নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মমতাৰ অগ্নিপৰীক্ষা

দেশজুৰি বিজেপি আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীক কঠোৰ সমালোচনা কৰা নেতা হিচাপে যিকেইগৰাকী নেতা সবাতোকৈ সৰৱ তাৰ ভিতৰত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী অন্যতম৷ বিগত পশ্চিমবংগ বিধানসভা নির্বাচনত বিজেপিয়ে সর্বশক্তি প্রয়োগ কৰিও মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছক ক্ষমতাচ্যুত কৰাত ব্যর্থ হোৱাৰ পিছত বিজেপিৰ বিৰুদ্ধে অধিক সৰৱ হৈ উঠিছিল বংগৰ অগ্ণিকন্যাখ্যাত মমতা বেনার্জী৷ তৃতীয়বাৰৰ বাবে পশ্চিমবংগত ক্ষমতালৈ অহাৰ পিছত মমতা বেনার্জীয়ে দেশজুৰি এক বিজেপিবিৰোধী ঢ়ৌ সৃষ্টি কৰাৰ চেষ্টা চলাই আহিছিল৷ শেহতীয়াকৈ মমতা বেনার্জীৰ কেবিনেট সতীর্থ পার্থ চেটার্জীৰ বিৰুদ্ধে এনফ’চমেণ্ট ডাইৰেক্টৰেটে অভিযান চলোৱাৰ পিছত এতিয়া তীব্র সংকটত পৰিছে বংগৰ অগ্ণিকন্যা৷ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল চৰকাৰৰ উদ্যোগ মন্ত্রী পার্থ চেটার্জীক পূর্বৰ শিক্ষক নিযুক্তি কেলেংকাৰিত ইডিয়ে গ্রেপ্তাৰ কৰাৰ লগতে মন্ত্রী চেটার্জীৰ ঘনিষ্ঠ অভিনেত্রী অর্পিতা মুখার্জীৰ জিম্মাৰ পৰা এইপর্যন্ত নগদ ৫০ কোটি টকা জব্দ কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে৷ গ্রেপ্তাৰৰ পিছতে পার্থ চেটার্জীক মন্ত্রীসভাৰ পৰা অপসাৰণ কৰিবলৈ বাধ্য হৈছে মুখ্যমন্ত্রী মমতা বেনার্জী৷ মন্ত্রীজনৰ সবাতোকৈ ঘনিষ্ঠ অর্পিতা মুখার্জীৰ বিভিন্ন বাসগৃহ–ফ্লেট আদিৰ পৰা কোটিয়ে কোটিয়ে নগদ টকা উদ্ধাৰ হোৱাৰ পিছত এতিয়া সমগ্র অনুসন্ধান প্রক্রিয়াটো বিজেপিয়ে প্রতিশোধকল্পে পৰিচালিত কৰা বুলি অনা অভিযোগো ভিত্তিহীন হৈ পৰিছে৷ ইডিৰ এই অভিযানৰ পিছতে এতিয়া পশ্চিমবংগৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে৷ আনকি তৃণমূল কংগ্রেছৰ ভিতৰচ’ৰাতো আৰম্ভ হৈছে জোকাৰণিৰ৷ দীর্ঘদিন ধৰি মমতা বেনার্জীয়ে সর্বময়কর্তা হিচাপে পৰিচালনা কৰি আহিছিল তৃণমূল কংগ্রেছক৷ মুখ্যমন্ত্রী বেনার্জীৰ একনায়কত্ববাদী কাম–কাজত একাংশ দলীয় নেতা–কর্মী ভিতৰে ভিতৰে অসন্তুষ্ট হৈ আছে যদিও এতিয়া লাহে লাহে মুখ খুলিবলৈ আৰম্ভ কৰিছে৷ কিছুদিনৰ পূর্বে কয়লা কেলেংকাৰিত অভিযুক্ত হৈছিল মমতা বেনার্জীৰ ভতিজা তথা দলৰ সাধাৰণ সম্পাদক অভিষেক বেনার্জী৷ তৃণমূল কংগ্রেছত এতিয়া মমতা বেনার্জীৰ পিছতে অভিষেকৰ স্থান৷ মমতা বেনার্জীৰ প্রতিটো নির্দেশেই দলৰ মজিয়াত আখৰে আখৰে পালন কৰাৰ দায়িত্ব অর্পিত হয় অভিষেক বেনার্জীৰ ওপৰত৷ সেইজন অভিষেক বেনার্জীয়ে কয়লা কেলেংকাৰিত অভিযুক্ত হৈ পৰাত অস্বস্তিত পৰে মুখ্যমন্ত্রীগৰাকী৷ তাৰ পিছতে শিক্ষক নিযুক্তি কেলেংকাৰিত পার্থ চেটার্জী সোমাই পৰাত সবাতোকৈ অস্বস্তিত পৰিছে মুখ্যমন্ত্রী মমতা বেনার্জী৷
