এবিধ সার্বজনীন পতংগ
- নাৰায়ণ বৰুৱা
অবিশ্বাস্য, কিন্তু সত্য৷ আপুনি জানি আচৰিত হ’ব যে সমগ্র বিশ্বত প্রায় দহ কুইণ্টিলিয়ন শ্রেণীৰ কীট–পতংগ আছে৷ জন এবট এজন আমেৰিকান পতংগবিদ৷ জীৱ বিজ্ঞানত বোধহয় তেৱেঁই বিশ্বৰ প্রথম পতংগ গাণনিক৷ তিনি হাজাৰ কীট–পতংগৰ ছবি সন্নিবিষ্ট’Insect Illustration’ নামৰ এখন গ্রন্থ তেওঁ লিখি উলিয়ায়৷ তাতে তেওঁ অদ্ভুত কিছুমান কীট–পতংগৰ ছবি আৰু এইবোৰৰ বর্ণনা দি পতংগ জগতৰ বিস্ময়কৰ কথা উল্লেখ কৰিছে৷ আমাৰ চৌপাশে থকা অসংখ্য কীট–পতংগই এই কথা প্রমাণ কৰে৷ এই কীট–পতংগসমূহৰ মাজৰে এনে কিছুমান পতংগও আছে যাৰ জীৱ–ধাৰণৰ প্রণালী অদ্ভুত, প্রজনন প্রক্রিয়া ৰহস্যময় আৰু খাদ্য গ্রহণৰ প্রক্রিয়াও একে প্রজাতিৰে আনবোৰতকৈ পৃথক৷ কিন্তু এই লেখাত তেনে সকলো পতংগৰ বিষয়ে আলোচনা কৰিব পৰা নহ’ব৷ ইয়াত এনে এবিধ ৰহস্যময় পতংগৰ বিষয়ে আলোচনা কৰিব বিচৰা হৈছে, যি কথা জানি আপুনিও হয়তো আচৰিত হ’ব৷ এই পতংগবিধ হৈছে কুমাৰণী ৷
পোক আৰু পতংগ দুয়োটা একে নহয়৷ পোক হৈছে এনে এবিধ প্রাণী যাৰ জীৱন কেৱল মাটিয়ে–পানীয়ে বগাই অথবা বগুৱা বাই ফুৰোঁতেই অতিবাহিত হয়৷ কিন্তু পতংগই পোক–পৰুৱাতকৈ কিছু উন্নত জীৱন যাপন কৰে৷ যিহেতু পতংগই একে সময়তে বগুৱা বাই ফুৰাৰ উপৰি শূন্যত উৰি দিকবিদিক ঘূৰি ফুৰিব পাৰে৷ অর্থাৎ পতংগ হৈছে এবিধ সৰু উৰণীয়া পোক৷ পতংগৰ দুইৰ পৰা ছখন ঠেং থাকে আৰু আমি আলোচনা কৰিব বিচৰা কুমাৰণীও চাৰিখন ঠেং বিশিষ্ট এবিধ উৰণীয়া প্রাণী৷ কুমাৰণীৰ জীৱন–যাপন আৰু প্রজনন প্রণালী অতি ৰহস্যময়৷ এই পতংগবিধ অসমৰ সকলো ঠাইতে দেখিবলৈ পোৱা যায়৷ দেখাত ক’লা যেন লাগিলেও কুমাৰণীৰ দেহ কেইবাটাও প্রাকৃতিক ৰঙেৰে বোলাই থোৱা হৈছে৷ কুমাৰণী সাধাৰণতে দুইৰ পৰা তিনি চেণ্টিমিটাৰমানহে দীঘল৷ কঁকালটো চিধা৷ অর্থাৎ মূৰ আৰু পেটৰ অংশতকৈ কঁকালটো নিচেই সৰু৷ চকু দুটা মূৰটোৰ সন্মুখত ওপৰলৈ ওলাই থকা৷ চকুৰ ৰং নীল ক’লা৷ পাখি দুখন ক’লা ৰঙচুৱা৷ পেটৰ আৰম্ভণি অংশত এটি হালধীয়া আঙঠি আছে আৰু পেটৰ শেষ অংশ ক’লা৷ গুহ্যদ্বাৰৰ ওপৰফালে এডাল বিষাক্ত