নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CBCS সম্পর্কে কিছু কথা

প্রতিভা ডেকা

সম্প্রতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়বোৰতUnder Graduate LevelতCBCS অর্থাৎChoice Based Credit System প্রৱর্তন কৰা হৈছে৷ এইcurriculum যোৱা ২০১৯ চনৰ ১ আগষ্টৰ পৰা আৰম্ভ হোৱা নতুন শিক্ষাবর্ষৰ পৰা বলৱৎ কৰা হৈছে৷
স্নাতক মহলাৰ ছটা ছেমিষ্টাৰৰ বাবে প্রযোজ্য হোৱা এই নতুন পাঠ্যক্রম নিশ্চয় এক ব্যতিক্রমী পদক্ষেপ৷ ছাত্র–ছাত্রীসকলে যাতে নিজৰ পছন্দ আৰু পাৰদর্শিতা অনুসৰি বিষয় বাছনি কৰিব পাৰে, তাৰ বাবে নিশ্চয় এক পৰম্পৰাগত পাঠ্যক্রমৰ অৱসান ঘটাই এক নতুন, অগতানুগতিক পাঠক্রম কার্যকৰী কৰা হৈছে৷
এই নতুন পাঠ্যক্রমত যেতিয়াB.A.ৰ প্রথম ছেমিষ্টাৰত ছাত্র–ছাত্রী নামভর্তি কৰিবলৈ আহে, তেতিয়া তেওঁলোকক সোধা হয় তেওঁলোকে কি বিষয়ত অনার্ছ লৈ পঢ়িব৷ উল্লেখ্য যে এই অনার্ছ নামটো আগৰ পাঠ্যক্রমৰ মেজৰ(Major)ৰ সলনি ব্যৱহাৰ কৰা হৈছে৷ যিয়ে নহওক, আচল কথাটো হ’ল যিসকল ছাত্র–ছাত্রীয়ে অনার্ছ লৈB.A. পঢ়িব, তেওঁলোকেGeneral English পঢ়িব নালাগে৷ অথচ আগৰ পাঠ্যক্রমতGeneral English আছিল এটা বাধ্যতামূলক বিষয়৷ সেই পাঠ্যক্রমতGeneral English আৰুMILত প্রয়োজনীয় ম্বৰ নাপালেB.A পাছ কৰাৰ আশা আছিল মিছা৷ কিন্তু এতিয়া এই বিষয় দুটা অধ্যয়নৰ পদ্ধতিৰ যথেষ্ট পৰিৱর্তন কৰা হৈছে৷
প্রথম ছেমিষ্টাৰত নামভর্তি কৰা ছাত্র–ছাত্রীসকলে বাধ্যতামূলক বিষয় Compulsory Subject) হিচাপেEnglish অথবাMILৰ যিকোনো এটা বিষয় বাছনি কৰিব লাগে৷ অর্থাৎ যিবিলাকেEnglish পঢ়িব তেওঁলোকেMIL পঢ়িব নালাগে নতুবাMIL লোৱাজনেEnglish পঢ়িব নালাগে৷ এই নতুন পাঠ্যক্রমত এই বিষয়টোৰ নামকৰণ কৰা হৈছেAECC(Ability Enhancement Compulsory Course)৷ ইয়াত অন্তর্ভুক্ত কৰা হৈছেEnglish communication Skills and MIL Communication Skills৷
গতিকে দেখা যায় যে সৰহসংখ্যক ছাত্র–ছাত্রীয়ে ইংৰাজীক বিদায় দিCommunication Skills পঢ়িছে মাতৃভাষাত অর্থাৎMILৰ অন্তর্ভুক্ত অসমীয়া, বঙালী, বড়ো ইত্যাদিত৷ আনহাতেEnglish communication Skills পঢ়িবলৈ লয় মাত্র মুষ্টিমেয় কিছুসংখ্যক ছাত্র–ছাত্রীয়ে৷ অৱশ্যে এই ছবিখন সাধাৰণতে গ্রামাঞ্চলৰ মহাবিদ্যালয়বোৰত বেছিকৈ বিদ্যমান৷ এইখিনিতে উল্লেখ্য যে এইAECCৰ অন্তর্ভুক্ত ইংৰাজী অথবাMIL মাত্র প্রথম ছেমিষ্টাৰতে পঢ়া–শুনা কৰি পৰীক্ষা দিব লাগে৷ অর্থাৎ এখন মাত্র ১০০ নম্বৰৰ প্রশ্ণকাকতৰ উত্তৰ কৰিব লাগে৷ ইয়াৰ ২০ নম্বৰ থাকে আভ্যন্তৰীণ মূল্যায়নৰ বাবে আৰু বাকী ৮০ নম্বৰ থাকেSemister End Examৰ বাবে৷ মুঠৰ ওপৰত প্রথম ছমাহত ১০০ নম্বৰৰ বাবে পৰীক্ষাত বহিব লাগে আৰু ইয়াৰ পিছতEnglish অথবাMIL Communication Skills পঢ়াৰ প্রয়োজন নাই৷ এইখিনিতে উল্লেখ্য যে প্রথম ছেমিষ্টাৰত অনার্ছ থকা বা নথকা সকলো ছাত্র–ছাত্রীয়েAECC পঢ়িব লাগে, কাৰণ এই বিষয়টোcompulsory, মাত্র কোনোৱেEnglish আৰু কোনোৱেMIL ল’ব৷
কিন্তু এই লেখাটোৰ মূল উদ্দেশ্য হৈছে অন্য এটা বিষয়ৰ ওপৰত আলোকপাত কৰা৷ আচলতে আমি সেইসকল ছাত্র–ছাত্রীৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ, যিসকলে অনার্ছ নোলোৱাকৈB.A পঢ়িবলৈ আহে৷ অনার্ছ নথকা ছাত্র–ছাত্রীয়ে পঢ়িব লগা পাঠ্যক্রমৰ নামRegular course৷ এইRegular Course পঢ়িব খোজা ছাত্র–ছাত্রীসকলে কিন্তু ইংৰাজী বাধ্যতামূলক বিষয় হিচপে পঢ়িব লাগে৷ এইবিধ ইংৰাজী বিষয়ৰ নামCC (Core Course অথবাCompulsory core) আকৌ এইSimple B.A পঢ়া ছাত্র–ছাত্রীয়ে ইংৰাজী পঢ়িব লাগিব প্রথম আৰু দ্বিতীয় দুয়োটা ছেমিষ্টাৰতে৷ ইয়াৰ পৰিত্রাণ নাই৷ প্রথম ছেমিষ্টাৰত ১০০ নম্বৰ ২+৮০ আৰু দ্বিতীয় ছেমিষ্টাৰত ৮০ নম্বৰ ২+৬০ৰ বাবে সাজু হ’ব লাগে৷
ইয়াৰ উপৰি এইEnglish (CC)ৰSyllabusৰ বিষয়টোও যথেষ্ট মন কৰিবলগীয়া৷ কিয়নো প্রথম ছেমিষ্টাৰৰ বাবে আছে ৮টাlesson আৰুGrammer Section৷ এতিয়া মন কৰিবলগীয়া কথাটো হৈছে যে ইয়াৰ প্রথম পাঠটো হৈছে আমেৰিকান নাট্যকাৰ আর্থাৰ মিলাৰৰ(Arthur Miller) এখন বিখ্যাত নাটক’All My Sons’৷ এই নাটকখনত আছে তিনিটা অংক(Act) আৰু এই নাটকখনে পাঠ্যপুথিখনৰ ৭৩ পৃষ্ঠা আগুৰি আছে৷ আকৌ ইয়াৰ তৃতীয় পাঠটো হৈছে ডি এইচ লৰেন্সৰ(D.H.Lawrence) Short story ‘The Woman Who Rode aways’৷ এই পাঠটোও যথেষ্ট দীঘলীয়া, অতি দুর্বোধ্য আৰু পাঠটোৱে পাঠ্যপুথিখনৰ ৪১ পৃষ্ঠা আগুৰি আছে৷
