নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰত নাবালিকাক অপহৰণঃ আৰক্ষীৰ জালত দুই অপহৰণকাৰী

নিয়মীয়া বার্তা, ২১ মার্চঃ সাধাৰণ ৰাইজৰ মাজত ক’ৰোনা ভাইৰাছক লৈ সৃষ্ট আতংকৰ সুযোগ লৈ এক চক্রই সমাজবিৰোধী কাণ্ড সংঘটিত কৰিছে ৷ শুকুৰবাৰে চিলাপথাৰ পৰিবহণ নিগমৰ আস্থানৰ সমীপতে দুজন যুৱকৰ সৈতে এগৰাকী অর্ধচেতন নাবালিকা প্রত্যক্ষ কৰি স্থানীয় লোকে সোধা–পোছা কৰে ৷ পিছে তেওঁলোকে সন্তোষজনক উত্তৰ নিদিয়াত ৰাইজে তিনিওকে চিলাপথাৰ থানাত চমজাই দিয়ে ৷ ধৃত যুৱকদ্বয় হ’ল বৰপেটা জিলাৰ নকুছি গাঁৱৰ ৰাহুল ইছলাম (২১) আৰু একেখন গাঁৱৰে মিজানুৰ ৰহমান (১৮)৷ জোনাই ১নং মাহমৰাত দলং নির্মাণকাৰী দলৰ সৈতে অহা ধৃত যুৱকদ্বয়ৰ স্বীকাৰোক্তি মতে ১নং মাহমৰাৰ মিচিং সম্প্রদায়ৰ নাবালিকাগৰাকীক বিয়াৰ বাবে অপহৰণ কৰি আনিছিল৷ বর্তমান চিলাপথাৰ মডেল হাস্পতালত চিকিৎসাধীন৷ অৱশ্যে নাবালিকাই এইপর্যন্ত ব্যক্ত কৰিব পৰা নাই ঘটনা৷ প্রথমতে প্রেম আৰু তাৰ পিছতে কোনো সংজ্ঞানাশক ঔষধ খুৱাই বেহুচ কৰি অপহৰণ কাণ্ড সংঘটিত কৰা বুলি ৰাইজে সন্দেহ কৰিছে৷ নাবালিকাগৰাকী এতিয়াও অর্ধচেতন অৱস্থাত চিকিৎসালয়ৰ বিছনাত পৰি আছে ৷ মুহূর্ততে ঘটনাটো বিয়পি পৰাত চিলাপথাৰ থানাত ভালেসংখ্যক লোক উপস্থিত হয় ৷

You might also like