নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুঃসময়: ৰাজ্যত ঊর্ধ্বমুখী ক’ৰোনা সংক্রমণৰ গ্রাফ

নিয়মীয়া বাৰ্তা, ২১ মেঃ ৰাজ্যখনত ক’ভিড–১৯ৰ সংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল উভতি অহাৰ পিছৰে পৰাই অসমত প্রতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা৷ কালিৰ দিনটোত ৰাজ্যখনত সর্বাধিক এটি দুমহীয়া শিশুসহ ৪২জনকৈ লোক আক্রান্ত হোৱাৰ পিছত বুধবাৰে পুনৰ ২৮জনকৈ লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷

অৱশ্যে বুধবাৰে নতুনকৈ আক্রান্ত হোৱা আটাইকেইগৰাকী লোক কোৱৰেণ্টাইন কেন্দ্রত আছিল৷ ২৮গৰাকীৰ ভিতৰত ২৬ গৰাকীয়েই হৈছে বহিঃৰাজ্যৰ পৰা অহা৷ আক্রান্তসকলৰ মাজত গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ লেবৰেটৰী টেকনিচিয়ান তিলক ডেকাও আছে৷ নুনমাটিৰ বাসিন্দা ডেকা এজন এজমেটিক ৰোগী৷ যোৱা কেইদিনমানৰ পৰা জ্বৰত আক্রান্ত হোৱা ডেকাৰ নমুনা পৰীক্ষাত বুধবাৰে পজিটিভ ওলায়৷ যোৱা ১৬ মে’ত কৰা নমুনা পৰীক্ষাত তেওঁৰ নিগেটিভ ওলাইছিল যদিও আজি পজিটিভ ধৰা পৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে  হোজাইৰ ৮গৰাকী, শোণিতপুৰৰ ২গৰাকী, কামৰূপ (মেট্র’), কামৰূপ, নগাঁৱৰ আৰু কৰিমগঞ্জৰ এগৰাকীকৈ মুঠ ১৪গৰাকী লোক ক’ভিড–১৯ আক্রান্ত হোৱা বুলি প্রকাশ কৰে৷ সেইদৰে নিশাৰ ভাগত নতুনকৈ ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰা আন ১৪গৰাকী লোক হৈছে সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্রত থকা৷

ড০ শর্মাই জানিবলৈ দিয়া মতে, ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা ১৮৫জনলৈ বৃদ্ধি পালে৷ ইয়াৰে ৪৮গৰাকীয়ে ইতিমধ্যে সুস্থ হৈ হাস্পতালৰ পৰা ৰিলিজ লাভ কৰিছে৷ ১৩০গৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ ৪গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ৩গৰাকী বহিঃৰাজ্যৰ হোৱা হেতু তেওঁলোক ইতিমধ্যে নিজ ৰাজ্যলৈ উভতি গৈছে৷ আনহাতে কাছাৰ জিলাৰ উদাৰবন্দৰ কোৱাৰেণ্টাইনত থকা আন ৩জন লোকৰ দেহতো বুধবাৰে ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ তেওঁলোকৰ এই ক’ভিড–১৯ৰ উপস্থিতি পশ্চিমবংগত কৰা ছোৱাব টেষ্টত ধৰা পৰিছে৷ পশ্চিমবংগত তেওঁলোকৰ ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ বাবে অসমৰ তালিকাত সেই সংখ্যা সংযোজিত হোৱা নাই৷

ইফালে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শ্রেণীৰ ছাত্র ডাঃ লিথিকেশক বুধবাৰে ৰিলিজ দিয়া হয়৷ যোৱা ৭ মে’ৰ পৰা চিকিৎসাধীন অৱস্থাত থকা ডাঃ লিথিকেশৰ যোৱা তিনিটা দিনত একেলেথাৰিয়ে কৰা পৰীক্ষাত ক’ভিড–১৯ ৰ নিগেটিভ ৰিপ’ট অহাৰ পৰিপ্রেক্ষিতত তেওঁক ৰিলিজ দিয়া হয়৷ অৱশ্যে তেওঁ ছাত্রাৱাসত থকা হেতু সদ্যহতে অহা এসপ্তাহলৈ তেওঁক হোটেলত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ সেইদৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা যোৰহাটৰ মামু বৰা আৰু পৰীস্মিতা দত্ত কলিতাকো বুধবাৰে হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ তেওঁলোকক অহা ১৪ দিন হোম কোৱাৰেণ্টাইনত থকাৰ পৰামর্শ দিয়া হৈছে৷ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা আন ৪ গৰাকী ক’ভিড–১৯ত আক্রান্ত ৰোগীকো আজি ৰিলিজ দিয়া হয়৷

শেহতীয়া স্বাস্থ্য পৰীক্ষাত তেওঁলোকৰ দেহত ক’ভিড–১৯ৰ নিগেটিভ ৰিপ’ট অহাৰ পৰিপ্রেক্ষিতত তেওঁলোককো ৰিলিজ দিয়া হৈছে৷ শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা আমিৰুন নেছা লস্কৰ, বেবী বেগম, জুলিনা বেগম আৰু চাহাবুদ্দিন বৰলস্কৰক ৰিলিজ দিয়া হয়৷ এই ৪ গৰাকী লোক ৰাজস্থানৰ আজমীৰ শ্বৰীফৰ পৰা অহা ব্যক্তি৷

ইফালে, ৰাজ্যখনত দ্রুতগতিত ক’ভিড–১৯ৰ আক্রান্তৰ সংখ্যা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সোণাপুৰ অসামৰিক চিকিৎসালয় আৰু কালাপাহাৰ চিকিৎসালয়ক অনাগত সময়ত ক’ভিড চিকিৎসালয় হিচাপে সাজু কৰাৰ ব্যৱস্থা কৰিছে বুলি মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ জানিব পৰা মতে, সোণাপুৰ অসামৰিক চিকিৎসালয়ত ৮০জন আৰু কালাপাহাৰ চিকিৎসালয়ত ১২০জন ব্যক্তিক ৰাখিব পৰাৰ ব্যৱস্থা কৰিব৷ এই সম্পর্কত স্বাস্থ্য বিভাগক খৰতকীয়া ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷

You might also like