নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী কর্মচাৰীয়ে ঘোচ বিচাৰিছে নেকি? যোগাযোগ কৰক এই নম্বৰত

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ কোনো কাম কৰি দিয়াৰ বাবে চৰকাৰী কর্মচাৰীয়ে আপোনাৰ পৰা উৎকোচ বিচাৰিছে নেকি? যদি বিচাৰিছে তেনেহ’লে আপুনি ওচৰ চাপিব পাৰে অসম আৰক্ষীৰ৷ মাত্র এটা ফোন বা মেছেজ কৰিয়েই অসম আৰক্ষীক এই বিষয়ে আপুনি অৱগত কৰিব পাৰিব৷ যিকোনো দুর্নীতি সন্দর্ভত থকা তথ্য অসম আৰক্ষীৰ কণ্ট্ৰ’ল ৰুমৰ জৰিয়তে আপুনি প্রদান কৰিব পাৰে৷ ০৩৬১–২৪৬২২৯৫ আৰু ১৮০০৩৪৫৩৭৬৭ নম্বৰত ফোন অথবা মেছেজৰ জৰিয়তে আপুনি দুর্নীতিৰ তথ্য প্রদান কৰিব পাৰিব৷ তদুপৰি তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ক আপুনি ৬০২৬৯০১২৪৩ নম্বৰত হোৱাটএপ কৰিব পাৰে৷

দুর্নীতি সন্দর্ভত যিকোনো তথ্য অসম আৰক্ষীক সদৰী কৰি ৰাজ্য চৰকাৰৰ দুর্নীতিবিৰোধী আন্দোলনৰ অংশীদাৰ হ’বলৈও ৰাজ্যবাসীক আহ্বান জনোৱা হৈছে৷ এক টুইটযোগে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে দুর্নীতি সন্দর্ভত তথ্য অৱগত কৰাৰ বাবে আহ্বান জনাই কয়– ‘ধন দিয়াৰ আগতে চৰকাৰী কর্মচাৰীয়ে কৰা দাবীৰ নির্দিষ্ট তথ্য দিয়ক৷ ইয়াৰ ফলত আমি তেওঁলোকক হাতে–লোটে ধৰিব পাৰিম৷’

You might also like