নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেহাদীৰ বিৰুদ্ধে ‘নিয়া’ৰ অভিযান আৰম্ভ; মৰিগাঁৱত অনুসন্ধানকাৰী সংস্থাৰ তিনিজনীয়া দল উপস্থিত

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ আশংকা কৰাতকৈ অসমত অতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে জেহাদীৰ কার্যকলাপ৷ যোৱা ৪৮ ঘণ্টাত ২০জনকৈ জেহাদী আৰক্ষীয়ে আটক কৰাৰ পাছত এটা এটাকৈ উন্মোচিত হৈছে মৌলবাদী সংগঠনে ৰাজ্যখনক লৈ কৰা ভয়ংকৰ পৰিকল্পনা৷ উল্লেখ্য যে কালি বৰপেটাত অভিযান চলাই আৰক্ষীয়ে ১১জনকৈ জেহাদীক গ্রেপ্তাৰ কৰাৰ লগতে মৰিগাঁৱৰ মৈৰাবাৰীত অভিযান চলাই গ্রেপ্তাৰ কৰিছিল মোস্তাফা মহম্মদ মুফতি নামৰ আন এজন দুর্ধর্ষ জেহাদীক৷ মৈৰাবাৰীত ধর্মীয় মাদ্রাছাত ঘাটি পাতি জেহাদী কার্যকলাপ চলাই থকা মোস্তাফাৰ গ্রেপ্তাৰে কার্যতঃ স্পষ্ট কৰি তুলিছে ইছলামিক সংগঠনসমূহে অসমক লৈ আৰম্ভ কৰা ভয়ংকৰ ব্লু–প্রিণ্ট৷ জেহাদীৰ এনে শক্তিশালী নেটৱর্ক পোহৰলৈ অহাৰ পাছতেই  মৰিগাঁৱত উপস্থিত হ’ল ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা ‘নিয়া’ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ এটা দল৷ মুখ্যতঃ জেহাদীৰ কার্যকলাপৰ শুংসূত্র উলিওৱাৰ লক্ষ্যৰে  মৈৰাবাৰীত ‘নিয়া’ৰ তিনিজনীয়া দল এটা উপস্থিত হৈ কালি আৰক্ষীয়ে গ্রেপ্তাৰ কৰা মোস্তাফা মহম্মদ মুফতিৰ লগতে কালি ছীল কৰি দিয়া মাদ্রাছাখনৰ ছয় শিক্ষকক চলায় মাৰাথন জেৰা৷ এই জেৰাকালতে উন্মোচিত হৈছে আন একাধিক ভয়ংকৰ তথ্য৷

কালি গ্রেপ্তাৰ হোৱা মোস্তাফা মহম্মদ মুফতিয়ে দিয়া স্বীকাৰোক্তিৰ ভিত্তিতেই আজি মৰিগাঁও নগৰৰ মাজমজিয়াত মিলনপুৰত এখন জেৰক্সৰ দোকান চলাই থকা ইমাম আফচাৰুল ভূঞাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ যোৱা দীর্ঘদিন ধৰি মহাৰাষ্ট্রত ধর্মীয় শিক্ষা গ্রহণ কৰি অসমলৈ উভতি অহা ৩৯ বছৰীয়া আফচাৰুলক চলোৱা প্রাথমিক জেৰাতে ওলাই পৰিছে জেহাদী কাম–কাজৰ বিভিন্ন তথ্য৷ উল্লেখ্য যে অসমক অশান্ত কৰাৰ লক্ষ্যৰে চুবুৰীয়া বাংলাদেশত কেইবাটাও মৌলবাদী সংগঠনে চলাই থকা কার্যকলাপৰ মাজতে শেহতীয়াকৈ সক্রিয় হৈ পৰিছে জামাত–উল–মুজাহিদীন্, বাংলাদেশ (জে এম বি)ৰ লগতে আল–কায়দা আৰু ইয়াৰ সহযোগী আনছাৰুল্লাহ বাংলা টীম চমুকৈ এ বি টি৷ অসম আৰক্ষীয়ে চলাই থকা অভিযানৰ মাজতে আনছাৰুল্লাহ বাংলা টীমে অসমত ইতিমধ্যে বিয়পাই দিছে বহুসংখ্যক শ্লীপাৰ চেল৷ সমান্তৰালভাৱে ইছলামিক সংগঠনটোৱে ৰাজ্যখনত গঢ়ি তুলিছে শক্তিশালী নেটৱর্ক৷ আজি এই কথা পুনৰ পোহৰলৈ আহিছে মৰিগাঁৱত গ্রেপ্তাৰ হোৱা মোস্তাফা মহম্মদ মুফতিৰ স্বীকাৰোক্তিত৷ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অর্পণা নটৰাজনে প্রকাশ কৰা অনুসৰি মোস্তাফাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি গ্রেপ্তাৰ কৰা আফচাৰুল ভূঞাৰ জৰিয়তে মোস্তাফাই এ বি টিৰ সৈতে সঘনে যোগাযোগ চলাই নিয়াই নহয়, জেহাদী কাম–কাজৰ বাবে মুম্বাইৰ লগতে দেশৰ অন্য প্রান্তৰ পৰাও সংগ্রহ কৰিছিল বৃহৎ পৰিমাণৰ ধন৷ আৰক্ষী অধীক্ষকগৰাকীৰ মতে, মৰিগাঁও জিলাৰ মৈৰাবাৰীত লোচনাবড়িৰ বাসিন্দা আফচাৰুল ভূঞাই ২০০৭ চনৰ পৰা প্রায় ৮ বছৰ মুম্বাইৰ এক মছজিদত ধর্মীয় শিক্ষা গ্রহণ কৰাৰ পাছত তাত কাম–কাজ কৰিছিল৷ কার্যতঃ আফচাৰুল ভূঞাৰ নখ দর্পণত মুম্বাইৰ অলি–গলি৷ এইজন আফচাৰুলৰ সহায় লৈয়েই মোস্তাফাই মৰিগাঁৱৰ মৈৰাবাৰীৰ পৰাই আৰম্ভ কৰিছিল জেহাদীৰ কার্যকলাপ৷ আৰু ইয়াৰ বাবেই আফচাৰুলৰ জৰিয়তে চলাইছিল সকলোধৰণৰ যোগাযোগ৷ নিয়া আৰু আৰক্ষীৰ প্রাথমিক জেৰাতে স্পষ্ট হৈ পৰিছে যে মোস্তাফা আৰু আফচাৰুলৰ মাজত ধনৰ লেনদেনৰ সম্পর্কই নহয়, দুয়োগৰাকীৰ মাজত আছিল এক নিবিড় সম্পর্ক৷ মোস্তাফাৰ নির্দেশতে কেইবাবাৰো মুম্বাই ভ্রমণ কৰিছিল আফচাৰুলে৷ আনকি কোনোবা মাহত দুবাৰকৈও মুম্বাই ভ্রমণ কৰিছিল এইজন ইমামে৷ সঘনে মুম্বাইলৈ যোৱা হেতুকে আফচাৰুলৰ সৈতে বহু লোকৰ সম্পর্ক গঢ়ি উঠাই নহয়, ধর্মীয় মাদ্রাছাৰ বাবে আফচাৰুলৰ জৰিয়তে যোগান ধৰিছিল ধন তথা অন্যান্য সহযোগিতা৷ আৰক্ষী সূত্রই প্রকাশ কৰা মতে যোৱা দীর্ঘবছৰ ধৰি মোস্তাফা আৰু আফচাৰুলে মুম্বাইত কোন কোন লোকৰ সৈতে সম্পর্ক গঢ়ি তুলিছিল, কোন কোন লোকৰ পৰা ধন সংগ্রহ কৰিছিল, কোন মছজিদত আশ্রয় লৈ অসমত জেহাদীৰ কার্যকলাপক লৈ আলোচনা কৰিছিল, সেই সন্দর্ভত অধিক তথ্য উদ্ঘাটনৰ সম্ভাৱনা আছে৷ ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থাৰ তিনিজনীয়া দলটোৱে মুখ্যতঃ এই দিশবোৰক লৈয়ে চলাইছে জেৰা৷ নিয়াৰ লগতে আই বি আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ জৰিয়তে পৃথকে পৃথকে আফচাৰুল আৰু মোস্তাফাক চলাই গৈছে জেৰা৷

