নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতিক প্রতাৰণা প্রমোদ বড়োৰ : দৈমাৰী

তামুলপুৰত বিপিএফৰ নির্বাচন পৰিচালনা সমিতি গঠন

নিয়মীয়া বার্তা, ১৬ মার্চঃ নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি হৈ থাকোঁতে পৃথক বড়ো ৰাজ্য গঠনৰ বাবে অহৰহ সংগ্রাম অব্যাহত ৰখা প্রমোদ বড়োৱে বিটিআৰ চুক্তিৰ জৰিয়তে পৃথক বড়ো ৰাজ্যৰ দাবী বাদ দি বড়ো জাতিক চৰম প্রতাৰণা কৰিলে ৷ – এই ভাষ্য ২৮নং গয়বাৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী চণ্ডী বসুমতাৰীৰ ৷ দেওবাৰে তামুলপুৰ মহকুমাৰ অন্তর্গত ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ নির্বাচন পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে আয়োজিত সভাত দলৰ প্রার্থী চণ্ডী বসুমতাৰীয়ে এই মন্তব্য আগবঢ়ায় ৷ গয়বাৰী ব্লক বিপিএফৰ সভাপতি খাম্ফা ব্রহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বসুমতাৰীয়ে তেওঁৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে ৷ সভাখনত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়েও ভাষণ দিয়ে ৷ বিটিচি গঠন হোৱাৰ পাছত হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিটিএডি অঞ্চলৰ বাবে বিপিএফ দলে কৰা উন্নয়নমূলক কাম–কাজৰ এক খতিয়ান দাঙি ধৰে সাংসদগৰাকীয়ে ৷

সভাত যুৱ বিপিএফৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা বিপিএফৰ সভাপতি আদিত্য সিংহ, সাধাৰণ সম্পাদক উপেন বসুমতাৰী, বিপিএফ নেতা জমিৰুদ্দিন আহমেদ, মৃদুল ব্রহ্ম, জাৰমল ব্রহ্মকে ধৰি কেইবাশ লোক উপস্থিত থাকে ৷ এই সভাতে গোপীনাথ ব্রহ্মক সভাপতি আৰু জমিৰুদ্দিন আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ গয়বাৰী ব্লক বিপিএফৰ নির্বাচন পৰিচালনা সমিতিখন গঠন কৰা হয় ৷ সভাৰ অন্তত সাংবাদিকৰে হোৱা এক আছুতীয়া বার্তালাপত ৰাজ্যসভাৰ সাংসদ দৈমাৰীয়ে কয়– হাগ্রামা মহিলাৰীৰ নেতৃত্বত পুনৰ গঠন হ’ব বিটিচি৷ নির্বাচনত এটা পক্ষই আন এটা বিপৰীত পক্ষক শত্রু বুলি ভাবেই ৷ যদি আমাৰ সন্মুখত কোনোবাই শত্রু হিচাপে থিয় দিয়ে আমিও তেনে দলক শত্রু হিচাপে ভাবিব লাগিব ৷

আগন্তুক বিটিচি নির্বাচনত বিপিএফ দলে কিমান আসন লাভ কৰিব বুলি সোধাত দৈমাৰীয়ে কয় যে ইতিমধ্যে হাগ্রামা মহিলাৰীয়ে নির্বাচনত ৩০খন আসন লাভ কৰি বিপিএফে চৰকাৰ গঠন কৰিব বুলি কৈ আহিছে ৷ বিপিএফ দলৰ যি উন্নয়নমূলক কাম–কাজ তাৰ প্রতি ৰাইজ আকৃষ্ট হৈছে আৰু পুনৰ বিপিএফ দলকেই ৰাইজে ভোট দি পৰিষদ গঠনৰ বাবে সুবিধা প্রদান কৰিব ৷ তেওঁ পুনৰ কয় এতিয়া বিটিচিৰ ওপৰত সকলোৰে চকু ৷ বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই শনিবাৰে ধমধমাত বিজেপিৰ বাবে বিপিএফ প্রধান শত্রু বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া জানিব বিচৰাত দৈমাৰীয়ে কয় – তেওঁ কি প্রসংগত সেয়া কৈছে মই নাজানো ৷ নির্বাচনত এটা পক্ষই আন এটা বিপৰীত পক্ষক শত্রু বুলি ভাবে ৷ যদি আমাৰ সন্মুখত কোনোবাই শত্রু হিচাপে থিয় দিয়ে তেন্তে আমাৰো বন্ধু হিচাপে কোনো কথা নাথাকিব ৷

You might also like