নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী কর্মচাৰীয়ে ঘোচ বিচাৰিলে দিম বুলি কৈ দিন–বাৰ–স্থান ঠিক কৰি আমাক খবৰ দিবঃ মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ জনসাধাৰণৰ পৰা কোনো কামৰ বিনিময়ত ঘোচ বিচৰা চৰকাৰী বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে বর্তমানৰ ৰাজ্য চৰকাৰখনে কঠোৰ ব্যৱস্থা গ্রহণ কৰি আহিছে৷ বিগত সময়ছোৱাত তেনে ধৰণৰ বহু বিষয়া–কর্মচাৰীক চৰকাৰে গ্রেপ্তাৰ কৰি শাস্তি বিহিছে৷ কিন্তু ইমানৰ পাছতো একাংশ চৰকাৰী বিষয়া–কর্মচাৰীৰ চৰিত্র সলনি হোৱা নাই৷ এতিয়াও একাংশ বিষয়া–কর্মচাৰীয়ে ঘোচ বিচৰাৰ প্রৱণতা অব্যাহত ৰাখিছে৷  নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত কয় যে কোনো চৰকাৰী বিষয়া–কর্মচাৰীয়ে ঘোচ বিচাৰিলে তেওঁলোকক নিদিওঁ বুলি নক’ব৷ ইয়াৰ পৰিৱর্তে তেওঁলোকে বিচৰা অনুসৰি ঘোচ দিব বুলি কৈ কেতিয়া ক’ত দিব, সেয়া স্থিৰ কৰিবলৈহে আহ্বান জনায়৷ সংশ্লিষ্ট বিষয়া–কর্মচাৰীয়ে যদি কার্যালয়লৈ মাতে বা ঘৰলৈও মাতে, যাব বুলি কৈ দিন–বাৰ–স্থান স্থিৰ কৰিবলৈ পৰামর্শ দিয়ে আৰু লগে লগে এই বিষয়ে চৰকাৰক জনাবলৈ তেওঁ আহ্বান জনায়৷

এই সংক্রান্তত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রত্যেকখন সভাতে তেওঁ কৈ আহিছে চৰকাৰখন ৰাইজৰ বাবে বোজা হ’ব নালাগে৷ যিকোনো কামৰ বাবে জনসাধাৰণ চৰকাৰৰ কাষলৈ বুলি সময় আৰু খৰচ অপচয়ৰ সন্মুখীন হ’বলগা হয় বুলি ৰাইজৰ মনত ধাৰণা এটাৰ সৃষ্টি হৈছে৷ ইয়াৰ বাবেই বহুতেই ড্রাইভিং লাইচেঞ্চ অবিহনে যান–বাহন চলাই আহিছে৷ কাৰণ তেওঁলোকৰ ধাৰণা– ড্রাইভিং লাইচেঞ্চ বিচাৰি গৈ ডিটি’ৰ কার্যালয়ত সময় ব্যয় কৰাৰ লগতে খৰস্বান্ত হ’বলগীয়া হয়৷ ইয়াৰ পৰিপ্রেক্ষিততে বর্তমানৰ চৰকাৰখনে যোৱা এটা বছৰত ডিজিটেল ব্যৱস্থাৰ জৰিয়তে মানুহৰ মনত আশ্বাস বহুখিনি ওভতাই আনিছে৷ এতিয়াও এণ্টিকৰাপচন আৰু ভিজিলেঞ্চে অতি ক্ষিপ্রতাৰে বহু কাম কৰি আছে৷ সেয়ে তেওঁ এতিয়াও কোনোবা চৰকাৰী বিষয়া–কর্মচাৰীয়ে ঘোচ বিচাৰিলে দিম বুলি কৈ তেওঁলোকৰ পৰা ঘোচ আদায় দিয়াৰ দিন আৰু স্থান চূড়ান্ত কৰি লগে লগে চৰকাৰক অৱগত কৰিবলৈ আহ্বান জনায়৷ সেই বিষয়ে চৰকাৰ অৱগত হোৱাৰ লগে লগে সংশ্লিষ্ট বিষয়া–কর্মচাৰীৰ ওপৰত ব্যৱস্থা গ্রহণ কৰিব৷

You might also like