উল্লেখ্য যে কালি মোস্তাফা মহম্মদ মুফতিৰ লগতে আটক হৈছিল আন ছজন শিক্ষক৷ এই আঠজন জেহাদীক পৃথকে পৃথকে চলাই থকা জেৰাত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনাকো ব্যক্ত কৰিছে আৰক্ষীয়ে৷ ইফালে, মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অর্পণা নটৰাজনে জানিবলৈ দিয়া অনুসৰি শেহতীয়াকৈ কলকাতাত গ্রেপ্তাৰ হোৱা আনছাৰুল্লাহ বাংলা টীমৰ কুখ্যাত সদস্য আমিৰুদ্দিন আনছাৰিৰ জৰিয়তে মোস্তাফাই লাভ কৰিছিল বৃহৎ পৰিমাণৰ ধন৷ আমিৰুদ্দিন আনছাৰিয়ে মোস্তাফাৰ একাউণ্টত একে সময়তে জমা কৰিছিল বৃহৎ পৰিমাণৰ ধন৷ পৰৱর্তী সময়ত মোস্তাফাই এই ধনসমূহ ৰাজ্যৰ বিভিন্ন স্থানত থকা ইছলামিক সংগঠনৰ শ্লীপাৰ চেলসমূহত বিতৰণ কৰিছিল৷ ভাৰতত আমিৰুদ্দিন আনছাৰিয়ে ক’ৰ ক’ৰ পৰা ধন সংগ্রহ কৰিছিল আৰু মোস্তাফাই আনছাৰিৰ পৰা লাভ কৰা ধন কোন কোন লোকক দিছিল অথবা কি কি কামত ব্যৱহাৰ কৰিছিল, সেই সন্দর্ভতো নিয়াই আৰম্ভ কৰিছে জেৰা৷ বিগত ৫ বছৰ ধৰি আমিৰুদ্দিন আনছাৰিৰ পৰা মোস্তাফাই ধর্মীয় মাদ্রাছা চলাবলৈ আৰু জেহাদীৰ কার্যকলাপ চলাবলৈ কিমান পৰিমাণৰ ধন আদায় কৰিছিল, সেই সন্দর্ভতো নিয়াই আৰম্ভ কৰিছে বিভিন্ন জেৰা আৰু মোস্তাফা, আফচাৰুলৰ বেংক একাউণ্টৰ লেনদেন৷ লক্ষণীয়ভাৱে আফচাৰুল ভূঞাই বিগত সময়ছোৱাত মুম্বাই ভ্রমণৰ আঁৰত আছিল মোস্তাফাৰ হৈ মুম্বাইৰ পৰা বিশেষ খবৰ কঢ়িয়াই লৈ অহা৷ সমান্তৰালভাৱে মোস্তাফায়ো একাধিক নথিপত্রৰে মুম্বাইলৈ কোনো কোনো লোকক সাক্ষাৎ কৰাৰ বাবে আফচাৰুল ভূঞাক প্রেৰণ কৰিছিল৷ এনে অৱস্থাত আৰক্ষীৰ সন্দেহ মুম্বাইৰ পৰাই অসমত জেহাদীৰ কার্যকলাপ পৰিচালিত হৈ আছে নেকি? মুম্বাইৰ পৰাই ইছলামিক সংগঠনসমূহক ধনৰ যোগান ধৰা হৈ অহা হৈছে নেকি? এই বিষয়বোৰ নিয়া আৰু অন্যান্য অনুসন্ধানকাৰী সংস্থাৰ জেৰাত অচিৰেই প্রকাশ পোৱাৰ সম্ভাৱনাকো স্পষ্ট কৰিছে অসম আৰক্ষীয়ে৷

You might also like