নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ গোৱৰ্ধনত মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে ১০ লক্ষাধিক টকাৰ ড্ৰাগছ

জব্দ কৰিলে এখন পালছাৰ বাইক

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিল : মহানগৰ আৰক্ষী আৰু কামৰূপ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । এই অভিযান অব্যাহত থকাৰ সময়তে পুনৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোৱৰ্ধনত ড্ৰাগছসহ ৩ জনক আটক কৰে মহানগৰ আৰক্ষীয়ে । মহানগীৰৰ যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত অহা অভিযানকাৰী দলটোৱে ৩ দিন ধৰি খাপ পিটি থকাৰ পিছত আজি দুপৰীয়া অভিযানত সফল হয় । পিছত কামৰূপৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকক সকলো বিষয় অৱগতকৰি অভিযানকাৰী দলটোৱে ড্ৰাগছসহ আটকাধীন লোক তিনিজন ক্ৰমে গোৱালাপাৰা জিলাৰ  ধূপধৰাৰ বৰটাৰীৰ মোজাম্মিল হক, হাফিজুৰ ৰহমান আৰু ছয়গাঁৱৰ জাকিৰ হুছেইনক গোটাই দিয়ে । আৰক্ষী বিষয়া কপিল পাঠকে জানিবলৈ দিয়া মতে উক্ত ৩ জন লোকে দীৰ্ঘদিন ধৰি নামনি অসমত বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বেহা চলাই অহিছিল ।
উল্লেখ্য যে চাবোনৰ ২৫ টা বাকচত ৩০৪ গ্ৰাম ড্ৰাগছ কঢ়িয়াই বিক্ৰী কৰিবলৈ অহা অৱস্থাত আৰক্ষীয়ে হাতে লোটে আটক কৰিবলৈ সক্ষম হয় । জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা হব । আনহাতে আটকাধীন লোক ৩ জনে ব্যৱহাৰ কৰা এ এছ ০১ ই এল ৮৪১৩ নম্বৰৰ পালছাৰ মটৰ চাইকেল জব্দ কৰে । মহানগৰ আৰক্ষীৰ এই সফল অভিযানক সমগ্ৰ দক্ষিণ কামৰূপৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ।
প্ৰেৰক/ বিশ্বজিৎ কলিতা, ছয়গাঁও
You might also like