নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয়বাৰৰ বাবে অৰূপজ্যোতি শইকীয়াক জেৰা কৰিব নিয়াই

নিয়মীয়া বাৰ্তা,৩ ফেব্ৰুৱাৰীঃ আই আই টি গুৱাহাটীৰ ইতিহাস বিভাগৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক আজি দ্বিতীয়বাৰৰ বাবে জেৰা চলাব নিয়াই । শনিবাৰে অধ্যাপকজনক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই চাৰিঘণ্টাজোৰা জেৰা চলোৱাৰ পাচত আজি পুনৰ সোণাপুৰৰ এন আই এ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে অধ্যাপকজনক ।

উল্লেখ্য যে, কাবিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক পৰিৱেশ ৰচনা কৰাৰ অভিযোগত অধ্যাপকজনক মাৰাথান জেৰা অব্যাহত ৰাখিছে নিয়াই । মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৭ ডিচেম্বৰ তাৰিখে সম্বোধন কৰা সংবাদমেলত কা আন্দোলনৰ হিংসাত্মক প্ৰতিবাদ সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ এক সংস্থাৰ অধীনস্থ এজন ব্যক্তি জড়িত বুলি উল্লেখ কৰিছিল । কোনো ব্যক্তিৰ নাম উল্লেখ নকৰাকৈ শিক্ষাৰ ক্ষেত্ৰত জড়িত ব্যক্তিজনে বিশেষকৈ দিছপুৰৰ প্ৰতিবাদৰ আঁৰত হিংসা বিয়পোৱাৰ প্ৰমাণ পোৱা বুলি সংবাদমেলত স্পষ্ট কৰিছিল ।

You might also like