নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নত ১২৪ পিছপৰা জিলাক চেৰাই দেশৰ শ্রেষ্ঠ দৰং

নিয়মীয়া বাৰ্তা, ৩ মার্চঃ দেশৰ ভিন্ন ৰাজ্য আৰু জিলাৰ মাজৰ উন্নয়নৰ তাৰতম্য দূৰীকৰণৰ বাবে ২০১৮ চনৰ জানুৱাৰীত ঘোষণা কৰা জিলাসমূহৰ বিগত দুটা বছৰৰ উন্নয়নৰ মূল্যাংকনত দৰং জিলাই প্রথম স্থান দখল কৰিছে ৷ শেহতীয়াভাৱে নিটি আয়োগৰ উত্তৰ–পূর্বাঞ্চলৰ বিকাশ সম্পর্কীয় এখন পর্যালোচনা বৈঠকতে এই তথ্য প্রকাশ পাইছে৷ দৰং জিলাই শিক্ষা, স্বাস্থ্য–পৰিপুষ্টি, দক্ষতা বিকাশ আদি পাঁচোটা দিশত লাভ কৰা ইউএনডিপি পইণ্টৰ ভিত্তিতে এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আজি মঙলদৈৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাসে বিষয়টো প্রকাশ কৰি দৰং জিলাই ভাৰতৰ শ্রেষ্ঠ জিলালৈ উন্নীত হোৱাৰ সংকল্প গ্রহণৰ পোষকতা কৰিছে৷ লক্ষণীয় যে ২০১৮ চনৰ জানুৱাৰী মাহত কেন্দ্রৰ বিজেপি চৰকাৰে দেশৰ ৭৩২খন জিলাৰ উন্নয়ন সন্দর্ভত পর্যালোচনা কৰি এডিপি বা পিছপৰা জিলা উন্নয়ন কার্যসূচী গ্রহণ কৰে৷ প্রথম পর্যায়ত দেশৰ ১১৫খন জিলাক এই কার্যসূচীত সন্নিৱিষ্ট কৰা হৈছিল যদিও পিছলৈ আন ৯খন জিলাক সন্নিৱিষ্ট কৰি ১২৪খন জিলাক তালিকাভুক্ত কৰা হয়৷ অসমৰ দৰং, ওদালগুৰি, ধুবুৰী, গোৱালপাৰা, বৰপেটা, হাইলাকান্দি, বাগ্সা– এই সাতোখন জিলা এডিপিভুক্ত হয়৷ সমুদায় উত্তৰ–পূর্বাঞ্চলৰ ৮খন ৰাজ্যৰ ১৪খন জিলাৰ লগতে ১২৪খন পিছপৰা বা এডিপিভুক্ত জিলাৰ পৰাই দৰঙে এই স্থান দখল কৰে৷ এই সন্দর্ভত প্রাপ্ত তথ্য অনুসৰি, ৫টা বিশেষ ক্ষেত্র ক্রমে শিক্ষা, স্বাস্থ্য–পৰিপুষ্টি, জলসম্পদ, সমুদায় বিত্তীয় বিকাশ, দক্ষতা বিকাশ আৰু প্রাথমিক আন্তঃগাঁথনি ক্ষেত্রৰ ৪৯টা সূচকৰ পৰিমাপনযোগে এই ফলাফল প্রকাশ কৰা হয়৷ এই ৫টা ক্ষেত্রত দৰঙে স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশত অন্যতম সর্বাধিক পইণ্ট দখল কৰে৷ জিলাখনৰ অংগনৱাড়ী কেন্দ্রসমূহে পুষ্টি আৰু পোষণ সপ্তাহ উদ্যাপন আৰু চিকিৎসাত সর্বাধিক গুৰুত্ব দিছিল৷ মঙলদৈৰ বিধায়কে নিজেই উপায়ুক্তৰ সৈতে অভিযানত জড়িত হৈ চহৰে–গাঁৱে ব্যাপক অভিযান চলাইছিল৷ চিকিৎসালয়সমূহ সততে পর্যবেক্ষণ কৰি ফলপ্রসূ পদক্ষেপ হাতত লৈছিল ৷

You might also like