নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ত ধোঁৱাচাঙত উঠিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন । চৰকাৰী কামত স্বচ্ছতা অনাৰ বাবে প্রধানমন্ত্রীয়ে সকলো কাম–কাজ ডিজিটেল মাধ্যমত সম্পাদন কৰাত গুৰুত্ব আৰোপ কৰি ডিজিটেল ইণ্ডিয়াৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ত কার্যতঃ প্রহসনত পৰিণত হৈছে ডিজিটেল ব্যৱস্থা ৷ বিশেষকৈ আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ত জাহাজ পুনৰ নির্মাণ আৰু মেৰামতিৰ বাবে আহ্বান কৰা নিবিদাত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ ই–গৱর্নেন্স ইউনিটৰ অফিচ মেম’ৰেণ্ডাম উলংঘা কৰি গুৰুতৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সঞ্চালকালয়ৰ এক সূত্রই জনোৱা মতে, কমিছনৰ অংকত অনলাইনৰ পৰিৱর্তে অফ লাইনত নিবিদা আহ্বান কৰি অফিচ মেম’ৰেণ্ডাম উলংঘা কৰা হৈছে ৷
সূত্রটোৱে জনোৱা মতে, আভ্যন্তৰীণ জলপৰিবহণ সঞ্চালকালয়ে জাহাজ পুনৰ নির্মাণ আৰু মেৰামতিৰ বাবে যোৱা ২১ জানুৱাৰীত দ্য আছাম ট্রিবিউন কাকতত এক বিজ্ঞাপন প্রকাশ কৰি নিবিদা আহ্বান কৰে ৷ মুঠ ৫৯,৪৪,৯৭১ টকাৰ জাহাজ পুনৰ নির্মাণ আৰু মেৰামতিৰ কামৰ বাবে যোগ্য ঠিকাদাৰৰ পৰা নিবিদা আহ্বান কৰে ৷ বিত্ত বিভাগৰ অফিচ মেম’ৰেণ্ডাম অনুসৰি ৫০ লাখ টকাৰ ওপৰৰ কাম হ’লে অনলাইন যোগে নিবিদা আহ্বান কৰিব লাগে ৷ কিন্তু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ে কামৰ মূল্য ৫০ লাখ টকাৰ ওপৰত হোৱা সত্ত্বেও ৰহস্যজনকভাৱে অফ লাইনতহে নিবিদা আহ্বান কৰে ৷ সূত্রটোৱে জনোৱা মতে কমিছনৰ অংকত সঞ্চালকালয়ৰ উপ–সঞ্চালক (আর্হি) তিলক চন্দ্র মহন্তই এই অনিয়ম সংঘটিত কৰে ৷
ইফালে দাখিলৰ ক্ষেত্রতো অনিয়ম হোৱা বুলি অভিযোগ উঠিছে ৷ নিয়ম অনুসৰি বিজ্ঞাপন প্রকাশ পোৱাৰ দিনৰ পৰা নিবিদা দাখিলৰ বাবে প্রায় ১৫ দিন সময় দিব লাগে ৷ কিন্তু সঞ্চালকালয়ে ২৭ জানুৱাৰীৰ দিনৰ ২ বজাৰ ভিতৰত নিবিদা দাখিলৰ সময় বান্ধি মাত্র ৬ দিন সময় দিয়ে ৷ ইয়াৰ মাজতে আকৌ ২৩, ২৫ আৰু ২৬ জানুৱাৰীত ক্রমে নেতাজীৰ জন্ম দিন, চতুর্থ শনিবাৰ আৰু গণৰাজ্য দিৱস উপলক্ষে ৩ দিন চৰকাৰী কার্যালয় বন্ধ থাকে ৷ এনে পৰিস্থিতিত ঠিকাদাৰসকলে মাত্র ৩ দিনৰ ভিতৰত নিবিদা দাখিল কৰিব লগা হয় ৷ উপ–সঞ্চালক তিলক চন্দ্র মহন্তই এনেদৰে বিভাগীয় নিয়ম উলংঘা কৰি নিবিদা আহ্বান কৰাত একাংশ বঞ্চিত থলুৱা ঠিকাদাৰে এই সমগ্র অনিয়মৰ তদন্ত বিচাৰি পৰিবহণ বিভাগৰ আয়ুক্ত সচিব আৰু বিত্ত বিভাগৰ আয়ুক্ত সচিবক অভিযোগ দাখিল কৰিছে ৷ সূত্রটোৱে লগতে জনোৱা মতে, নিবিদা আহ্বানৰ ক্ষেত্রত তিলক চন্দ্র মহন্তই ইয়াৰ পূর্বেও অনিয়ম সংঘটিত কৰিছিল ৷ যাৰ বাবে ২০১৬ চনত মহন্ত এবছৰৰ বাবে চাকৰিৰ পৰা নিলম্বিত হ’ব লগা হৈছিল ৷ উক্ত অনিয়ম সন্দর্ভত বিভাগে মহন্তৰ বিৰুদ্ধে পল্টন বজাৰ থানাত গোচৰ দিছিল ৷