰাখিছে।

UP State Bridge Corporationয়ে নিৰ্মাণ কৰা দলংৰ ৮ আৰু ১১ নম্বৰ খুটাৰ পাইলিংৰ সংযোগত বালি আৰু চিমেন্ট মিহলোৱা পৰিমাণ তাৰতম্য ৰখাৰ বাবেই বৃহৎ ফাক ধৰা পৰিছিল। ইয়াৰ পিছতে আজিৰ পৰা দুদিনৰ আগতে মাজুলীত উপস্থিত হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰিকৰী বিশেষজ্ঞৰ দলে আজি আৰম্ভ কৰিছে খুটাৰ পৰীক্ষণ প্ৰক্ৰিয়া ৷গুৱাহাটীৰ পৰা অহা কাৰিকৰী দলৰ অভিযন্তা অক্ষেন্দ পাটগিৰি আৰু অনুপ চাহু নামৰ দুজন সহকাৰী অভিযন্তা আৰু কাৰিকৰী অভিযন্তা উপস্থিত হৈ কেৱল আঠ নম্বৰ খুটাৰ ফাট মেলা অংশত পৰীক্ষা আৰম্ভ কৰে যদিও সম্পূৰ্ণ খুটাতো খান্দি নোলোৱাকৈ কেৱল অলপ অংশৰহে পৰীক্ষা কৰাত ক্ষোভিত হৈ পৰে উপস্থিত সত্ৰাধিকাৰ সহ স্থানীয় ৰাইজ আৰু দল-সংগঠন ।

পৰীক্ষা স্থলীত যুৱ ছাত্ৰ পৰিষদৰ দল , দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰধিকাৰ জনাৰ্দন দেৱ গোস্বামী উপস্থিত হৈ অভিযন্তা দুগৰাকীয়ে ৮ নম্বৰ খুঁটাৰ ফাট অংশ টাপলি মাৰি পৰীক্ষাৰ নামত ভেঙুচালি কৰিব বিচাৰিছে বুলি মন্তব্য কৰি সত্ৰধিকাৰ গৰাকীয়ে সম্পূৰ্ণ খুটাটোৰ চাৰি কাষ খান্দিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰয়োজনত দুটা খুটা ভাঙিবলৈ আহ্বান জনায়। সত্ৰাধিকাৰ গৰাকীয়ে কেৱল এই দুটা – খুটাতেই নহয় বৰ্তমানলৈকে নিৰ্মাণ কাৰ্য চলি থকা ১২ টা খুটাতেই বিসংগতি হোৱাৰ অৱকাশ আছে বুলি মন্তব্য কৰে। বিভাগীয় লোকে খুটা পৰীক্ষাৰ নামত যি নমুনা দেখুৱাইছে সেয়া কোনো কাৰনতেই গ্ৰহণযোগ্য নহয় বুলি বিভাগৰ লোকক কঠোৰ সমালোচনা কৰাৰ প্ৰতিটো খুটা পৰীক্ষা কৰিলেহে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা কাৰ্য ধৰা পৰিব বুল মন্তব্য কৰাৰ লগতে মূল নিৰ্মাণকাৰী সংস্থা ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেছন কোম্পানীয়ে নিজেই কামেই যদি কৰিব নোৱাৰে কিয় বৃহৎ প্ৰকল্পৰ আৱন্টন লৈছিল বুলি মন্তব্য কৰি বৰ্তমান কামৰ দায়িত্ব দিয়া BRC কোম্পানীয়ে পূৰ্বে দলং নিৰ্মাণ কৰিছিল নে নাই তাৰ এক উচিত তদন্ত কৰাৰো প্ৰয়োজন আছে বুলি কৈ ৰাজ্য চৰকাৰ খনৰ সন্মানৰ স্বাৰ্থত মুখ্যমন্ত্ৰী জনৰ হস্তক্ষেপৰ আহ্বান জনাইছে সত্ৰাধিকাৰগৰাকীয়ে ৷