তেনেদৰে দ্বিতীয় ছেমিষ্টাৰত লাগে দহটা কবিতা আৰু আছেGrammer Section৷ ইয়াৰ ভিতৰত আছে এটা কবিতা’The Sleep Walking Ballad’৷Spanish poet Federico Garcia Lorca ৰ এই কবিতাটো আগৰ পাঠ্যক্রমত মেজৰৰ ছাত্র–ছাত্রীয়ে পঢ়িব লাগিছিলGrammer Sectionৰ সলনি৷ তাতোকৈ ডাঙৰ কথাটো হ’লS.T. Coleridge ৰ’Christabel’ নামৰ কবিতাটো আছে এই দহটা কবিতাৰ ভিতৰত৷ এই কবিতাটো ইমানেই দীঘল যে ই পাঠ্যপুথিখনৰ ২১ পৃষ্ঠা আগুৰি আছে৷ গতিকে কবিতাটোত কিমানটাStanza আছে সেইটো হিচাপ কৰা এক অবান্তৰ প্রচেষ্টা মাথোঁ৷ আনহাতেGrammer Sectionত আছেDialogue Writing, Precis Writing ইত্যাদি৷
এতিয়া এইSyllabus সাধাৰণ মেধাৰ ছাত্র–ছাত্রীৰ বাবে উপযোগী হয় নে নহয় তাত নিশ্চয় সন্দেহৰ অৱকাশ আছে৷ সাধাৰণতে গ্রামাঞ্চলৰ মহাবিদ্যালয়বোৰত অনার্ছ নোলোৱা ছাত্র–ছাত্রীৰ অধিক সংখ্যকেই কম মেধাসম্পন্ন৷ তাতে আকৌ তেওঁলোকৰ বহুতৰে ইংৰাজী ভাষাৰ জ্ঞান আশানুৰূপ বুলি ক’ব নোৱাৰি৷ এনে পৰিস্থিতিতTextbook খনৰ পাঠকেইটা যদি সহজে বোধগম্য নহয়, সময় আৰু দক্ষতাৰ জোখাৰে পৰীক্ষাৰ বাবে সাজু হ’ব পৰা নাযায়৷ ফলস্বৰূপে ছাত্র–ছাত্রীৰ কৃতিত্বৰ তালিকাখন হতাশাজনক হোৱাটো নুই কৰিব নোৱাৰি নিশ্চয়৷
এইCBSC Curriculum ৰgreatest irony (আইৰনী) হৈছে যেSyllabus choice based অথচ অনার্ছ নপঢ়া বা অনার্ছ পঢ়িবলৈ ইচ্ছা অথবা সামর্থ্য নথকা ছাত্র–ছাত্রীৰ বাবে ইংৰাজী বিষয়টো কৰা হৈছে বাধ্যতামূলক৷ আনহাতে অনার্ছ লোৱা ছাত্র–ছাত্রীসকলৰ যিসকলে ইংৰাজী বেয়া পায়, তেওঁলোকে ইংৰাজীৰ এই স্বতন্ত্র বিষয়টো নপঢ়াকৈB.A পাছ কৰি ওলাই যাবৰ সুবিধা পাইছে৷ গতিকে ইংৰাজী বিষয়টোৱে মাধমাৰ শোধাইছে এই বিনা অনার্ছত পঢ়িবলৈ অহা একাংশ দুর্বল, নিঃকিন ছাত্র–ছাত্রীৰ ওপৰত৷ ইয়াৰ মূলতে হৈছে যে গ্রামাঞ্চলৰ মহাবিদ্যালয়বোৰত সৰহসংখ্যক ছাত্র–ছাত্রী আহে চৰকাৰী খণ্ডৰ বিদ্যালয়বোৰৰ পৰা৷ এই ছাত্রী–ছাত্রীবোৰৰ কিছুসংখ্যকক বাদ দি অধিক সংখ্যকৰে ইংৰাজী ভেটি দুর্বল৷ ইফালে বিদ্যালয় পর্যায়ত ইংৰাজী শুদ্ধকৈ শিকি আহিব নোৱাৰা ছাত্র–ছাত্রীক কলেজত ইংৰাজী ভাষাৰ জ্ঞান সম্যক ৰূপে প্রদান কৰিবলৈ যে সময় আৰু শক্তিৰ অভাৱ, সেইটো কোনো ব্যক্তিৰ অবিদিত নহয় নিশ্চয়৷
দমদমা মহাবিদ্যালয়, ফোনঃ ৯৭০৭৮–২২০৬৩

You might also like