নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় দিনৰ বাবে অৰূপজ্যোতি শইকীয়াক জেৰা

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ শনিবাৰ আৰু সোমবাৰে আই আইটি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক নিয়াই জেৰা চলোৱাৰ পাচত আজি পুনৰ জেৰাৰ অব্যাহত ৰাখিছে অধ্যাপকগৰাকীক । সোমবাৰে পুৱা ১১ বজাৰ পৰা ৪ বজালৈ পাঁচঘণ্টাজোৰা জেৰা চলাইছিল অধ্যাপকগৰাকীক ।

আজি পুৱা ১১ বজাৰ পৰা পুনৰ সোণাপুৰস্থিত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে আইআইটি গুৱাহাটীৰ বুৰঞ্জী বিভাগৰ অধ্যাপকগৰাকীক । উল্লেখ্য যে, ১১ ডিচেম্বৰৰ কেববিৰোধী প্ৰতিবাদৰ সময়ত হিংসাত্মক কাৰ্যত জড়িতৰ অভিযোগত নিয়াই মাৰাথান জেৰা অব্যাহত ৰাখিছে অৰূপজ্যোতি শইকীয়াক ।

You might also like