ইফালে পৰীক্ষা কৰা স্থলীত উপস্থিত থকা যুৱ ছাত্ৰ পৰিষদৰ অলিন হাজৰিকাই দলংৰ খুটাৰ বহণ ক্ষমতা পৰীক্ষাৰ নামত লোক নিৰ্মাণ বিভাগে বিশ্বাসযোগ্য কাম কৰা নাই বুলি অভিযোগ তুলি আটাইতকৈ অধিক বিসংগতিৰ প্ৰমাণ থকা ১১ নম্বৰ খুটাৰ বিপৰীতে কেৱল ৮ নম্বৰ খুটাৰ বিসংগতিহে পৰ্যবেক্ষন কৰাটো ৰহস্যজনক বুলি মন্তব্য কৰি ১১ নম্বৰ খুটাৰ বিসংগতি ঢাকিবলৈ নিৰ্মাণ কোম্পানীয়ে মইমতাৰিলে ৩০ এপ্ৰিলত বিসংগতি উলোৱাৰ পিছত ১ মে’ত চিংকিং কৰি ভূগৰ্ভত খুটাটো পুটি পেলোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই ১১ নম্বৰ খুটাটো ভাঙি পেলোৱাৰ হুকাংৰ দিয়াৰ লগতে লোক নিৰ্মাণ বিভাগে দলংৰ নিৰ্মাণ চলি থকা ১২ টা খুটাৰ বহণ ক্ষমতা তন্ন তন্ন কৈ পৰীক্ষা নকৰিলে মাজুলী বাসীৰ সহযোগত জংগী আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী গৰাকীকৰ হস্তক্ষেপ দাবী কৰিছে যুৱ ছাত্ৰ পৰিষদে।

ইফালে কাৰিকৰী বিভাগীয় বিষয়াৰ পৰা এই পৰীক্ষাৰ সম্পৰ্কে জানিব বিচৰাত কাৰিকৰী দিশত বিসংগতি থকা বুলি স্বীকাৰ কৰে ৷ সাংবাদিকে ১১ নম্বৰ খুটাটো বিসংগতি আছে কিয় পৰ্যবেক্ষণ কৰা নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত-আমি হাই অথৰিটিক এই সম্পৰ্কে জনাম আৰু যি ব্যৱস্থা লবলৈ কয় লম বুলি গা -এৰা মন্তব্য প্ৰদান কৰে।এই কাৰিকৰী লোক দুজনে লোক নিৰ্মাণ বিভাগৰ উচ্চ পদস্থ বিষয়াৰ পৰা পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত দলংৰ কাম বন্ধ থাকিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ জানিব পৰা মতে দলংখনৰ খুটা সমূহ ১৩০ ফুট গভীৰতালৈকে পাইলিং কৰিব লাগিব। খুটাৰ বাহিৰত ৰদ ৩২ এম এমৰ ১১৫ ডাল আৰু ভিতৰত ১৬ এম এমৰ ৭০ ডাল ৰদ থাকিব লাগে ৷ আনহাতে বৰ্তমানলৈকে নিৰ্মাণ হোৱা প্ৰতিটো খুটা ৩২/৪০ ফুট পৰ্যন্ত ভূগৰ্ভত সোমাল আৰু আটাইকেইটা খোটাৰ বহণ ক্ষমতা পৰীক্ষা কৰিব লগা হলে কেনেদৰে কৰিব বুলি বিভিন্ন জনে প্ৰশ্ন তুলি এই পৰীক্ষা-নিৰীক্ষা বুমেৰাং হব বুলি মন্তব্য কৰিছে ৷ এক কথাত গুৱাহাটীৰ পৰা দুজন অভিযন্তাৰ প্ৰাৰম্ভিক তদন্ত এক প্ৰকাৰে বিফল হল বুলিয়ে বিভিন্ন জনে মন্তব্য কৰাৰ লগতে উচ্চ পৰ্যায়ৰ কাৰিকৰী দল ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰনালয়ৰ পৰা নহালৈকে পুনৰ কাম বন্ধ থাকিব বুলি লোক নিৰ্মাণ বিভাগৰ লোকে সাংবাদিকক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে দলংৰ বিসংগতি পৰীক্ষাৰ বাবে আহি কাৰিকৰী দলে থেৰো-গেৰো কৰি থকালৈ চাই এই পৰীক্ষা সঠিক নহব বুলি দৈনিক জনমভূমিত আজি এক প্ৰতিবেদন প্ৰকাশ পাইছিল। উল্লেখযোগ্য যে দলং সংযোগী পথৰ সৈতে মুঠ ৮.২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজুলী-যোৰহাটৰ মাজত বহু প্ৰত্যাশিত দলং খনৰ কামৰ বাবে মুঠ ৯২৫.৪৭ কোটি টকা ব্যয় হব যদিও ৬০০.৫৩ কোটি টকা মূল দলংৰ কামত ব্যয় হ’ব।

প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড

You might also like