নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত কৃষিমন্ত্ৰীৰ কনভয়ৰ খুন্দাত এজনৰ মৃত্যুঃ আহত চাৰি আৰক্ষীও

বিশেষ বাৰ্তা, ১৯ জুনঃ কৃষিমন্ত্ৰী অতুল বৰাৰ কনভয়ৰ খুন্দাত নিহত এক ৷ নিহত লোকজনৰ নাম হৈছে মানস প্ৰতিম দাস (৩২) ৷ নগাঁৱৰ চামগুৰি হায়াৰ চেকেণ্ডেৰীৰ ওচৰত দুপৰ ভাগত কনভয়ৰ গাড়ীৰ খুন্দাত আহত হৈছিল মানস ৷ জানিব পৰা মতে কনভয়টো গুৱাহাটীৰ পৰা কলিয়াবৰলৈ আহি আছিল ৷ এ এছ ২৫ ই চি ২০৯৩ নম্বৰৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই মানস প্ৰতিমক খুন্দা মাৰি পথৰ কাষত বাগৰি পৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় মানস ৷ লগে লগে নগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও যুবকজনৰ মৃত্যু হয় ৷ দুৰ্ঘটনাটোত কনভয়টোত থকা চাৰিজন আৰক্ষী কনিষ্টবলো আহত হয় ৷ আহতকেইজনৰ নাম হৈছে ভবেশ দাস, দীপক ৰাভা, নুৰিমন আলী আৰু কল্যাণ পাঠক ৷

প্ৰেৰক কনক হাজৰিকা

You might also like