নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: অসমৰ প্ৰতিখন চাহ বাগিচাত কাৰখানা আইন ১৯৪৮, বাগিচা বনুৱা আইন ১৯৫১ৰ বিধি সমূহ শীঘ্ৰে কাৰ্যকৰী কৰা, মইনা নায়কক অসম চৰকাৰৰ শ্ৰম বিভাগে নিৰ্দ্ধাৰিত কৰা ক্ষতিপূৰন শীঘ্ৰে প্ৰদানৰ ব্যবস্থা কৰা, লেপেটকটা চাহবাগিচাৰ প্ৰধান পৰিচালক আৰু কাৰখানা পৰিচালকক তদন্তৰ আওতালৈ আনি দুয়োগৰাকী পৰিচালকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ শাস্তি বিহাৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলা কাৰখানা কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে । সন্থাৰ সদস্য সকলে বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। এই আইন দুখন বলবৎ হৈ থকাৰ পিছতো শ্ৰম বিভাগৰ বিষয়াৰ হেমাহি আৰু চাহ বাগিচাৰ মালিক আৰু পৰিচালকৰ গাফিলটিৰ বাবেই চাহবাগিচা আৰু কাৰখানাত কৰ্মৰত চাহ শ্ৰমিক সকলৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু অনিশ্চয়তা নামি আহিছে বুলি সন্থাই অভিযোগ কৰে। সন্থাই চৰকাৰক আইন দুখন শক্তিশালী ভাবে কাৰ্যকৰী কৰাৰ ব্যবস্থা লবলৈ দাবী জনাই। সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ নায়ক আৰু সম্পাদক ধীৰাজ নায়কৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ এই সন্দৰ্ভত মূখ্যমন্ত্ৰীলৈ প্ৰেৰন কৰে।

You might also like