নিয়মীয়া বার্তা, ৩ মার্চঃ সোণোৱাল কছাৰী অধ্যুষিত জোনাইৰ আগম দলুংস্থিত সোণোৱাল ভৱনৰ অস্থায়ী বাইথ’ পূজাস্থলীত আদিম ভূমিপুত্র সোণোৱাল কছাৰীসকলৰ আৰাধ্য দেৱতা খ্রীং খ্রীং বাইথ’ পূজা উদ্যাপন কৰা হয় ৷ স্মৰণাতীত কালৰে পৰা আধ্যাত্মিকভাৱে পালন কৰা এই উৎসৱত খ্রীং খ্রীং বাইথ’ক আৰাধনা কৰাৰ মাজেৰে বিশ্বব্রহ্মাণ্ডৰ উৰণ, বুৰণ, গজন আৰু ভ্রমণ– এই চাৰিমুঠি জীৱৰ পৰিত্রাণ বিচাৰি মংগল কামনার্থে বিভিন্ন নৈবেদ্য উছর্গা কৰা হয়৷ পূজাৰ কার্যসূচী মর্মে পুৱা খ্রীং খ্রীং বাইথ’ থাপনাত এযোৰা ৰঙা আলুৱা কুকুৰা, সুৰাৰ ৰস, অন্যান্য নৈবেদ্য আগবঢ়ায় পূজাৰ মজিন্দাৰ ৰহেশ্বৰ সোণোৱাল আৰু সহঃ মজিন্দাৰ গোবিন চেলেঙে ৷ নিজৰ লগতে পৰিয়ালৰ আৰু দহৰ মংগল কামনা কৰি ভক্তিপ্রাণ ৰাইজে পুৱাৰে পৰা খ্রীং খ্রীং বাইথ’ৰ আশীর্বাদ বিচাৰি সেৱা লয়৷ জোনাই বাইথ’ সংস্কৃতি পৰিচালনা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উদ্যাপিত উৎসৱত পুৱাৰে পৰা ভক্তিপ্রাণ ৰাইজৰ সমাগম ঘটে৷ বাইথ’ সংস্কৃতি পৰিচালনা সমিতিৰ সভাপতি মুলাই সোণোৱাল, সম্পাদক ত্রৈলোক্য সোণোৱাল, উপদেষ্টা তুলসী বৰশইকীয়া, বিষয়ববীয়া কমলা সোণোৱাল, পূজা উদ্যাপন সমিতিৰ উপদেষ্টা দীপক শইকীয়া, নৰেন সোণোৱাল, দেৱজিৎ বৰশইকীয়া, সভাপতি কৃষ্ণ সোণোৱাল, সম্পাদক গৌতম বৰশইকীয়া, শৰৎ সোণোৱাল, চম্পল সোণোৱাল প্রমুখ্যে উদ্যোক্তাসকলৰ পৰিচালনাৰে উদ্যাপিত পূজাত কুকুৰা মাংস, বিভিন্ন শাক–পাচলিৰে ৰন্ধা খাদ্য–মদৰ সৈতে পূজাপ্রেমী ভক্তিপ্রাণ পুৰুষ–মহিলা সকলোৱে আনন্দেৰে ভোজ–ভাত খায় ৷