নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়গাওঁ মহাবিদ্যালয়ে প্ৰস্তুত কৰিলে হেণ্ডছেনিটাইজাৰ

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ সমগ্ৰ বিশ্বতে এতিয়া আতংকৰ সৃষ্টি হৈছে ক’ৰোনা ভাইৰাছক লৈ।ক’ৰোনা ভাইৰাছ লৈ ৰাজ্য চৰকাৰে ৰাইজক সজাগ হ’বলৈ আহ্বান জনোৱা দেখা গৈছে।ক’ৰোনা ভাইৰাছৰ পৰা সকাহ পাবলৈ ঔষধ দোকানৰ পৰা ৰাইজে ক্ৰয় কৰিছে মাক্স,হেণ্ডছেনিটাইজাৰ।এতিয়া ঔষধৰ দোকানতত অভাৱ হৈছে এই হেণ্ডছেনিটাইজাৰৰ।হেণ্ডছেনিটাইজৰৰ অভাৱ পূৰণ কৰিবলৈ এইবাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ গড়গাওঁ মহাবিদ্যালয়ৰ চাইন্স ফ’ৰামে মহাবিদ্যালয়তে প্ৰস্তুত কৰি উলিয়াইছে হেণ্ডছেনিটাইজাৰ।এলকহল,হাইড্ৰ’জেনপেৰ’অক্সাইড,গ্লিচাৰিন তিনিটা দ্ৰৱ্য প্ৰয়োগ কৰি গড়গাওঁ মহাবিদ্যালয়ৰ চাইন্স ফ’ৰামে ১০০টাকৈ হেণ্ডছেনিটাইৰাজৰ সৰু সৰু বটল প্ৰস্তুত কৰি উলিয়াইছে।গড়গাওঁ মহাবিদ্যালয়ে এইদৰে হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰি শুক্ৰবাৰে ধিতাইপুখুৰীৰ কৈৱৰ্ত্ত গাঁ‌ৱত অনুষ্ঠিত কৰে ক’ৰোনা ভাইৰাছ শীৰ্ষক এক সজাগতা অভিযান কাৰ্য্যসূচী।এই সজাগতা অভিযান কাৰ্য্যসূচীতেই ধিতাইপুখুৰী কৈৱৰ্ত্ত গাঁওৰ প্ৰতি ১০০ ঘৰে ঘৰে গৈ বিতৰণ কৰে গড়গাওঁ মহাবিদ্যালয়ে নিজে প্ৰস্তুত কৰি উলিওৱা হেণ্ডছেনিটাইজাৰ আৰু লগতে চাবোন,ক’ৰোনা ভাইৰাছ সম্পৰ্কীয় সজাগতা প্ৰচাৰ পত্ৰিকা আদি বিতৰণ কৰে,আৰু ৰাইজক ভয়,আতংক,হতাশ নোহোৱাৰ বিপৰীতে সজাগ হ’বলৈ আহ্বান জনাই ক’ৰোনা ভাইৰাছৰ পৰা।

You might also like