চলিত বৰ্ষত অনুষ্ঠিত নহয় উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নহয় । মঙলবাৰে এই কথা ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বুঢ়াগোঁহায়ে ।
অৱশ্যে আনুষ্ঠানিক ভাৱে এই পৰ্যন্ত সংসদে কোনোধৰণৰ জাননী প্ৰকাশ কৰা নাই ।
উল্লেখ্য যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ তিনিওটা শাখাৰে পৰীক্ষা ২৫ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ হোৱাৰ বাবে সূচী প্ৰকাশ কৰা হৈছিল । কিন্তু দেশত ক’ৰোনাৰ সম্পৰ্কিত লকডাউনৰ বাবে পৰীক্ষা সাময়িক ভাৱে স্থগিত ৰাখিছিল ।