পশ্চিমবংগত সৃষ্টি হোৱা এনে ৰাজনৈতিক ধুমুহাৰ মাজতে ইয়াৰ সুবিধা ল’বলৈ তৎপৰ হৈ উঠিছে বিজেপি দল৷ বিজেপিয়ে দীর্ঘদিনৰ পৰা পশ্চিমবংগৰ ৰাজনীতিত দৃষ্টি নিবদ্ধ কৰি ৰাখিছিল৷ বিশেষকৈ বিধানসভা নির্বাচনত পৰাজয়ৰ পিছত বিজেপিৰ লক্ষ্য আছিল মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ চৰকাৰখনক অস্বস্তিত পেলোৱা৷ আৰু অৱধাৰিতভাৱেই পার্থ চেটার্জী আৰু অভিষেক বেনার্জী কেলেংকাৰিত অভিযুক্ত হোৱাৰ পিছত অস্বস্তিত পৰিছে স্বয়ং মমতা বেনার্জী৷ এনে সময়তে বুধবাৰে পশ্চিমবংগ বিজেপিৰ অন্যতম সৰৱ নেতা প্রখ্যাত অভিনেতা মিথুন চক্রৱর্তীয়ে বিজেপিৰ সৈতে ৩৮জন তৃণমূল কংগ্রেছৰ বিধায়কে যোগাযোগ ৰখা বুলি কৰা মন্তব্যই কলকাতাত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে৷ মিথুন চক্রৱর্তীয়ে দাবী কৰা মতে, তৃণমূল কংগ্রেছৰ নেতৃত্বৰ প্রতি ক্ষুব্ধ ৩৮জন বিধায়কে নিয়মীয়াকৈ বিজেপিৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ মিথুন চক্রৱর্তীৰ এই মন্তব্যই এতিয়া বিপাঙত পেলাইছে মুখ্যমন্ত্রী মমতা বেনার্জীক৷ কিছুদিন পূর্বে মহাৰাষ্ট্রত মুখ্যমন্ত্রী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে শিৱসেনাৰ একাংশ বিসম্বাদী বিধায়কে বিদ্রোহ কৰি থাকৰে চৰকাৰৰ পতন ঘটাই একনাথ শিন্দে চৰকাৰ গঠন হোৱা উদাহৰণে এতিয়া সবাতোকৈ চিন্তিত কৰি তুলিছে মমতা বেনার্জীক৷ মহাৰাষ্ট্রৰ ৰাজনৈতিক পৰিঘটনাকে যদি বিজেপিয়ে কলকাতাতো আৰম্ভ কৰে, তেন্তে মমতা বেনার্জীৰ পক্ষে চৰকাৰ বর্তাই ৰখাটো কঠিন হৈ উঠিব৷ এনে পৰিপ্রেক্ষিততে এতিয়া মমতা বেনার্জীৰ বিজেপিবিৰোধী কণ্ঠস্বৰো লাহে লাহে নৰম হৈ অহা পৰিলক্ষিত হৈছে৷ ৰহস্যজনকভাৱে উপ–ৰাষ্ট্রপতি নির্বাচনত তৃণমূল কংগ্রেছে ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে বুলি মমতা বেনার্জীয়ে সদৰী কৰিছে৷ একেদৰে শেহতীয়াকৈ তৃণমূল কংগ্রেছে আয়োজন কৰা শ্বহীদ দিৱসৰ গণসমাৱেশত পূর্বৰ দৰে দেখা নগ’ল বিজেপি তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে উচ্চ–বাচ্য৷ অৱশ্যে, তাৰো কাৰণ নোহোৱা নহয়৷ ইতিমধ্যে ৰহস্যজনকভাৱে হঠাৎ বন্ধ হৈ গৈছে অভিষেক বেনার্জীৰ কয়লা কেলেংকাৰিৰ তদন্ত প্রক্রিয়া৷ তাৰ পিছত কলকাতাত পার্থ চেটার্জীৰ বিৰুদ্ধে ইডিৰ কঠোৰ অভিযান৷ পার্থ চেটার্জীৰ বিৰুদ্ধে চলা এই অভিযানৰ জৰিয়তে মমতা বেনার্জীলৈ অন্তিম বার্তা প্রেৰণ কৰিছে বিজেপিয়ে৷ ইয়াৰ পিছতো যদি বংগকন্যাৰ কঠোৰ বিজেপিবিৰোধী স্থিতি অব্যাহত থাকে, তেন্তে মুম্বাইৰ ৰাজনৈতিক পট পৰিৱর্তনৰ পৰিচিত খেলখনৰ পটভূমি হ’ব পাৰে কলকাতা৷ সেইবাবে এতিয়া ৰাজনৈতিক অগ্ণিপৰীক্ষাৰ সন্মুখীন হৈছে মমতা বেনার্জী৷ এই সংকটৰ বংগকন্যা কিদৰে মুখামুখি হয় তাৰ ওপৰতে নির্ভৰ কৰিছে পশ্চিমবংগৰ ৰাজনৈতিক ভৱিষ্যৎ৷ ৰাজনৈতিক স্নায়ু যুঁজখনৰ প্রথম পর্যায়ৰ খেলখনত ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিছে৷ সকলোৰে দৃষ্টি এতিয়া মমতাৰ ৰাজনৈতিক সিদ্ধান্তৰ ওপৰতে আবদ্ধ৷

You might also like