নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংখাঙত প্ৰচণ্ড শিলাবৃষ্টি-ধুমুহাত ৫ জনৰ কৰুণ মৃত্যু; ম্লান পৰিল ৰঙালী ৰং

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিল: ৰঙালী বিহুৰ প্ৰথম দিনটোতেই  প্ৰকৃতিৰ সংসাৰি ৰূপত তচনচ হল টিংখাং । ম্লান পৰিল ৰঙালীৰ আধন্দ । পাঁচজন কৈ লোকৰ কৰুণ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিলে সমগ্র টিংখাং।  টিংখাঙৰ খেৰণিত বাঁহ গছ উভালি কিশোৰী, যুৱতী ,মহিলাসহ চাৰিগৰাকীয়ে একে লগে কৰুণ মৃত্যুক আকোৱালি লোৱাৰ  বিপৰীতে টিংখাঙৰ ঔফুলীয়া পঞ্চায়তৰ বাজিপহুমৰা গাঁৱত ৰূপেশ্বৰ কোঁচ নামৰ আন  লোক গছ বাগৰি মৃত্যু মুখত পৰে ।
বহাগৰ পহিলা দিনটোতে বিয়লি অহা প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাত টিংখাঙৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত খেৰণি অঞ্চলত গুড ফ্ৰাইডেৰ উপলক্ষে কবৰস্থান চাফ চিকুণ কৰি থকা অৱস্থাত হঠাতে শিল বৰষুণ, ধুমুহা অহাত  মহিলা যুৱতী কেইগৰাকীয়ে কবৰস্থান খনৰ কাষতে থকা এজোপা বাঁহ গছৰ  তলত আশ্ৰয় লৈছিল । কিন্তু হঠাতে প্ৰকাণ্ড বাঁহ গছ জোপা উভালি হেঁচা মাৰি ধৰিলে মহিলা যুৱতী কেইগৰাকীক।  ইয়াৰে তিনি গৰাকী ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে এগৰাকীক সংকটজনক  অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসালয়ত মৃত্যু  হয়। মৃত মহিলা যুৱতী কেইগৰাকী হৈছে মণিকা ধান (১৮) লাবন্য হৰ (১২) এনি কুজুৰ (২৭) আৰু কুৱাৰী বেংৰা (৩৫) ।  ঘটনা সংঘটিত হোৱাৰ লগে লগেই  তীব্ৰ হুৱা দুৱাৰ সৃষ্টি হোৱাত ঘটনা স্থলীত স্থানীয় বহু লোক উপস্থিত হৈ মহিলা কেইগৰাকীক উদ্ধাৰ কৰাৰ চেষ্টা কৰে ।
প্ৰকাণ্ড বাঁহ জোপা কাটি উদ্ধাৰ কৰাৰ চেষ্টা কৰে যদিও ইত্যাদি যথেষ্ঠ সময় লগাত মহিলা কেইগৰাকীয়ে অকাল মৃত্যুক আকোৱালি লয় ।ঘটনাৰসন্দৰ্ভত খবৰ লাভ কৰি টিংখাং, ৰাজগড়, বৰবাম আৰক্ষী উপস্থিত হৈ জেচিবিৰ সহায়তো উদ্ধাৰ অভিযান চলোৱা হয়। এই ঘটনাৰ ফলত সমগ্ৰ টিংখাঙতে শোকাকোল পৰিবেশ সৃষ্টি হৈ থকা সময়তে পুনৰ সন্ধিয়া সাত মান বজাত অহা আন এজাক ধুমুহাত টিংখাঙৰ বাজিপহুমৰা অঞ্চলৰ ৰূপেশ্বৰ কোচ নামৰ যুৱকজনে এখন স্কুটিৰে ঘৰলৈ গৈ থকা সময়তে যুৱকজনৰ  ওচৰত গছ বাগৰি পৰাত যুৱকজনে অকাল মৃত্যুক আকোৱালি লয় । কেৱল ইমানেই নহয় প্ৰকৃতিৰ ৰুদ্ৰ মূৰ্ত্তিত তচনচ হল টিংখাঙৰ বিস্তৃৰ্ণ অঞ্চল। টিংখাঙৰ ১ নং বৰবিল , ২ নং বৰবিল, বাজিপহুমৰা, ১নং নাচনী, ২ নং নাচনী, কেন্দুগুৰীকে ধৰি বিভিন্ন গাঁৱত ঘৰ দুৱাৰ, গছ গছনি ভাঙি চূণ বিছূৰ্ণ হয় । দৈৱক্ৰমে ৰক্ষা পৰে বহু পৰিয়াল । কম বেছি পৰিমাণে আহত হয় বহুজন। দুবছৰৰ পাছত হেপাহেৰে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটো উদযাপন কৰিছিল যদিও প্ৰথম দিনটোতেই কাল ধুমুহাৰ কবলত ম্লান পৰিল ৰঙালীৰ ৰং ।
প্ৰেৰকঃ কৃষ্ণ গগৈ, টিংখাং 
You might also like