শুং থাকে৷ অৱশ্যে এই শুংডাল প্রয়োজন অনুসৰি বিহ অথবা জীৱন সঞ্জীৱনী দিব পৰা কামত ব্যৱহাৰ কৰিব পৰাকৈ সৃষ্টি হোৱা৷ কঁকালৰ ওপৰৰ অংশ, অর্থাৎ কুমাৰণীৰ বুকু অংশত সোঁ আৰু বাঁও উভয়ফালে দুটাকৈ মুঠ চাৰিখন ঠেং থাকে৷ এই ঠেংকেইখনেৰে বোকামাটি আৰু আন কীট–পতংগ ধৰি অনাত সহায়ক হয়৷ কুমাৰণীয়ে উৰি আহোঁতে কোনো শব্দ নকৰে৷ কিন্তু কোনো এঠাইত পৰি বা ৰৈ থাকোঁতে মুখেৰে কুণ কুণকৈ এটি শুৱলা শব্দ উলিয়াই লগৰবোৰক নিজৰ অৱস্থিতিৰ বিষয়ে জনাই থাকে৷ অসমৰ অসংখ্য কীট–পতংগৰ ভিতৰত কুমাৰণী নামটোও অতি শুৱলা আৰু সুন্দৰ নাম৷ এই পতংগবিধৰ কাম–ধান, আকাৰ আৰু ৰহস্যময় প্রজনন প্রক্রিয়ালৈ চাই ক’ব পাৰি যে উচিত নামকে দিয়া হৈছে কুমাৰণী৷ কুমাৰণীৰ মতা–মাইকী আছে যদিও মাইকীজনীৰ প্রত্যয়েৰে কুমাৰণী নামটো দিয়া হোৱাৰ অন্তৰালত এটি লোকবিশ্বাস আছে৷ এই লোকবিশ্বাস মতে কুমাৰে মাটিৰ পাত্র গঢ়ে, পাত্রৰ ৰেহ–ৰূপ কুমাৰণীয়েহে দিয়ে৷ খচা মাটিত হাত থৈ কুমাৰণীয়ে মন্ত্র পঢ়ে– ‘সকলো মাংগলিক কামত মোৰ পাত্র লাগক, মোৰ পাত্রৰ পৱিত্রতা জগতখনে জানক৷’ সঁচা কুমাৰৰ কলহ–টেকেলি পৱিত্র আৰু সকলো মাংগলিক কামতে মাটিৰ পাত্রহে ব্যৱহাৰ হয়৷ গতিকে কুমাৰতকৈ কুমাৰণীহে মহিমাময়ী৷ সেয়ে বোধহয় মানুহে সকলো মাংগলিক কামত মাটিৰ পাত্র ব্যৱহাৰ কৰিহে সন্তুষ্টি লভে৷ এই কুমাৰণীৰ নামেৰেই পাখি লগা এই পতংগবিধৰ নামো কুমাৰণী ৰখা হ’ল৷ কুমাৰণীও এবিধ মন্ত্র গোৱা পতংগ৷ যিহেতু কুমাৰণীয়ে অন্য পোক–পৰুৱাৰ পোৱালি ধৰি আনি নিজৰ বাহত সুমুৱাই মন্ত্র মাতে বুলি এটি জনবিশ্বাস আছে৷ এই বিশ্বাস মতে কুমাৰণীয়ে কয়– ‘মোৰ নিচিনা হ, মোৰ নিচিনা হ…৷’ পিছত বাহটোৰ মুখখন বোকা–মাটিৰে লেপি বন্ধ কৰি পুনৰ মন্ত্র মাটি ক’ৰবালৈ গুচি যায়৷ ৰহস্যজনকভাৱে সেই বাহতে সৃষ্টি হয় কুমাৰণীৰ পোৱালি৷ বাহ বনোৱা কামত মতা কুমাৰণীয়েও সহযোগ কৰে৷ কিন্তু বংশ বিস্তাৰণৰ সমগ্র প্রক্রিয়াত মাইকী কুমাৰণীৰ ভূমিকাহে বেছি৷ সেয়ে এই পতংগবিধক কুমাৰ নুবুলি কুমাৰণী বোলা হয়৷ প্রাণী বিজ্ঞানত কুমাৰণীৰ প্রজনন প্রক্রিয়াৰ বিশ্লেষণ অৱশ্যে কিছু পৃথক৷ এই প্রক্রিয়া মতে বাহ বনোৱা শেষ হ’লে বাহটোৰ ভিতৰত বাদামি ৰঙৰ এবিধ পাতল পদার্থৰে কুমাৰণীয়ে ছয়–সাতটা কোঠালি সাজে৷ প্রতিটো কোঠালিতে দুই–তিনিটাকৈ কণী পাৰে৷ আন পোক–পৰুৱাৰ সৰু পোৱালি, বিশেষকৈ মকৰা পোৱালি ধৰি গুহ্যদ্বাৰৰ লগত থকা শুঙেৰে বিন্ধি পোকৰ পোৱালিবোৰক বেহুচ কৰা হয়৷ পিছত বাহলৈ নি তাক খণ্ড খণ্ডকৈ ছিঙি কণী পৰা প্রতিটো কোঠালিৰ মুখত এটুকুৰাকৈ সংস্থাপন কৰে৷ কুমাৰণীৰ কণী ফুটি পোৱালি ওলালে সেই খণ্ডবোৰ খাই সিহঁত ডাঙৰ হয়৷ পোৱালি ডাঙৰ হ’লে কুমাৰণীয়ে মুখেৰে এটোপ দুটোপ পানী আনি বাহটোৰ মুখত দি পোৱালিবোৰে ভাঙিব পৰাকৈ কোমল কৰি লয়৷ বাহিৰত মাকৰ মাত শুনি কুমাৰণী পোৱালিবোৰে বাহটোৰ মুখ ভাঙি এটা এটাকৈ ওলাই আহে৷ এই কামত মতা কুমাৰণীটোৱেও পার্যমানে সহায় কৰে৷
কুমাৰণী যোৰা পাতি বাস কৰা পতংগ ৷ ইহঁত বৰ শান্তিপ্রিয়৷ দিনটো অকলে অকলে ফুলৰ ৰেণু, পকা ফল আৰু পোক–পৰুৱাৰ পোৱালি চিকাৰ কৰি খাই ঘূৰি ফুৰে৷ জেঠ–আহাৰ মাহ কুমাৰণীৰ প্রজনন কাল৷ এই সময়ছোৱাত ইহঁত বৰ সক্রিয় হৈ পৰে৷ মুখ আৰু ঠেংকেইখনেৰে ঘনে ঘনে বোকামাটি আনি দুই–তিনি চেণ্টিমিটাৰ দীঘল সৰু বাহ এটি বনায়৷ কিন্তু কোনেও কাৰো লগত কাজিয়া–পেছাল নকৰে৷ যিহেতু ইহঁত বৰ নিমাখিত পতংগ৷ সমগ্র বিশ্বতে কুমাৰণীৰ প্রায় ২১টা মান প্রজাতি আছে৷ অসমত ইহঁতৰ ৭টা প্রজাতি আছে বুলি জনা যায়৷ এই প্রজাতিকেইটা হ’ল হালধীয়া বৰল, খুন্দু বৰল, চাকি বৰল, কুণ কুণি বৰল, কুঁহি বৰল, কুমাৰণী আৰু মালী৷ ইয়াৰে তৃতীয়, চতুর্থ, পঞ্চম আৰু ষষ্ঠ প্রজাতিকেইটাই শুকান কাঠ–বাঁহত বিন্ধা কৰি বাহ লয়৷ বাকী তিনিবিধে বোকা–মাটিৰে ঘৰৰ বেৰ, খিৰিকি, দুৱাৰ, গছৰ ডাল আৰু জেওৰা–জপনা, কাঠ–বাঁহৰ খুঁটাত বাহ লোৱা দেখা যায়৷ কুমাৰণী সর্বজনবিদিত প্রাণী৷ জুয়ে পোৰা, গাঁঠি ফুলা আৰু গাঙঠি উঠা ৰোগত কুমাৰণী বাহ ভাঙি আনি মিঠা তেলৰ লগত সানি নির্দিষ্ট ঠাইত লেপি দিলে উপশম পোৱা যায়৷ গতিকে কুমাৰণী বাহ ঔষধি গুণ বিশিষ্ট এবিধ সার্বজনীন বাহ৷ সেয়েহে ক’ব পাৰি যে কুমাৰণী এবিধ সার্বজনীন পতংগ৷