নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণত জড়িত বিজেপি যুৱ মৰ্চাৰ সদস্যক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন হৈছে বিজেপি যুৱ মৰ্চাৰ সদস্য দেৱজিৎ হাজৰিকা । উল্লেখ্য যে ১১ ডিচেম্বৰত কা’ বিৰোধী আন্দোলনকাৰীয়ে আক্ৰমণ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত ।

এই আক্ৰমণত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দেওবাৰে নিশা নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে বিজেপি যুৱ মৰ্চাৰ সদস্য দেৱজিৎ হাজৰিকাক ।

You might also like