নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল সীমান্তত চলে মাথোঁ চীনৰ ম’বাইল নেটৱর্কঃ অত্যন্ত স্পৰ্শকাতৰ অঞ্চলত নাই ভাৰতৰ ম’বাইল সেৱা

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ অৰুণাচলৰ ভাৰত–চীন সীমান্তত চলে মাথোঁ চীনৰ ম’বাইল ফোনৰ নেটৱর্ক৷ আচৰিত হ’লেও এয়াই সত্য৷ ইয়াৰ বিপৰীতে সমগ্র কিবিথু সীমান্তত নাই ভাৰতৰ কোনো ম’বাইল নেটৱর্ক৷ কিন্তু আপুনি এই  ঠাইত থাকিও ম’বাইলৰ যোগেদি দেশৰ বাকী অংশৰ সৈতে কথা পাতিব পাৰিব চীনা নেটৱর্কৰ সহায়ত৷ কেৱল আপোনাৰ নেটৱর্কত থাকিব লাগিব আন্তঃৰাষ্ট্রীয় ৰ’মিং সুবিধা৷ এই সুবিধা থাকিলে চীনা নেটৱর্কৰ সহায়ত আপোনাৰ ফোনত যোগাযোগ সহজলভ্য হৈ পৰিব৷ দেশৰ সীমান্তত চীনা নেটৱর্কৰ এই সবল স্থিতিৰ বিপৰীতে ভাৰতৰ দুখ লগা অৱস্থাই সীমান্তত দেশৰ নিৰাপত্তা ব্যৱস্থাটোকে শংকিত কৰি তুলিছে৷

বিগত বছৰকেইটাত সীমান্ত পথৰ অৱস্থা পূর্বতকৈ উন্নত হৈছে যদিও ফোনৰ নেটৱর্ক এতিয়াও সম্ভৱ হৈ উঠা নাই উক্ত অঞ্চলত৷ অথচ অৰুণাচলৰ পূব দিশত অৱস্থিত দেশৰ শেষ সীমান্ত কিবিথু আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত অত্যন্ত গুৰুত্বপূর্ণ আৰু স্পর্শকাতৰ অঞ্চল৷ অৱশ্যে কার্যতঃ দেশৰ প্রথমখন গাঁও এই কিবিথুৱে সীমান্তৰ চীনাৰ আগ্রাসনৰ ফাষ্ট ডিফেঞ্চ৷

শেহতীয়াকৈ সীমান্তত ভাৰতীয় সেনাৰ সবল স্থিতি পৰিলক্ষিত হয়৷অৰুণাচলৰ ৱালঙত অৱস্থিত সেনাৰ ব্রিগেড কমাণ্ডৰ অধীনত কিবিথু সীমান্তত সেনাৰ কেহবাটাও ইউনিটে সল স্থিতি ল’বলৈ সক্ষম হৈছে৷ আনকি সেনাই সীমান্ত অঞ্চলটোৰ উন্নয়নত আৰু স্থানীয় ৰাইজক সহায়–সহযোগ আগবঢ়াহ আহিছে৷ সেনাই নিজৰ সুবিধাৰ বাবে যোগাযোগৰ ব্যৱস্থা কৰি লৈছে যদিও স্থানীয় লোকৰ বাবে এতিয়াও নেটৱর্ক ব্যৱস্থা নোহোৱাত বাহিৰৰ জগতখনৰ লগত আজিও পৰিচয় হোৱা নাই সেই অঞ্চলৰ জনসাধাৰণৰ৷ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ পর্যটনৰ বহু সম্ভাৱনা থকা কিবিথুত নেটৱর্ক ব্যৱস্থা কৰাটো স্থানীয় ৰাইজৰ লগতে সেনায়েও বিচাৰিছে৷

উল্লেখ্য যে ১৯৬২ চনত চীনে যিকেহটা দিশেৰে ভাৰত আক্রমণ কৰিছিল, তাৰ ভিতৰত কিবিথুও অন্যতম৷ সাগৰপৃষ্ঠৰ পৰা চাৰি হাজাৰ ফুট উচ্চতাত অৱস্থিত কিবিথু গুৱাহাটীৰ পৰা ৮০০ কিলোমিটাৰ নিলগত অৱস্থিত আৰু একেবাৰে কাষৰীয়া চহৰ ৱালং ২৫ কিলোমিটাৰ দূৰৈত৷ অতি কম জনবসতিপূর্ণ কিবিথুৰ এখন গাঁও হৈছে কাহু৷ কাহুক দেশৰ প্রথম গাঁও হিচাপে স্বীকৃতি দিয়া হৈছে৷ ১৭টা পৰিয়ালে বাস কৰা কাহুক আদর্শ গাঁও কৰিব বিচাৰে চৰকাৰে৷

উল্লেখ্য যে মেকমোহন লাইনৰ পৰা মাত্র ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত কাহু গাঁৱৰ বাসিন্দাসকল মেও জনগোষ্ঠীৰ৷ প্রধানমন্ত্রীৰ আহ্বানত গাঁওবাসীয়ে ইতিমধ্যে ঘৰে ঘৰে ৰাষ্ট্রীয় পতাকা উৰুৱাইছে৷ স্বাধীনতাৰ সোৱাদ ল’ব বিচাৰিছে গাঁওখনৰ সহজ–সৰল বাসিন্দাই৷ কিন্তু আজিও ম’বাইল নেটৱর্ক ব্যৱস্থা নথকা, বাহিৰৰ আধুনিক বিশ্বৰ লগত আজিও পৰিচয় নোহোৱা সেই অঞ্চলৰ ৰাইজৰ নিশ্চয় অধিকাৰ আছে ৭৪ বছৰ হোৱা স্বাধীন ভাৰতৰ উন্নয়নৰ সকলো সুবিধা লাভ কৰিবলৈ৷

  • কিবিথুৰ পৰা সুনীল বৰা
You might also like